নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্য এক কুৰুক্ষেত্রৰ সন্ধিক্ষণত হিমন্ত বিশ্ব শর্মা

-ধ্রুৱজ্যোতি শর্মা

ভাৰতীয় সংবিধানে কেন্দ্র বা ৰাজ্যৰ নির্বাচিত চৰকাৰ এখনক ষাঠি মাহ অর্থাৎ পাঁচটা বছৰ নির্ধাৰণ কৰি দিছে স্বকীয়তাৰে জনসাধাৰণক শাসন কৰিবলৈ৷ ইয়াৰ মাজত সাংবিধানিক সংকট হ’লে চৰকাৰৰ আয়ুস টুটি কি ৰূপ লয় তাৰ উত্তৰ সময়েহে দিব পাৰে৷ অসমৰ ৰাজনৈতিক পৰিক্রমাত এক চমৎকৃত মহাজাগতিক অধ্যায়ৰ সূচনা কৰি যোৱা মে’ মাহৰ ১০ তাৰিখত ডঃ হিমন্ত বিশ্ব শর্মাই অসমৰ পঞ্চদশ মুখ্যমন্ত্রী হিচাপে শপত লৈছিল৷ দেশ যি সময়ত ক’ভিড ত্রাসত গভীৰ সংকটত, অসমীয়া জনজীৱন যিটো ক্ষণত সন্ধিক্ষণৰ আলি দোমোজাত, সেই সময়তে এইজনা সব্যসাচীসদৃশ ৰাজনৈতিক নেতাই মুখ্যমন্ত্রীৰ গধুৰ দায়িত্ব কান্ধত তুলি লৈছিল৷ এটা কথা ঠিক, তেওঁক বিজেপি নেতৃত্বই দায়িত্ব অর্পণ কৰা বুলি ক’লে সত্যৰ অপলাপ কৰা হ’ব৷ ডঃ হিমন্ত বিশ্ব শর্মাই আচলতে নিজকে মহাকাব্যিক পর্যায়লৈ নিজকে উন্নীত আৰু ৰূপান্তৰিত কৰিছে স্ব–কর্মগুণে৷ মুখ্যমন্ত্রিত্ব যে তেওঁৰ প্রাপ্য আৰু আপাতকালীন সময়ত উক্ত আসনৰ যোগ্য উত্তৰাধিকাৰী অদ্বিতীয়ভাৱে হিমন্ত বিশ্ব, এই অধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁ সক্ষম হৈছিল৷ বিজেপিৰ চাণক্য, গৃহমন্ত্রী অমিত শ্বাহে বিগত বিধানসভাৰ নির্বাচনী মহাৰণৰ ৰেহৰূপ, শর্মাদেৱৰ, সূক্ষ্ম ব্যৱস্থাপনাৰ বিচক্ষণতা দেখি মনৰ মাজত সিদ্ধান্ত এটা লৈ থৈছিল আৰু তাৰ বহির্প্রকাশ ঘটিছিল শ্বাহৰ বাসভৱনত আয়োজিত প্রথমখন বৈঠকত৷ তাৰ পিছৰ ইতিহাস আমি সকলোৱে জ্ঞাত৷
অবিৰত ৰাজনৈতিক সাধনাৰ তপস্বীগৰাকীয়ে মহাজনোচিত ভাষা আৰু অভিব্যক্তিৰে শপত ল’লে নতুন অসম নির্মাণৰ৷ সেই শপতৰ এমাহ পূর্তিত আমি বিনাদ্বিধাই ক’ব পাৰো চৰকাৰখনে এক আশাৰ কিৰণ কঢ়িয়াই আনিছে৷ ক’ভিডে অনা নিৰাশাৰ প্রচণ্ড ধুমুহাজাকত বিধবস্ত, বিপর্যস্ত অসমবাসীৰ বাবে এই চৰকাৰে যোৱা ত্রিশ দিনত যি কৰিলে বা কৰিব বুলি প্রতীতী আৰু প্রত্যয়ৰ ছবি এখন দাঙি ধৰিছে সেয়া আশাব্যঞ্জক৷ পুনৰ দোহাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্রী সন্ধিক্ষণৰ কৃতবিদ্য নেতা৷ তেওঁ কিছু আৱেগিক, কিন্তু যুক্তিবাদী৷ তেওঁৰ অকাট্য যুক্তিৰ সন্মুখত বহি প্রতিযুক্তি দাঙি ধৰাটো অতি কঠিন৷ ‘সূর্যই যিদৰে অদীপ্তক্ষেত্র