নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবিনেটৰ সাহসী আৰু দূৰদর্শী পদক্ষেপ

- ড০ হীৰামণি ডেকা সোণোৱাল

যোৱা ১০ মে’ত ডঃ হিমন্ত বিশ্ব শর্মাই তেওঁৰ ১৩গৰাকী কেবিনেট মন্ত্রীসহ অসমৰ মুখ্যমন্ত্রী ৰূপে শপত গ্রহণ কৰে৷ ১০ জুনত এইখন চৰকাৰে শাসনভাৰ লোৱা সম্পূর্ণ এমাহ হ’ব৷ ইমান কম সময়ৰ ভিতৰত চৰকাৰ এখনৰ কাম–কাজৰ মূল্যাংকন কৰাটো সমীচীন নহয় যদিও নতুন চৰকাৰখনে শপত গ্রহণ কৰাৰ পিছৰ পৰাই ৰাইজক দিয়া প্রতিশ্রুতি পালনৰ বাবে যি ক্ষিপ্রতাৰে সিদ্ধান্তবোৰ গ্রহণ কৰিছে সেইসমূহে এই দুৰূহ কামটোও এক প্রকাৰ সহজ কৰি তুলিছে৷
নির্বাচনৰ সময়ত চৰকাৰ গঠন হ’লে ১ লাখ শিক্ষিত নিবনুৱাক মেধাৰ ভিত্তিত চৰকাৰী চাকৰি প্রদান কৰাৰ প্রতিশ্রুতি মুখ্যমন্ত্রীগৰাকীয়ে দিছিল৷ ইতিমধ্যে এই বিষয়ত আঁচনি প্রস্তুত কৰাৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগৰ নেতৃত্বত এক উচ্চস্তৰীয় সমিতি তেওঁ গঠন কৰি দিছে৷ এই সমিতিয়ে চৰকাৰী বিভাগবোৰত খালী পদসমূহত নিযুক্তি আৰু নতুন পদ সৃষ্টি আদি সকলো বিষয়ত বিতংভাৱে তথ্য সংগ্রহৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে৷
অসমত মাইক্র’ ফাইনেঞ্চৰ ঋণগ্রস্ত বহু মহিলাই ক’ৰো৪না মহামাৰীৰ বাবে হোৱা আর্থিক ক্ষতিৰ পৰিপ্রেক্ষিতত নির্বাচনৰ আগতেই চৰকাৰৰ ওচৰত ঋণ মাফৰ বাবে আবেদন–নিবেদন কৰিছিল৷ নির্বাচনৰ সময়ত সেইসকল মহিলাক দ্বিতীয়বাৰ বিজেপি ক্ষমতালৈ আহিলে তেওঁলোকৰ ঋণ চৰকাৰে পৰিশোধ কৰিব বুলি হিমন্ত বিশ্ব শর্মাই আশ্বাস দিছিল৷ কিন্তু ৰিজার্ভ বেংকে কোনো কাৰণতেই এনে ঋণ মাফৰ মামলাত ইত্বিাচক সঁহাৰি দিয়া নাছিল৷ কিয়নো, বহু মহিলাই এনে ঋণৰ ধন উৎপাদনমুখী কাম–কাজত খটুওৱাতকৈ টিভি, ফ্রিজ কিনা বা অন্য তেনেধৰণৰ কামত ব্যৱহাৰ কৰিছিল৷ কোনো কোনো মহিলাই আনকি দুটা পর্যন্ত তেনে ঋণ লোৱাও দেখা যায়৷ ইপিনে, নির্বাচনৰ পিছত মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰাত বিজেপি কেন্দ্রীয় নেতৃত্বই বে’চ কিছুদিন লগাইছিল৷ ফলত ঋণগ্রস্ত মহিলাখিনি যথেষ্ট অস্বস্তিত পৰিছিল৷ এনে পৰিস্থিতিত দৰকাৰ হ’লে মন্ত্রী–বিধায়কে দৰমহা নলৈ হ’লেও এই মহিলাসকলক দিয়া কথা ৰখা হ’ব বুলি হিমন্ত বিশ্ব শর্মাই সকলোকে কেৱল বিশ্বাস দিয়াই নহয় এই বিষয়ত এমাহৰ ভিতৰত প্রতিবেদন যুগুতাবলৈ অশোক সিংহালৰ নেতৃত্বত এখন সমিতিও গঠন কৰি দিছে৷
