নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জখলাবন্ধা-ত বনৰীয়া ম’হৰ আক্ৰমণত আহত মহিলা

চিৰাং চাহ বাগিচাত কাম কৰিবৰ বাবে ঘৰৰ পৰা ওলাই গৈ থকাৰ সময়তে হঠাতে হাবিয়নিৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া মহে আক্ৰমণ কৰে

কলিয়াবৰৰ জখলাবন্ধা থানা এলেকাৰ দেওচোৰ চাঙত বনৰীয়া ম’হৰ আক্ৰমণত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে। আহত মহিলাগৰাকীৰ নাম ৰীণা ৰায়।

চিৰাং চাহ বাগিচাত কাম কৰিবৰ বাবে ঘৰৰ পৰা ওলাই গৈ থকাৰ সময়তে হঠাতে হাবিয়নিৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া মহে আক্ৰমণ কৰে।

স্থানীয় লোকে ততাতৈয়াকৈ মহিলাগৰাকীক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰায়। পিছত উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণৰ ব‍্যৱস্থা কৰিছে।

ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ

You might also like