নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজাপ–ৰাইজৰ দল

অসমত শেহতীয়াকৈ এটা বিষয়ৰ আলোচনা কমিছে৷ সেইটো হ’ল, নতুন দিল্লীয়ে অসমক মাহীআইৰ দৃষ্টিৰে চায়৷ অৱশ্যে সকলো মাহীআই তেনেকুৱা নহয়৷ সন্তানক নিজৰ আইৰ দৰে ব্যৱহাৰ কৰা মাহীআইৰ সংখ্যাও অগণিত৷ তথাপি ইয়াক এটা নঞার্থক অর্থত ব্যৱহাৰ কৰা হয়৷ তুলনাটো মাতৃসম মাহীআইসকললৈ ক্ষমা প্রার্থনাৰে ব্যৱহাৰ কৰা হ’ল৷ কিছু বছৰ আগলৈকে অসমৰ ৰাজনৈতিক তথা সমাজ জীৱনত কথাটোৰ ব্যৱহাৰ ব্যাপক হাৰত হৈছিল৷ ইয়াৰ কাৰণ হৈছে ৰাজ্যখনলৈ কেন্দ্রীয় চৰকাৰৰ পৰা অহা বিপুল পৰিমাণৰ ধন আৰু স্থানীয় জনসাধাৰণৰ আৱেগজডিত বিষয়ৰ কৌশলপূর্ণ ব্যৱহাৰ৷ পূর্বতে দেশখনৰ আর্থিক আকৃতি আৰু শক্তি ইমান নাছিল যে অসমৰ দৰে দূৰ দিগন্তত থকা ৰাজ্যলৈ ডন্নয়নৰ বাবে পর্যাপ্ত ধন প্রেৰণ কৰিব৷ হিন্দী বলয়ৰ ৰাজ্যকেইখনত ভাগ–বাটোৱাৰা কৰাৰ পিছত যি বাকী ৰয়, তাৰে অলপ–চৰপকৈ বাকী ৰাজ্যসমূহক দিয়া হৈছিল৷ অৱশ্যে ইয়াৰ বাবে দেশৰ পৰিৱর্তিত ৰাজনীতিৰো যথেষ্ট অৰিহণা আছে৷ হিন্দী বলয়ৰ ৰাজ্য ডত্তৰ প্রদেশ, ৰাজস্থান, বিহাৰ আদিত কংগ্রেছৰ ভেটি দুর্বল হৈ পৰাত আৰু বিজেপিকে ধৰি বিৰোধী শিবিৰ ক্রমশঃ শক্তিশালী হৈ ডঠাত সৰু সৰু ৰাজ্যৰ গুৰুত্ব বাঢ়িবলৈ ধৰিলে৷ ধনৰ আবণ্টনত পূর্বৰ মেকুৰীয়ে পিঠা ভগোৱা খেলখনৰ দৰে বৈষম্যৰ সুবিধা কমি আহিল৷ ধন যেতিয়া দিয়াই হ’ব, তাৰ সৈতে পৰিকল্পনাও আহিল৷ আন্তঃগাঁথনিৰ ডন্নয়ন, কর্মসংস্থাপন, ডদ্যোগ আদিৰ বিপৰীতে আবণ্টনৰ ব্যৱস্থা কৰা হ’ল৷ তথাপি প্রশ্ণ এটা থাকি যায়, দিল্লীয়ে সঁচাকৈ অসমক ডদাৰভাৱে ধন দিয়েনে? যিয়েই নহওক, পূর্বৰ তুলনাত অসমলৈ অহা কেন্দ্রীয় চৰকাৰৰ ধনৰ টোপোলাটো যথেষ্ট শকত হৈছে৷ ইয়াৰ ব্যৱহাৰ বা সুফলো চকুত লগাকৈ কোনো কোনো ক্ষেত্রত দেখা গৈছে৷ তদুপৰি, ৰাষ্ট্রীয় ৰাজনৈতিক দলসমূহে শেহতীয়াকৈ ৰাজ্যখনৰ বাসিন্দাসকলৰ আৱেগৰ সৈতে জডিত বিষয়সমূহৰ কৌশলপূর্ণভাৱে ব্যৱহাৰ কৰিবলৈ লৈছে৷ অসমলৈ বিজেপি নেতা হিচাপেবা