ছমৰীয়াৰ জোৰশিমুলীত মেগা স্বাস্থ্য শিবিৰ সম্পন্ন
স্বাস্থ্য শিৱিৰৰ জৰিয়তে ভিতৰুৱা অঞ্চলৰ ৰোগী উপকৃত হ'ব-কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত জোৰশিমূলী হাইস্কুল প্ৰাংগণত স্বাস্থ্য বিভাগৰ উদ্যোগত মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়৷ কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ফিতাকাটি স্বাস্থ্য শিবিৰ মুকলি কৰে৷
ইয়াৰ পিছত জিলা আয়ুক্ত আৰু বিধায়কগৰাকীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়৷ শশংক ভৱানীয়ে আঁত ধৰা সভাৰ প্ৰাৰম্ভিত জাতীয় সংগীত পৰিবেশন কৰা হয়৷ আদৰণি ভাষণ প্ৰদান কৰে মেগা স্বাস্থ্য শিবিৰৰ নডেল বিষয়া ডাঃ দীপক দাসে৷
মেগা স্বাস্থ্য শিৱিৰৰ মুকলি সভাত উপস্থিত থাকি কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ কয় যে চৰকাৰৰ আচঁনি অনুসৰি প্ৰতিটো সমষ্টিৰ ভিতৰুৱা অঞ্চলৰ ৰোগী সকলক চিকিৎসা সেৱা আগবঢ়াব পৰা যায় আৰু ৰোগী সকলক চিনাক্ত কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰা হ’ব।তদুপৰি যি সকল ৰোগীক ৰেফাৰ কৰিবলগীয়া হয় সেই সকলক পঞ্জীয়ণ অনলাইন পঞ্জীয়ন কৰি পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু আন চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা প্ৰথান কৰা হ’ব।

এনেকুৱা শিৱিৰ ১২৬টা সমষ্টিত ক্ৰমানুৱে অনুষ্ঠিত হৈ আছে।মুকলি সভাত কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, গৰৈমাৰী আৰু ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয়ৰ উপৰি স্বাস্থ্য বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়াৰ লগতে গৰৈমাৰী জিলা পৰিষদৰ সদস্যা আছমিনা হক চৌধুৰী, ১নং মাহতলী জিলা পৰিষদৰ সদস্য ছুলেমান আলী, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য দিলোৱাৰ হাছিনৰ উপৰি ছমৰীয়া সমষ্টিৰ পঞ্চায়ত প্ৰতিনিধিসকল অংশগ্ৰহণ কৰে৷
উল্লেখ্য যে স্বাস্থ্য শিবিৰত শূন্যৰ পৰা ১৮ বছৰৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ লগতে বিনামূলীয়াকৈ হৃদযন্ত্ৰৰ ৰোগ, শিশুৰ বিভিন্ন ধৰণৰ ৰোগ, স্ত্ৰী ৰোগ, চকু ৰোগ আৰু সকলো প্ৰকাৰৰ সাধাৰণ ৰোগৰ চিকিৎসা আগবঢ়োৱা হয়৷সমষ্টিটোৰ চিমিনা-ফুতুৰীৰ পৰা নগৰবেৰালৈ বৃহত্তৰ অঞ্চলৰ ৰোগী সকলক অনা নিয়াৰ বাবে সকলো বাছ আস্থানত বিনামুলীয়া সৰু বৰ গাড়ীৰ ব্যৱস্থা কৰে।
স্বাস্থ্য শিবিৰত ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ কৰি বিনামূলীয়াকৈ ঔষধো যোগান ধৰা হয়৷ মেঘা স্বাস্ব্য শিৱিৰত চিকিৎসক,স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মী,নাৰ্ছ,আশাকৰ্মী সভাৰ অন্তত চিকিৎসক ডাঃ চিন্ময় দাসে শলাগৰ শৰাই যাচে৷ সৰ্বশেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়৷
নিয়মীয়া বাৰ্তা, সোণতলী, ২৪ অক্টোবৰ