অসমত বিজেপিৰ চৰকাৰ গঠন হ’লে বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিব বুলি র্ন্বিাচনৰ সময়ত গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছিল আৰু বর্তমানৰ চৰকাৰখনে বিষয়টোক অতি গুৰুত্বসহকাৰে লৈছে৷ জলসম্পদমন্ত্রী পীযূষ হাজৰিকাই বানপানী অধ্যুষিত অঞ্চলসমূহ পৰিদর্শন কৰিছে৷ বিশেষকৈ অসমৰ বানপীডিত প্রায়ভাগ এলেকাৰ ৫ দিনীয়া মথাউৰি পৰিদর্শনৰ কাম কৰি আছে৷ অসমত বানপানী হোৱাৰ আগতে চৰকাৰখনে যাৱতীয় ব্যৱস্থাৰ আঁচনি প্রস্তুত কৰিব বুলি অসমৰ জনতা আশাবাদী৷
যোৱা কেইবাদশক জুৰি সন্ত্রাস্বাদৰ সমস্যাই অসমৰ উন্নতিক বাধা দি আহিছে৷ চৰকাৰ গঠন হোৱাৰ পিছত প্রতিগৰাকী মুখ্যমন্ত্রীয়ে সন্ত্রাস্বাদ প্রতিহত কৰাৰ কথা দোহাৰে, কিন্তু কিছুদিনৰ পিছত ৰজা, ৰাইজ আৰু সংবাদ মাধ্যম সকলোৱে এনেবোৰ কথা পাহৰি যায়৷ মুখ্যমন্ত্রী হৈ চৰকাৰ গঠনৰ ঠিক পিছতেই হিমন্ত বিশ্ব শর্মায়ো পৰম্পৰা ৰক্ষা কৰি আলফাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছিল৷ ইয়াৰ কোনো উত্তৰ আলফাৰ পৰা তেওঁ পোৱা নাছিল বৰং টিংৰাই বজাৰত আলফাই গ্রেনেডহে নিক্ষেপ কৰিছিল৷ মুখ্যমন্ত্রীগৰাকীয়ে অলপো পলম নকৰি ঘটনাস্থলী নিজে পৰিদর্শন কৰাৰ লগতে নিহত সুৰজিৎ তালুকদাৰৰ পৰিয়াল বর্গৰ কাষত থিয় দি ৰাইজৰ সুখ–দুখৰ প্রতি তেওঁ যে সংবেদনশীল তাকে আকৌ প্রমাণ কৰি দেখুৱালে৷ লগতে এই ঘটনাত নিহতসকললৈ ৫ লাখ টকাৰ এককালীন সাহায্যও ঘোষণা কৰে৷
আলফাই অপহৰণ কৰা ৰিতুল শইকীয়াৰ পৰিয়ালৰ লোকে মুখ্যমন্ত্রীক ৰিতুলৰ মুক্তিৰ বাবে সহায় বিচৰাৰ লগে লগে তেওঁ আলফাক আলোচনাৰ মেজলৈ আহ্বান জনাবলৈ সুৱর্ণ সুযোগ লাভ কৰিলে৷ অলপো সময় নষ্ট নকৰি তেওঁ ৰিতুলৰ ঘৰলৈ গৈ পিতৃ–মাতৃ আৰু পত্নীক সাক্ষাৎ কৰি অতি আৱেগিকভাৱে আলফাক ৰিতুলৰ মুক্তিৰ বাবে আহ্বান জনায়৷ ইয়াৰ উপৰি অইল ইণ্ডিয়া, অ’ এন জি চিক লৈ উত্থাপিত প্রশ্ণৰ তেওঁ ৰাজহুৱাকৈ উত্তৰো দিলে৷ আলফায়ো তেওঁৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ৰিতুল শইকীয়াক মুকলি কৰাৰ লগতে ৩ মাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিলে৷ অস্ত্রই কোনো সমস্যা সমাধান কৰিব নোৱাৰে বুলি কৰা মন্ত্ব্যৰে পৰেশ বৰুৱাই ৰাজনৈতিক আলোচনাৰ প্রতি আগ্রহ আওপকীয়াকৈ প্রকাশ কৰিলে৷ আজি অসমত ১৯৭৯ চনৰ পৰিৱেশ নাই৷ এতিয়াৰ শিক্ষিত অসমীয়া যুৱকৰ অস্ত্রত বিশ্বাস নাই৷ কর্ম সংস্কৃতিৰে অসমখনক উন্নত কৰিব বিচৰা আজিৰ যুৱচামৰ মাজত আলফাৰ কোনো অস্তিত্ব নাই সেয়া পৰেশ বৰুৱাই ভালদৰে জানে৷ সেয়ে হ’লেও দুয়োপক্ষ আনুষ্ঠানিকভাৱে কেতিয়া আলোচনাত বহিব সেয়া স্পষ্ট হোৱা নাই৷
নতুন চৰকাৰৰ অন্যতম ক্রেডিট বা সফলতা হৈছে নুমলীগড তেল শোধনাগাৰত অসম চৰকাৰৰ ২৬ শতাংশ অংশীদাৰিত্ব আদায় কৰা৷ অসম আন্দোলনৰ অন্যতম ফচল নুমলীগড শোধনাগাৰত অসমবাসীৰ কর্তৃত্ব থকাটো অসমবাসীয়ে বিচাৰিছিল, যিটো সেই সময়ৰ কেন্দ্রীয় চৰকাৰৰ সহযোগৰ অভাৱত হৈ নুঠিল৷ মাজতে শোধনাগাৰটো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হ’ব বুলিও শুন্বিলৈ পোৱা গৈছিল৷ কিন্তু কেন্দ্রীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি এবছৰৰ ভিতৰত ২১৮৭ কোটি টকাৰ বিনিয়োগৰ বিনিময়ত অসম চৰকাৰক পূর্বৰ ১২.৩৫ শতাংশৰ পৰা ২৬ শতাংশ লৈ অংশীদাৰিত্ব প্রদান কৰিলে৷ অসমৰ দৰে ৰাজ্য এখনে এনে মোটা অংকৰ ধন এবছৰৰ ভিতৰত বিনিয়োগ কৰাটো সঁচায়ে সাহসী পদক্ষেপ৷ এতিয়া শোধনাগাৰটোৰ আভ্যন্তৰীণ বিষয়ত অসম চৰকাৰে মাত মাত্বি পৰা ক্ষমতা লাভ কৰিব৷ এই বিনিয়োগে ভৱিষ্যতে অসমৰ বাবে কৰমুক্ত আয়ৰ পথ মুকলি কৰিব৷ বর্তমান নুমলীগড শোধনাগাৰৰ শোধন ক্ষমতা ৩ মিলিয়ন মেড্রিক টন, কেন্দ্রই শীঘ্রে ইয়াক ৯ মিলিয়ন মেড্রিক টনলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ সেয়ে হ’লেও আজিৰ পৰা প্রায় ১০–১৫ বছৰ পিছত বছৰি ১০০০ কোটি টকাকৈ লাভ বা ৰিটার্ন পাব বুলি এটা সহজ অংক কৰি বুজ্বি পাৰি৷ গতিকে এনে এটা সিদ্ধান্ত নিঃসন্দেহে দূৰদর্শী৷
