নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলুকা ভাস্কর্যৰে তৰুণ গগৈলৈ শ্রদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ ৰাজ্যখনৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দেহাৱসানৰ পিছতে বিচক্ষণ ৰাজনীতিবিদ তথা প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ স্মৃতিত সশ্রদ্ধ প্রণিপাত জনাই ঢেকীয়াজুলিৰ গাভৰু নৈৰ বালিচৰত বলুকা ভাস্কর্যৰে মহান নেতাগৰাকীৰ প্রতিকৃতি নির্মাণ কৰি মহান ৰাজনৈতিক নেতাগৰাকীলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ঢেকীয়াজুলিৰ বলুকা শিল্পী তথা শিক্ষক ৰঞ্জন শইকীয়াই৷

 শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ গাভৰু নৈৰ বালিচৰত লোকনায়ক অমিয় কুমাৰ দাস আদর্শ প্রাথমিক বিদ্যালয়ৰ শিক্ষক তথা বলুকা শিল্পী ৰঞ্জন শইকীয়াই বলুকা ভাস্কর্যৰ জৰিয়তে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ প্রতিকৃতি নির্মাণ কৰি,বলুকা ভাস্কর্যত ‘চিৰবিদায় হে মহীৰূহ’ শীর্ষক শ্লোগান লিপিবদ্ধ কৰি অসমৰ ৰাজনৈতিক জগতৰ পিতামহস্বৰূপ, দিগ্গজ নেতাগৰাকীলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি গভীৰ শোক প্রকাশ কৰাৰ কথা সংবাদ মাধ্যমত জনায় বলুকা শিল্পী ৰঞ্জন শইকীয়াই৷

অসমৰ ৰাজনৈতিক ক্ষেত্রৰ অতি জনপ্রিয় নেতা তথা অন্যতম মহীৰূহ তৰুণ গগৈলৈ ঢেকীয়াজুলিৰ গাভৰু নৈৰ বালিচৰৰ পৰা বলুকা ভাস্কর্যৰ মাধ্যমেৰে গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা ব্যতিক্রমী পদক্ষেপত শিল্পীগৰাকীক বলুকা ভাস্কর্য নির্মাণত সহযোগিতা আগবঢ়ায় শিল্পীগৰাকীৰ সহকর্মী শিক্ষক পৰেশ নাথ, ৰঞ্জন দাহাল, যীচু হাজৰিকা, ঘনশ্যাম নেপাল আৰু শিল্পীপ্রাণ যুৱক কুলেশ দাসৰ লগতে যুগল নাথে৷

You might also like