নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি মাহৰ ভিতৰত সম্পূর্ণ হ’ব শিক্ষক নিযুক্তি প্রক্রিয়া

সৰভোগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ বঙাইগাঁৱত কেবিনেট বৈঠক সমাপ্ত হোৱাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু বৃগস্পতিবাৰে বৰপেটা জিলাৰ সৰভোগত উপস্থিত হয়৷ পুৱা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰূপসী প্রাথমিক শিক্ষা খণ্ডৰ অন্তর্গত সৰভোগৰ ১২৫নং চকাবাউসী প্রাথমিক বিদ্যালয়খন পৰিদর্শন কৰে৷ শিক্ষামন্ত্রী ৰণোজ পেগুৱে বিদ্যালয়খন পৰিদর্শন কৰি বিদ্যালয়ৰ গৃহ নির্মাণ, আন্তঃগাঁথনিৰ লগতে বিভিন্ন দিশৰ বুজ লয়৷ ইয়াৰ পাছত মন্ত্রীগৰাকীয়ে বিদ্যালয়ৰ শিক্ষক আৰু ছাত্র–ছাত্রীৰ লগত শৈক্ষিক দিশত মত বিনিময় কৰে৷ পাছত শিক্ষামন্ত্রী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে নতুন শিক্ষা নীতিৰ আগতে থকা +১২ৰ ঠাইত নতুন শিক্ষা নীতি অনুসৰি প্রাক প্রাথমিকৰ পৰা দ্বাদশ শ্রেণীলৈকে শ্রেণীসমূহ পুনৰ বিন্যাস কৰা হ’ব৷ এই পুনৰ বিন্যাস সম্পর্কে বঙাইগাঁও কেবিনেটত সিদ্ধান্ত লোৱা হৈছে৷

মহাবিদ্যালয়সমূহত থকা একাদশ আৰু দ্বাদশ শ্রেণীসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অনাৰ ব্যৱস্থা কৰা হ’ব৷ লগতে শিক্ষামন্ত্রীগৰাকীয়ে ২০২২ চনৰ মার্চৰ ভিতৰত খালী হৈ থকা পদত নতুন শিক্ষকৰ নিযুক্তি সম্পন্ন হ’ব বুলি জানিবলৈ দিয়ে৷ আজিৰ বিদ্যালয় পৰিদর্শনৰ সময়ত শিক্ষামন্ত্রী ৰণোজ পেগুৰ লগত জিলা উপায়ুুুক্ত তেজপ্রসাদ ভুচাল, অতিৰিক্ত জিলা উপায়ুুুক্ত তথা জিলা মিছন সমন্বয়ক লখিমী দত্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মা, জিলা প্রাথমিক শিক্ষা বিষয়া মনোৰঞ্জন কাকতি, বৰনগৰ ৰাজহ চক্র বিষয়া পার্থপ্রতিম খনিকৰ, চকচকা খণ্ডৰ উন্নয়ন বিষয়া বিপুল ডেকা, ৰূপসী খণ্ড প্রাথমিক শিক্ষা বিষয়া প্রদীপ কুমাৰ দাসৰ লগতে কেইবাগৰাকী শিক্ষা বিভাগৰ বিষয়া উপস্থিত থাকে৷ ইয়াৰ পাছতে শিক্ষামন্ত্রীগৰাকীয়ে সৰভোগৰ সমূহীয়া স্বাস্থ্যকেন্দ্রটো পৰিদর্শন কৰে৷ মন্ত্রীগৰাকীয়ে স্বাস্থ্যকেন্দ্রটো পৰিদর্শন কৰি চিকিৎসকৰ পৰা ক’ভিড ভেকচিন সন্দর্ভত বুজ লয়৷ তাৰ পাছতে শিক্ষামন্ত্রীগৰাকীয়ে ২১নং উত্তৰ নিজ দমকা অংগনৱাড়ী কেন্দ্রটো পৰিদর্শন কৰে৷

You might also like