আৰক্ষীয়ে উৎখাত কৰিলে অবৈধ মাদ্ৰাছা, কিন্তু কিয়?
মাদ্ৰাছাৰ বৈধতাৰ প্ৰমাণপত্ৰ দেখুওৱা নোৱাৰাত শিক্ষক ছাইফুল ইছলামক আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে মাদ্ৰাছাত থকা কিশোৰ আৰু শিক্ষকৰ মবাইলত অশ্লীল ভিডিঅ উদ্ধাৰ কৰে
লাহৰীঘাটত আৰক্ষীয়ে উৎখাত কৰিলে এখন অবৈধ মাদ্ৰাছা। উৎখাত কৰা অবৈধ মাদ্ৰাছাখন টেঙাগুৰি (জুগুনী বিল)ত স্থানীয় ৰাইজৰ অজ্ঞাতে দুই এজনে চলাই আছিল।
নিশা লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক ড০ দিগন্ত বৰুৱাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দল জুগুনী বিলত উপস্থিত হোৱাৰ লগে লগে মাদ্ৰাছাত থকা ১৫টা শিশু কিশোৰে দৌৰি পলায়ন কৰিব বিচাৰিছিল যদিও স্থানীয় ৰাইজৰ সহযোগত শিশু কিশোৰকেইটাক উদ্ধাৰ কৰে।
মাদ্ৰাছাৰ বৈধতাৰ প্ৰমাণপত্ৰ দেখুওৱা নোৱাৰাত শিক্ষক ছাইফুল ইছলামক আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে মাদ্ৰাছাত থকা কিশোৰ আৰু শিক্ষকৰ মবাইলত অশ্লীল ভিডিঅ উদ্ধাৰ কৰে।
মাদ্ৰাছাত থকা কিশোৰ শিশুসকল কেইবাখনো জিলাৰ আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে উদ্ধাৰ কৰা শিশু কিশোৰকেইটাক চাইল্ড লাইনত দিয়াৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। অবৈধ মাদ্ৰাছা উৎখাত কৰাত স্থানীয় ৰাইজে আৰক্ষীক ধন্যবাদ জনায়।
ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