নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত জব্দ চোৰাং গৰুভৰ্তি ট্ৰাক

ট্ৰাকখনৰ পৰা  আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে ৩৫টাকৈ চোৰাং গৰু

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। আজি পুৱা জাগীৰোডৰ পলাহগুৰিত জব্দ হৈছে চোৰাং গৰুভৰ্তি এখন ট্ৰাক।

ৰূপহীৰ পৰা বৰ্ণিহাটলৈ সৰবৰাহ কৰি থকা সময়তে এক গোপন তথ্যৰ ভিত্তিত জাগীৰোড আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ট্ৰাকখন। ট্ৰাকখনৰ পৰা  আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে ৩৫টাকৈ চোৰাং গৰু।

আৰক্ষীৰ অভিযানৰ সময়ত ছেগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালক। AS-01-TC-8355 নম্বৰৰ বাহনখনৰ হেল্পাৰ নগাঁও ৰূপহীৰ জয়উদ্দিনক আটক কৰিবলৈ সক্ষম হয় জাগীৰোড আৰক্ষীয়ে।

ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ

You might also like