উজ্জ্বল কৰে, বায়ুৱে যিদৰে বায়ুশূন্য স্থান আহ্লাদিত কৰে, ঠিক সেইদৰে বাসুদেৱ কৃষ্ণয়ো য’ত উপস্থিত সেয়া হৈ পৰে মহিমামণ্ডিত৷ কথাষাৰ কৈছিল ভীষ্মই, মহাভাৰতীয় পৰিক্রমাত যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞৰ অর্ঘ্য দান কৰা সময়ত৷ এতিয়া যদি সেই সনাতন ধর্ম আৰু সংস্কৃতিৰ পৰম অনুগামী হিমন্ত বিশ্বৰ কথাটো উনুকিয়াই দিয়া হয়, এই সময়ত অসমত তেওঁতকৈ জনপ্রিয় আৰু যাদুকৰী ব্যক্তিত্ব খুব কম ওলাব৷ তেওঁ য’লৈকে যায় তাতেই প্রতিকূল বতৰতো মানুহ উপচি পৰে৷ যেন তেওঁক কেন্দ্র কৰি ভূমণ্ডল ঘূৰি আছে তেনেকুৱা অনুভৱেই হয়৷ সৌসিদিনা ছিপাঝাৰৰ ধলপুৰ শিৱ মন্দিৰৰ বেদখলকাৰীক উচ্ছেদ অভিযানত গৈছে তাতো বিৰ দি বাট নোপোৱা অৱস্থা৷ এনে পৰিৱেশ মুখ্যমন্ত্রীকেন্দ্রিক নহয়, তাৰো বহু বছৰ আগতে সৃষ্ট৷ আনুমানিক ২০০১ চন মানৰ পৰাই৷ এটি সৰু উদাহৰণ, ২০০১ চনত দিল্লীত হাইকমাণ্ডৰ অনুমোদন লৈ প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শর্মা বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে কটন মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্রহণ কৰিছিল৷ সিদিনা তাত এক আনন্দৰ লহৰ উঠিছিল৷ মঞ্চত দুয়োকে আদৰিবলৈ উঠি বিশিষ্ট সাহিত্যিক তথা অধ্যাপক ডঃ জগদীশ পাটগিৰিয়ে সম্বোধন কৰি ক’লে মাননীয় মুখ্যমন্ত্রী তৰুণ গগৈদেৱ আৰু ভৱিষ্যতৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া৷ লগে লগেই সভাত হাত চাপৰিৰ শব্দই ৰজনজনাই গৈছিল ছুডমাৰছন হল৷ আনকি ২০১৪ত ক্ষমতাশূন্য হৈ থকা দিনবোৰতো তেনে ছবি এখন, চকুত পৰিছিল ৰাজনৈতিক পৰিক্রমা বিশ্লেষকসকলৰ৷
এতিয়া আমি চাম এমাহৰ ভিতৰত এই যাদুকৰী ব্যক্তিত্বই অসমবাসীক কি দিলে৷ প্রথম কথা আলফা স্বাধীন গোটক পতিয়ন নিয়াই এগৰাকী মাতৃৰ আকুল আহ্বানক মানৱীয় প্রমূল্যলৈ ৰূপান্তৰ কৰিব পাৰিছে৷ অ’ এন জি চিৰ বিষয়া ৰিতুল শইকীয়াৰ মুক্তিৰ ক্ষেত্রত মুখ্যমন্ত্রীৰ বিচক্ষণতা অনস্বীকার্য৷ এই ঘটনাত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মুখ্যমন্ত্রীকেন্দ্রিক প্রশংসা মন কৰিবলগীয়া৷ দ্বিতীয়তে, তেওঁৰ কেবিনেট সতীর্থৰ স’তে সঘন বৈঠক৷ সঘন বৈঠকে মন্ত্রীসকলক দায়বদ্ধ আৰু সপ্রতিভ কৰি ৰাখিব৷ তৃতীয়তে মুখ্যমন্ত্রী শর্মাই মুখ্যমন্ত্রীৰ সচিবালয়ক ২৪ ঘণ্টাই সতেজ কৰি ৰাখিব