নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনকৰা শিশুক ঘৰলৈ আনি কি কৰে তথাকথিত ভদ্ৰলোকে, মৰিগাঁৱৰ শিক্ষা বিষয়াৰ স্বামীৰ কাণ্ড

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ শিশুৰ সোণালী ভৱিষ্যৎ নিৰ্মাণৰ দায়িত্বত থকা শিক্ষা বিষয়াৰ ঘৰতে দৰিদ্ৰ শিশুৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ চলাৰ এক ঘটনা পোহৰলৈ আহিছে মৰিগাঁও নগৰৰ বিহাৰীপট্টিত। আজি দিনৰ ১০ বজাত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীয়ে ভুক্তভোগী শিশুটিক উদ্ধাৰ কৰাৰ লগতে সোধা-পোছাৰ বাবে থানালৈ তলব কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ ভোৰবন্ধা শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া নিৰু বৰা, স্বামী বীৰেন বৰাই আজি পুৱাৰ ভাগত হঠাৎ সামান্য কথাতে তেওঁলোকৰ ঘৰত থকা এটি মিচিং জনগোষ্ঠীৰ ১৩ বছৰীয়া শিশুক শিকলিৰে দুই হাত বান্ধি এছাৰিৰে বেয়াকৈ প্ৰহাৰ কৰে।

সমস্ত কাণ্ড ইতিমধ্যে গোপন কেমেৰাত ৰেকৰ্ডিং কৰি একাংশ লোকে উক্ত কাৰ্যত বাধা দি মৰিগাঁও আৰক্ষীক খবৰ দিয়ে। উক্ত ঘটনা সংঘটিত কৰা শিক্ষা বিষয়াগৰাকীৰ স্বামীয়ে শিশুটিক উদ্ধাৰ কৰিব অহা দুই এক ব্যক্তিক ওলোটাই ধমকি দিয়াৰ চেষ্টা কৰে বুলি অভিযোগ কৰিছে একাংশ স্থানীয় লোকে। আনহাতে শিশুটিয়ে সংবাদ মাধ্যমৰ আগত কৈ যে তেওঁৰ অভিভাৱক ধেমাজিত থাকে।

বীৰেন বৰা আৰু তেওঁৰ পত্নী তথা শিক্ষা বিষয়া নিৰু বৰাৰ ঘৰত কেইমাহমান পূৰ্বে অভিভাৱকে থৈ যায়। ঘৰৰ বিভিন্ন কাম-কাজত নিয়োগ কৰি অহা বুলি প্ৰকাশ কৰাৰ লগতে বিভিন্ন সময়ত সামান্য কথাতে বীৰেন বৰাই মাৰধৰ কৰে বুলি প্ৰকাশ কৰে। অতিশয় আতংকিত হৈ থকাৰ লগতে মানসিকভাৱে ভাগি পৰা শিশুটি বৰ্তমান মৰিগাঁও সদৰ থানাত ৰখা হৈছে।

আনহাতে এগৰাকী শিক্ষা বিষয়াৰ ঘৰতে শিশুৰ ওপৰত নিৰ্যাতন তথা ঘৰুৱা কাম-কাজত নিয়োগ কৰাৰ বিষয়টো মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক গুৰুত্বসহকাৰে গ্ৰহণ কৰি দোষী ব্যক্তিকেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে।

You might also like