ভাৰতীয় জনতা পার্টী আৰু মিত্রজোঁটৰ চৰকাৰখনে শাসন চমজি লোৱাৰ সমসাময়িকভাৱে দেশত ক’ভিড মহামাৰীৰ ২য় ঢ়ৌ আৰম্ভ হৈ নতুন চৰকাৰখনৰ সন্মুখত নানা প্রত্যাহ্বানৰ সৃষ্টি কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে কেশৱ মহন্তক স্বাস্থ্যমন্ত্রী নিযুক্তি দিছে যদিও নিজে ক’ভিড সম্পর্কীয় সকলো বিষয় তদাৰক কৰিছে৷ আজি তেওঁৰ প্রচেষ্টাত ক’ভিড ভেকচিনেচন এক জনআন্দোলনত পৰিণত হৈছে৷ তেওঁৰ আহ্বানৰ প্রতি সঁহাৰি জনাই সমাজৰ সকলো শ্রেণীৰ মানুহে সাধ্য অনুসৰি মুখ্যমন্ত্রী আৰোগ্য নিধিলৈ বৰঙণি আগবঢ়াই এক সমূহীয়া প্রচেষ্টাৰ অংশীদাৰ হৈছে৷
ক’ভিডৰ ফলত অনাথ হোৱা ল’ৰা–ছোৱালীৰ বাবেও জনদৰদী মুখ্যমন্ত্রীগৰাকীয়ে বিশেষ আঁচনি ঘোষণা কৰিছে৷ এই মর্মে ক’ভিডত পিতৃ–মাতৃহাৰা হোৱা শিশুৰ বাবে মাহিলি ৩,৫০০ টকা আগবঢ়োৱা হ’ব, ১০ বছৰৰ তলৰ তেনে শিশুক চৰকাৰী শিশু সেৱাগৃহত ৰখাৰ ব্যৱস্থা কৰা হ’ব, অনাথ অভিভাৱকহীন কিশোৰীক আৱাসিক বিদ্যালয়ত চৰকাৰী খৰচত পঢ়োৱা হ’ব তথা বিদ্যালয়–মহাবিদ্যাল্ আৰু বৃত্তিমূলক শিক্ষা গ্রহণ কৰি থকা ছাত্র–ছাত্রীক লেপটপ–ট্বেলেট দিয়া হ’ব৷ লগতে দক্ষতা বিকাশৰ শিক্ষা প্রদান কৰা হ’ব, অনাথ যুৱতীৰ বিবাহৰ বাবে অৰুন্ধতী স্বর্ণ আঁচনিৰ বাহিৰেও অতিৰিক্ত ৫০ হাজাৰ টকা প্রদান কৰা হ’ব৷
অসমবাসীৰ আৱেগ–নুভূতি জডিত বিষয়ৰ প্রতি নতুন মুখ্যমন্ত্রীগৰাকী খুবেই সচেতন৷ গুৰুজনাৰ পৱিত্র জন্মভূমি বটদ্রৱাক অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পর্যটনৰ অন্যতম কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে ১৬৫ বিঘা ভূমি সামৰি ১৮৮ কোটি টকা ব্যয়েৰে বৃহৎ প্রকল্প ৰূপায়ণৰ কাম–কাজৰ অগ্রগতি মুখ্যমন্ত্রীগৰাকীয়ে নিজে তদাৰক কৰিছে৷
চাহ মজদুৰসকলৰ মজুৰি অতিৰিক্ত ৫০ টকাকৈ বঢ়োৱাৰ সিদ্ধান্ত বিভিন্ন মতবিৰোধৰ বাবে কার্যকৰী কৰিব পৰা হোৱা নাছিল৷ কিন্তু নতুন কেবিনেটে মধ্যস্থতা কৰি চাহ শ্রমিক সংঘ আৰু বাগিচাৰ প্রতিনিধি আদিৰে আলোচনাৰ অন্তত যোৱা ২৩ ফ্ব্রুবোৰীৰ পৰা বলৱৎ হোৱাকৈ শ্রমিকৰ মজুৰি ৩৮ টকা বৃদ্ধি কৰিছে৷ এতিয়া ব্রহ্মপুত্র উপত্যকাত চাহ শ্রমিকে পূবৰ ১৬৭ টকাৰ বিপৰীতে ২০৫ টকা পাব, আনহাতে বৰাক উপত্যকাত পূবৰ ১৪৫ টকাৰ সলনি পাব ১৮৩ টকা৷
