নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত শ্রীমন্ত শংকৰদেৱ নামঘৰৰ প্রতিষ্ঠা দিৱসত বন্তি প্রজ্বলন ৰিণিকি ভূঞা শর্মাৰ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ বস্ত্রনগৰী শুৱালকুছি ৰাজগড়ৰ শ্রীমন্ত শংকৰদেৱৰ নামঘৰৰ পঞ্চম বার্ষিক প্রতিষ্ঠা দিৱস মঙলবাৰৰে পৰা দুদিনীয়াকৈ কার্যসূচীৰে অনুষ্ঠিত হয়৷ মঙলবাৰে পুৱা ৯ বজাত আই মাতৃৰ নাম–প্রসংগ অনুষ্ঠিত হয়৷ ১০ বজাত নগেন ভৰালীয়ে বন্তি প্রজ্বলন কৰাৰ পিছতে ১০.৩০ বজাত গছপুলি ৰোপণ কৰে ক্রমে প্রশান্ত ভৰালী, অনিল দাস, দুলু দাস আৰু ৰত্ন ৰাজবংশীয়ে৷ সন্ধিয়া অনুষ্ঠিত ভাগৱত শোভাযাত্রাত অগণন ধর্মপ্রাণ লোকে অংশগ্রহণ কৰি হৰিনামৰ ধ্বনিৰে শুৱালকুছিৰ আকাশ–বতাহ মুখৰ কৰি তোলে৷

সম্পূর্ণ অসমীয়া সাজ পৰিধান কৰি ডিঙিত গামোচা লৈ নামত অংশগ্রহণ কৰা পুৰুষ–মহিলা সকলোৱে কীর্তন ঘোষাৰ নাম গাই গাই ৰাজপথেৰে ভাগৱত লৈ শোভাযাত্রা কৰে৷ কালি পুৱা ৮.৩০ বজাত পতাকা উত্তোলন কৰে প্রতিষ্ঠাপক সভাপতি উদিত ভৰালীয়ে৷ প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে দেৱজানী চৌধুৰী, লক্ষী দাস, বিমলা দাস আৰু মিনতি দাসে৷ ১০ বজাত বন্তি প্রজ্বলন কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চি এম ডি ৰিণিকি ভূঞা শর্মাই৷

বন্তি প্রজ্বলন কৰি ৰিণিকি ভূঞা শর্মাই চমু বক্তব্যত কয় যে এক শৰণ হৰিনাম ধর্মৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱে সমাজত শান্তি প্রতিষ্ঠা কৰাৰ চিন্তা কৰিছিল৷ সত্রৰ ভকত–বৈষ্ণৱৰ জৰিয়তে মহাপুৰুষ জনাই সমাজলৈ শান্তিৰ বার্তা প্রেৰণ কৰিছিল৷ আজিৰ সমাজখনতো যাতে শান্তিৰ বাতাৱৰণ বর্তি থাকে তাৰ বাবে গুৰুজনাৰ আদর্শৰে যুৱ প্রজন্মক অনুপ্রাণিত হ’বলৈ তেওঁ আহ্বান জনায়৷

You might also like