বিচাৰিছে, কিন্তু সচিবালয়ত আন কাকো শক্তিশালী ৰূপত অৱতীর্ণ কৰা নাই৷ সেই হেতু কোনো উপদেষ্টা পদৰ অনুমোদন দিয়া নাই৷ তাতকৈ তেওঁ ৰাজ্যৰ প্রভাৱশালী নেতা জয়ন্ত মল্ল বৰুৱাক ৰাজনৈতিক সচিব নিযুক্তি দি প্রমাণ দিব বিচাৰিছে দল আৰু চৰকাৰৰ সুসমন্বয় অব্যাহত থাকিব৷ পূর্বে মুখ্যমন্ত্রীৰ সচিবালয়ত একাংশ বিশেষ কর্তব্যৰত বিষয়াই ডি চি, এছ পি নিযুক্তিৰ ক্ষেত্রত চুপাৰিশ কৰিছিল৷ এইবাৰ তেনে চুপাৰিশ মন্ত্রী, এম এল এই কৰিব পাৰে নে নাই সন্দেহ আছে৷ চতুর্থতে মহিলাৰ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই আৰু এক লাখ নিৱনুৱাৰ চাকৰিৰ দুৱাৰ মুকলি৷ পঞ্চমতে কেন্দ্রীয় চৰকাৰৰ আর্হিত অসম –ৰত্ন, অসম বিভূষণ–ভূষণ আদি বটা–বাহনৰ পৰিকল্পনা৷ ষষ্ঠতে ছিণ্ডিকেটৰাজৰ অৱসান৷
এনেকুৱা বৈপ্লৱিক পৰিৱর্তনকামী সিদ্ধান্ত লৈ চৰকাৰে যদি কার্যকৰী কৰে, তেন্তে অসম নিশ্চিতভাৱে এখন উন্নীত ৰাজ্য হ’ব পাৰিব৷ কিন্তু চৰকাৰে বান সমস্যা সমাধানত লোৱা কার্যব্যৱস্থাত ৰাইজ পতিয়ন যোৱা নাই৷ পতিয়ন যোৱা নাই অসমত কৃষি বিপ্লৱ বা ঔদ্যোগিক বিপ্লৱ হ’ব বুলি৷ বিদ্যুত পর্যাপ্ত পৰিমাণে উৎপাদন নোহোৱা ৰাজ্যত ঔদ্যোগিক বিপ্লৱৰ আশা কৰাটোহে বাতুলতা৷ কৃষি খণ্ড আৰু স্বাস্থ্যখণ্ডত সেই সুযোগ আছে৷ এতিয়া দুই বিভাগীয় মন্ত্রীৰ ওপৰতে নির্ভৰ কৰিছে জাতিটোৰ ভৱিষ্যৎ৷ অসমত পৰিবহণ বিভাগে অধিক ৰাজহ দিব পৰাটো শুভলক্ষণ৷ বিত্ত বিভাগটোৰ দায়িত্ব নিঃসন্দেহে এজন সক্রিয় ব্যক্তিৰ হাতত পৰিছে গতিকে কর্মচাৰী আৰু বিভিন্ন বিভাগৰ ঠিকাদাৰসকলেpayment ৰ সমস্যাৰ মুখামুখি নহ’ব লাগে৷ কিন্তু অসমত প্রায় ৬০– ৬২টা সক্রিয় বিভাগ আছে৷ সেই বিভাগৰ দায়িত্বত থকা বিষয়াসকলক নিয়ন্ত্রণ কৰিব পৰাটো অতি কঠিন৷ একমাত্র হিমন্ত বিশ্ব শর্মাইহে সেই অসম্ভৱ কার্য সম্ভৱ কৰিব পাৰিব৷ ৰাইজে তেনেকৈ বিশ্বাস কৰে, যি বিশ্বাস আন মন্ত্রীসকলৰ ওপৰত জনসাধাৰণৰ কমি গৈছে৷ অন্ততঃ সকলো দেখি, শুনি, বুজি৷ কেবিনেট মন্ত্রী হিচাপে চন্দ্র মোহন পাটোৱাৰীৰ অভিজ্ঞতাখিনিৰ দাম থাকিব৷ মুখ্যমন্ত্রীৰ দৰে পাটোৱাৰীৰো ইংৰাজী ভাষাত অবাধ দখল আছে৷ আই এ এছ বিষয়াৰ নোটশ্বিটৰ আওভাওত নিজৰ মত প্রকাশৰ ক্ষেত্রত বহু মন্ত্রী অসুবিধাত পৰে বুলি শুনা যায়৷ সঁচা মিছা আমি নিমাখিত প্রাণীবোৰে নাজানো৷ যিয়েই নহওক, অসমৰ মুখ্যমন্ত্রীজন অলেখ সংঘাত