নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই যুৱক

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিছাকুপি চাহ বাগিচাৰ সমীপত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুই ২৮ বছৰীয়া যুৱক।

নিশা প্ৰায় ৯ বজাত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। জানিব পৰা মতে, বাইকেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত দুই যুৱকক ডুমডুমা ফিল’বাৰী আৰ্মী কেম্পৰ সমীপৰ বাসিন্দা ৰাজীৱ টপ্ আৰু এন্থনি চনা বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই মৃতদেহ দুটা তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে, এই শোকাৱহ পথ দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া জানিবলৈ ডুমডুমা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ১৪ মে’

You might also like