নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ চাটনগুৰিত অবৈধ কাঠফলা মিল উৎখাত কৰিলে ৰাইজে

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ এসপ্তাহ পূৰ্বে নিয়মীয়া বাৰ্তাত মৰিগাঁও জিলাৰ বন বিভাগৰ একাংশ বিষয়াৰ ছত্রছায়াত মুকলিকৈ কমিছনৰ অংকত অবৈধ কাঠফলা মিল চলি থকাৰ বিষয়ে বাতৰি প্ৰকাশিত হোৱাৰ পিছতো গা লৰা নাই মৰিগাঁও বন বিভাগৰ একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ।

কালি মৰিগাঁও চহৰৰ নাতিদূৰৰ চাটনগুৰিৰ এটা অবৈধ কাঠফলা মিলৰ সন্মুখত প্ৰতিবাদ কৰে স্থানীয় ৰাইজে। ৰাইজৰ অভিযোগ এই অবৈধ মিলটোত মূল্যৱান গছ নিশাৰ আন্ধাৰত ফলা হয়। উল্লেখ্য, ৰাইজৰ এই প্ৰতিবাদৰ বিপৰীতে মালিক মহৎ সিং মেধিয়ে বীৰদৰ্পে কয় যে উক্ত মিলটো চলোৱাৰ অনুমতি পোৱা নাই যদিও বন বিভাগৰ বুজাবুজিৰে চলাই আছে।

এতিয়া প্ৰশ্নটো হ’ল এজন ব্যক্তিয়ে কাৰ সাহসত দিনৰ পোহৰত এইদৰে অবৈধ কাঠফলা মিল চলাই থাকিব পাৰিছে। ৰাইজৰ প্ৰতিবাদৰ পিছতো ঘটনাস্থলীত উপস্থিত নহয় কিয় মৰিগাঁৱৰ বন বিষয়াগৰাকী। নে অবৈধ কাঠফলা মিলৰ অংকৰ সৈতে সঁচাকৈ জড়িত হৈ আছে বন বিভাগৰ বিষয়া একাংশ।

You might also like