পাৰ হৈ আহিছে আৰু ৰাজ্যৰ জটিল পৰিস্থিতিৰ মুখামুখি হোৱা লক্ষ্য কৰিছোঁ৷ অসম আন্দোলনৰ পৰা আৰম্ভ কৰি শেহতীয়া কা আন্দোলনলৈকে তেওঁ সংপৃক্ত৷ কেতিয়াবা দুৰন্ত সমর্থক ৰূপত আন কেতিয়াবা বিৰোধীৰ ৰূপত৷ মত প্রকাশত তেওঁ সদায় সাহসিক আৰু স্পষ্টবাদী৷ ইয়াৰ বাবে কেতিয়াবা কেতিয়াবা তেওঁ সমালোচনাৰ সন্মুখীন হৈছে, কিন্তু নিজৰ মতত সদায় অবিচল হৈ থকাটো তেওঁৰ ব্যক্তিত্বৰ বর্ণিল বিভূষণ৷
এতিয়া আমি ক’ব বিচাৰিম ক’ভিডে নিঃস্ব, ৰুগ্ণ কৰা ভ্রাম্যমাণ থিয়েটাৰ, অসমীয়া চিনেমা, নাম, ওজাপালিৰ শিল্পী, পূজা– পার্বন কৰা পুৰোহিত সমাজ তথা ক্ষুদ্র ব্যৱসায়ীসকলৰ ক্ষুধা নিবাৰণ আৰু সমাজত শিৰ উচ্চ কৰি থিয় হ’ব পৰাকৈ কি বিকল্পৰ সন্ধান দিব? সাহায্যৰে এজন মানুহে জীৱন নির্বাহ কৰিব নোৱাৰে, দুদিন বা দহ দিন খাব পাৰে৷ বাতৰিকাকতৰ সাংবাদিক তথা মফচলৰ সংবাদসেৱীসকলৰো গুৰুতৰ সমস্যা হৈছে৷ বিজ্ঞাপনৰ সমস্যাত ভোগা সংবাদ মাধ্যমৰ প্রতিষ্ঠানসমূহকো দোষাৰোপ কৰাৰ থল নাই৷ একেদৰে নতুন প্রজন্মৰ মাজত খেলুৱৈ হ’বলৈ অনীহা, অনিচ্ছা চূডান্তভাৱে প্রকট৷ কাৰণ নিয়োগৰ অভাৱ৷ আগতে ভাল খেলিলে চাকৰি পাইছিল, এতিয়া সেই সুযোগ নাই৷ গতিকে খেলত উৎসর্গিত মনোভাবৰ খেলুৱৈৰ অভাৱ৷ কেৱল আন্তঃগাঁথনিয়ে যে ক্রীডাৰ উন্নতি কৰিব নোৱাৰে তাৰ প্রমাণ চামতা, বৰপেটা, বিজনী, তামুলপুৰ আদি ঠাই পৰিভ্রমণ কৰিলেই স্পষ্টভাৱে প্রকট হয়৷ ভ্রাম্যমাণ থিয়েটাৰ এক দীর্ঘদিনীয়া পৰিকল্পনা৷ ইয়াত জডিত বহু শিল্পী আজি ক্ষুদ্র ক্ষুদ্র ব্যৱসায়ত নামি পৰিছে৷ এইসকলৰ অবিহনে উদ্যোগটোক সবল, সক্রিয় কৰাটো অসম্ভৱ৷ এইক্ষেত্রত মাননীয় মুখ্যমন্ত্রীয়ে চিন্তা–চর্চা কৰিব বুলি দৃঢ় বিশ্বাস এটা আছে৷ শেহত এটা কথাই ক’ব পাৰি সাম, দাম, দণ্ড, ভেদ ৰাজধর্মৰ প্রধান নীতি৷ এয়া চাণক্যই কৈ গৈছে৷ ৰজাই হওক, সমাজৰ মহীয়ানজনেই হওক, সদায় অসমর্থৰ দ্বাৰা নিন্দা পায়েই আৰু নিকটতমৰ দ্বাৰা আঘাতপ্রাপ্ত হয়৷ এয়াই যুগপৎ সত্য৷ সেয়েহে প্রতিটো মুহূর্তত তেওঁ সাৱধানে থাকিব লাগিব৷ ধর্ম, অর্থ, কাম আৰু মোক্ষপ্রাপ্তিৰ পৰিভাষা হূদয়ানুভৱ কৰিব জনা হিমন্ত বিশ্বৰ পৰা অসম যে সুৰক্ষিত আৰু বিকশিত সেয়া নিশ্চিত৷ এক উদয়োন্মুখী যাত্রা প্রাৰম্ভ কৰা স্বপ্ণদ্রষ্টা মুখ্যমন্ত্রীজনলৈ হূদয়ৰ জোনাকী স্বাগতম৷
ফোন ঃ ৯৪৩৫০–২৮৩৬০

You might also like