নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নগৰবেৰাত দুই অভিযুক্তৰ ৰাজহুৱা ফাঁ*চি

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম কামৰূপ আঞ্চলিক সমিতিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সতে জড়িত থকাৰ অভিযোগত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুত্তলিকা সাজি  ৰাজহুৱা ফাঁচি দিয়াৰ উপৰি ন্যায় ক্ষীপ্ৰকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।

মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযোগত বৰ্তমান ন্যায়িক জিম্মাত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেবাজনকৈ অভিযুক্ত। বৃহস্পতিবাৰে দোষীৰ ফাঁচিৰ দাবীত সংগঠনটোয়ে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুত্তলিকা সাজি ফাঁচি লগাই ওলোমাই থয় ৰাজপথত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগৰবেৰা বাছ আস্থানত সংগঠনটিয়ে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্য্যসূচী।

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়ক, জুবিনদাক ন্যায় দিয়ক আদি বিভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। আদালতত গোচৰ চলি থকা আৰু তদন্ত অব্যাহত থপাৰ মাজতেই ৰাইজৰ আদালতত দুয়োকে দোষী সাব্যস্ত কৰি মূল অভিযুক্ত দুয়োৰে প্ৰতিকৃতিক ফাঁচী দিয়া হয় বুলি জনায় সংগঠনটোৰ কৰ্মকৰ্তাসকলে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৪ অক্টোবৰ

You might also like