নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাৰ চৰকাৰে দিছপুৰৰ কোঠাত বহি বিষয়াৰ ৰিপ’ৰ্ট মতে কাম নকৰে

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ জিলাই জিলাই কেবিনেট বৈঠক অনুষ্ঠিত কৰাক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ প্রত্যুত্তৰ দি  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বর্তমানৰ চৰকাৰে দিছপুৰৰ কোঠাত বহি বিষয়াৰ ৰিপ’ট মতে কাম নকৰে৷ আজি বঙাইগাঁৱত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জনতাই হৈছে চৰকাৰৰ প্রাণ৷ কিন্তু জনতাৰ পৰা আঁতৰি থাকি মন্ত্রীয়ে দিছপুৰত বন্ধ কোঠাত আবদ্ধ থাকি বিষয়া–আমোলাৰ ৰিপ’টৰ ওপৰত ভিত্তি কৰি চৰকাৰ চলোৱাৰ কাৰো অধিকাৰ নাই৷ চৰকাৰ ৰাইজৰ মাজত থাকিবই লাগিব৷ চৰকাৰখন কেৱল ৰাইজৰ মাজত আহিলেই নহ’ব৷ ৰাইজৰ মাজত নিশাও থাকিব লাগিব৷ মন্ত্রীসকল পুৱা আহি গধূলি উভতি গ’লে ৰাইজৰ সমস্যাৰ বিষয়ে উপলব্ধি কৰিব নোৱাৰে৷ বর্তমানৰ চৰকাৰে প্রথমবাৰৰ বাবে দিছপুৰৰ পৰা চৰকাৰখন জিলা সদৰলৈ অনাৰ প্রয়াস কৰিছে৷ কেবিনেট কেৱল জিলা সদৰতে নহয়, তেওঁ গাঁৱলৈ নিয়াৰো পোষকতা কৰে৷ কাৰণ গাঁৱৰ মানুহৰ ভোট আৰু চহৰৰ ভোটেৰে চৰকাৰ হৈছে৷ চহৰ অঞ্চলতকৈ গাঁওবাসীৰ সমস্যা অধিক৷ বর্তমানৰ চৰকাৰে ৰাইজৰ মাজত থাকি চৰকাৰ চলাব বিচাৰে৷ এইখন চৰকাৰ জনতাৰ মাজত থাকিব৷ ভুল হ’লে চৰকাৰে ক্ষমা খুজিব৷ আৰু শুদ্ধ হ’লে ৰাইজৰ লগত আনন্দ কৰিব৷

বৃহস্পতিবাৰে  পুৱা ৯ বজাত মুখ্যমন্ত্রী ড০ শর্মাই বঙাইগাঁও জিলা অগপৰ কার্যালয়ত উপস্থিত হৈ দলৰ নেতা–কর্মীসকলৰ সৈতে মত বিনিময় কৰে৷ অগপ নেতা–কর্মীসকলে মুখ্যমন্ত্রী ড০ শর্মাক উষ্ম আদৰণি জনায়৷ মুখ্যমন্ত্রীৰ সৈতে মন্ত্রী পীয়ূষ হাজৰিকা, বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, প্রাক্তন বিধায়ক ভূপেন ৰায়ো উপস্থিত থাকে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মা মাজগাঁৱত প্রস্তাৱিত বঙাইগাঁও মেডিকেল কলেজৰ ভূমিৰ লগতে সন্ন্যাসী পাহাৰত ইঞ্জিনীয়াৰিং কলেজৰ ভূমি পৰিদর্শন কৰে৷ আনহাতে, কালি অনুষ্ঠিত কেবিনেটে বঙাইগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্তই জিলাখনৰ দীর্ঘদিনীয়া সপোন এটা পূৰ কৰিলে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বঙাইগাঁৱত ইঞ্জিনীয়াৰিং কলেজ স্থাপনৰ লগতে ৫৫০ কোটি টকা ব্যয় সাপেক্ষে মেডিকেল কলেজ স্থাপনৰ সিদ্ধান্তই অঞ্চলটোৰ বাবে সুখবৰ৷ সেইদৰে কেবিনেটে বঙাইগাঁৱৰ উপায়ুক্তৰ কার্যালয় আৰু বঙাইগাঁও ষ্টেডিয়ামৰ বাবে ক্রমে ৫০ কোটি আৰু ২৫ কোটি টকা আবণ্টনৰ সিদ্ধান্ত গ্রহণৰ বিষয়ে উল্লেখ কৰে৷ বঙাইগাঁও কলেজৰ সন্মুখত থকা ৱাকিং জ’ন ৩০০ মিটাৰৰ পৰা সম্প্রসাৰণ কৰা হ’ব বুলিও প্রকাশ কৰে৷ বঙাইগাঁৱত কেবিনেট অনুষ্ঠিত কৰাৰ সময়ত বঙাইগাঁওবাসীয়ে দিয়া আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমীয়া সমাজৰ আতিথ্যপৰায়ণতাৰ ধর্ম বঙাইগাঁওবাসীয়ে সুন্দৰভাৱে পালন কৰিছে৷ সেইদৰে কালিৰ কেবিনেটে সত্রসমূহৰ বেদখলীকৃত ভূমিৰ পৰিমাণ নিৰূপণৰ বাবে প্রাক্তন মন্ত্রী, বিধায়ক প্রদীপ হাজৰিকাৰ অধ্যক্ষতাত তিনিজনীয়া সমিতি গঠনৰ সিদ্ধান্ত গুৰুত্বপূর্ণ পদক্ষেপ বুলি উল্লেখ কৰে৷ সেইদৰে চৰকাৰী কর্মচাৰীক অহা জানুৱাৰী মাহত ঘোষণা কৰা বিশেষ ছুটীৰ প্রসংগ উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় জনতা দলৰ সংস্কাৰৰ মূলতেই হৈছে আদর্শ পৰিয়াল৷ আদর্শ পৰিয়াল জীয়াই থকালৈকে ভাৰতীয় সভ্যতা জীয়াই থকাটো নিশ্চিত৷ ভাৰতীয় সভ্যতা–সংস্কৃতিয়ে পিতৃ–মাতৃক সন্মান আৰু সেৱা জনাই আহিছে৷ অহা ৬ আৰু ৭ জানুৱাৰীত চৰকাৰী কর্মচাৰীসকলক বিশেষ ছুটী ঘোষণা কৰি একেলগে চাৰিটা দিন নিজৰ পিতৃ–মাতৃ, শহুৰ–শাহুৱেকক শুশ্রূষা কৰাৰ সুযোগ প্রদান কৰা হৈছে৷ ইয়াৰ জৰিয়তে মা–দেউতাৰ প্রতি সন্মান, কৃতজ্ঞতা আৰু সংবেদনশীলতা প্রদর্শন কৰা হৈছে৷

You might also like