নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাকী পোছাকত পুনৰ দাগঃ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল মৰিগাঁও সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ সৰিয়হৰ ডুলিতে ভূত। অসম আৰক্ষীৰ খাকী পোছাকত পুনৰ কলংকৰ দাগ সানি দুৰ্নীতি নিবাৰক শাখাৰ এক অভিযানত মৰিগাঁও সদৰ থানাৰ ভিতৰতে গ্ৰেপ্তাৰ হ’ল মৰিগাঁও সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক পংকজ বৰা।

উল্লেখ্য আজি বিয়লি প্ৰায় ৪ বজাত গুৱাহাটীৰ পৰা যোৱা দুৰ্নীতি নিবাৰক শাখাৰ এটা অভিযান কাৰী গোটে জনিৰাম বৰদলৈ নামৰ এজন ব্যক্তিৰ পৰা এটা গোচৰ সংক্ৰান্তত ৪ হাজাৰ টকা ঘোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে বৰাক। জানিব পৰা মতে, জনিৰাম বৰদলৈয়ে আজিৰ পৰা এমাহ পূৰ্বে পত্নীৰ নিৰুদ্দেশ  সম্পৰ্কীয় এক গোচৰ তৰিছিল।

উক্ত গোচৰৰ অনুসন্ধান বাবদ এ এছ আই পংকজ বৰাই দিনা হাজিৰা কৰা জনিৰাম বৰদলৈৰ পৰা ১০ হাজাৰ টকা দাবী কৰে বুলি অভিযোগ কৰিছে ব্যক্তিজনে। ইতিমধ্যে ধাৰ-ঋণ কৰি ৫ হাজাৰ টকা আদায় দিয়ে আৰক্ষী বিষয়াজনক। কিন্তু তাৰ পিছতো গোচৰৰ অনুসন্ধানৰ সলনি বাকী ধন আদায় কৰাত অধিক গুৰুত্ব দিয়াৰ বাবে বিবুধিত পৰা জনিৰামে গুৱাহাটীস্থিত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে।

তাৰ পিছতে আজি পৰিকল্পনা অনুসৰি পুৱা ৯ বজাত মৰিগাঁওত উপস্থিত হয় দুৰ্নীতি নিবাৰকৰ এটা বৃহৎ দল। অৱশেষত বিয়লি ৪ বজাত ধন লোৱা অৱস্থাতে মৰিগাঁও সদৰ থানাৰ ভিতৰত দুৰ্নীতি নিবাৰকৰ বিষয়াৰ দলটোৱে গ্ৰেপ্তাৰ কৰে পংকজ বৰাক। ধৃত ঘোচখোৰ আৰক্ষী বিষয়াজনৰ পৰা ঘোচৰ ধন ৪ হাজাৰ আৰু অসমৰ্থিত উৎসৰ ২০ হাজাৰ টকা উদ্ধাৰ কৰে। অৱশ্যে উক্ত ২০ হাজাৰ টকা সম্পৰ্কত অভিযানকাৰী দলে বিশেষ বক্তব্য দিয়া নাই।

You might also like