নতুন চৰকাৰখনে ড্রাগছৰ বিৰুদ্ধে সাহসী আৰু কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ অসমত হৈ থকা বাধ ড্রাগছৰ বেহাই নৱপ্রজন্মক ধবংসৰ গৰাহলৈ ঠেলি আছে৷ ড্রাগছ মাফিয়া তথা এই ব্যৱসায়ৰ লগত জডিতসকলৰ প্রতি কঠোৰ হ’বলৈ আৰক্ষী প্রশাসনক চৰকাৰখনে নির্দেশ দিছে৷ যোৱা ২৭ মে’ তাৰিখলৈ ড্রাগছ সৰবৰাহকাৰীসকল বিৰুদ্ধে মুঠ ২৫টা কেছ পঞ্জীয়ন কৰা হৈছে, ৩৮জনক গ্রেপ্তাৰ কৰা হৈছে লগতে ৫২৬.৬১ গ্রাম হিৰোইন, ৫ কেজি গাঞ্জা, ৫৯ টল কাহৰ দৰব, ৩৪,৮০০টা ট্বেলেট, ৭ গ্রাম মৰফিন আৰু ৩,৮৯,৬৭০ টকা জব্দ কৰিবলৈ অসম আৰক্ষী সক্ষম হৈছে৷
মুখ্যমন্ত্রীগৰাকী যিহেতু নিজে কর্মঠ, সেয়ে অসমত কর্মসংস্কৃতিৰ বাতাৱৰণ সৃষ্টিৰ বাবে তেওঁ দায়বদ্ধ৷ এতিয়াৰে পৰা মুখ্যমন্ত্রীৰ কার্যালয় ২৪ ঘণ্টাই খোলা থাকি ৰাইজৰ বাবে কাম কৰি যাব৷ অৱশ্যে ইয়াৰ বাবে ৮ ঘণ্টাকৈ তিনিটা শ্বিফ্টত কাম হ’ব৷ নিঃসন্দেহে এয়া আন এক আভিনৱ, সাহসী তথা দূৰদর্শী পদক্ষেপ৷
যোৱা তিনিটা সপ্তাহত হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠিত চৰকাৰখনৰ কার্যকলাপে অসমৰ ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷ সমগ্র ভাৰতৰ লগতে অসমতো ক’ভিড মহামাৰীসৃষ্ট পৰিৱেশে স্বাভাৱিক জীৱন ব্যাহত কৰিছে৷ এনে পৰিস্থিতিৰে মোকাবিলা কৰি চৰকাৰ চলাবলৈ তথা ক্ষিপ্র সিদ্ধান্ত গ্রহণ কৰাৰ বাবে যি দূৰদর্শিতা আৰু আত্মবিশ্বাস, আত্মপ্রত্যয়ৰ দৰকাৰ তাক আমি নতুন মুখ্যমন্ত্রীগৰাকীৰ মাজত সকলোৱে প্রত্যক্ষ কৰিছেছা৷ তেওঁৰ এক স্বাধীনচিতীয়া সত্তা আছে, সেয়ে বোধকৰো স্বাস্থ্যমন্ত্রী হৈ থকা সময়তো সেই সময়ৰ মুখ্যমন্ত্রীগৰাকীক চেৰ পেলাই কামে–কাজে অসমৰ ৰাইজৰ হিয়াৰ মণি হৈ পৰিছিল আৰু পৰৱর্তী সময়ত সেয়ে বিজেপিৰ কেন্দ্রীয় নেতৃত্বয়ো তেওঁক মুখ্যমন্ত্রী আসনখন দিওঁতে বৰ দ্বিধাত পৰিবলগীয়া নহ’ল৷ হিমন্ত বিশ্ব শর্মা হ’ল একমাত্র মুখ্যমন্ত্রী, যিগৰাকীয়ে ৰাজ্যখনৰ উন্নয়নৰ হকে কাম কৰি যাওঁতে অসমৰ জনগণৰ পৰা আর্শীবাদ আৰু পৰামর্শ বিচাৰিছে৷ মুখ্যমন্ত্রী হিচাপে তেওঁ অসমক আগুৱাই নিওঁতে তেওঁ তথা তেওঁৰ মন্ত্রীসকল কামত পার্গত আৰু চাৰিওকাষৰ পৰিৱেশ পৰিস্থিতিৰ প্রতি সজাগ সচেতন হ’ব লাগিব, তেতিয়াহে ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিব পাৰিব৷ নতুন চৰকাৰখনৰ কাম–কাজে অসমবাসীৰ আশাক নতুন প্রাণ দিছে৷ আমাৰ বিশ্বাস অসমত পৰিৱর্তন আহিব– অসম উন্নত, বিকশিত অসম হ’ব৷

You might also like