প্রধানমন্ত্রী হিচাপে আহিলে নৰেন্দ্র মোদীয়ে ভাষণৰ আৰম্ভণিতে স্থানীয় ভাষাত এক–দুই আষাৰ কোৱাটো নিয়মত পৰিণত হৈছে৷ লগতে এই ভূ–খণ্ডৰ মহান ব্যক্তি, বীৰ–বীৰাংগনাৰ বিষয়েও দুই–এষাৰ কয়৷ দলসমূহে অসম আন্দোলনৰ সৈতে যুক্ত হৈ থকা বিভিন্ন বিষয় লৈ অনুষ্ঠানৰ আয়োজন কৰে৷ কেতিয়াবা এনে লাগে যে অসম আন্দোলনটো অসমৰ জনসাধাৰণ নতুবা আছু, গণ সংগ্রাম পৰিষদ নহয়, কংগ্রেছ–বিজেপিয়েহে কৰিছিল৷ তদুপৰি, জাতীয় সমস্যাক লৈও আজিকালি ৰাজ্যিক পর্যায়ত ৰাষ্ট্রীয় দলৰ নেতৃত্ব যুক্ত হৈ পৰা দেখা যায়৷ অসমৰ বীৰ–বীৰাংগনা, মহান ব্যক্তি, জাতীয় জীৱনৰ পুৰোধাসকলৰ নামত চৰকাৰী আঁচনিৰ নাম দিয়া হয়৷ এইবোৰে আঞ্চলিকতাবাদ বিশ্বাসীসকলক বিভ্রান্ত কৰে৷ তাৰে এটা অংশই ৰাষ্ট্রীয় দলৰ তেনে চমক সৃষ্টিকাৰী কার্যত ভোল গৈ বা পতিয়ন গৈ নতুবা আস্থাভাজন হৈ শিবিৰ সলনি কৰে৷ অসমত এই সুবিধাটো অধিক৷ কাৰণ ৰাজ্যখনত আঞ্চলিকতাবাদ বিশ্বাসীসকলক অগপই প্রতাৰণাৰে শিক্ষা দি থৈছে৷ এনে অৱস্থাত ৰাষ্ট্রীয় দলৰ বুুকুত আঞ্চলিকতাবাদৰ ডম দেখি অগপ বা আঞ্চলিকতাবাদক বাই বাই দি ৰাষ্ট্রীয় ৰাজনৈতিক দললৈ টানি অনাটো সহজ হৈ পৰে৷ এই প্রেক্ষাপটত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমাগত বিধানসভা নির্বাচনত সম্ভাৱনা কিমান, সেইটো জুখি চাব পৰা যায়৷
অসমত ২০০১ চনত কংগ্রেছ শাসনলৈ অহাৰ বাটটো অসম গণ পৰিষদে নিজেই মোকলাই দিছিল৷ অথচ ১৯৯৬ চনত প্রকৃতার্থত এটা ৰাজনৈতিক দল হিচাপে অগপৰ আত্মপ্রকাশ ঘটিছিল৷ ইয়াৰ পূর্বে ১৯৮৫ চনত ৰাইজৰ প্রচণ্ড আৱেগ, আছু সদস্যৰ নির্বাচনত ভিন্ন ধৰণৰ সহযোগিতাই দলটোক শাসনলৈ আনিছিল৷ সেই কথাৰ মূল্য দিব নজনা বাবে পৰৱর্তী নির্বাচনটোতেই অগপৰ বিভাজন ঘটি দুটা ফৈদত অৱতীর্ণ হ’বলগীয়া হৈছিল৷ যিয়েই নহওক, ১৯৯৬ চনৰ পৰা মিত্রজোঁট চৰকাৰ গঠন কৰি অগপই ৰাজনৈতিক দল হিচাপে অসমত ভৱিষ্যৎ দিনৰ ৰাজনীতিত নিজৰ বাবে ঠাই ডলিয়াই লৈ যিবোৰ কাম কৰিব লাগিছিল, সেইবোৰ নকৰি কৰিলে ওলোটাটো৷ ইয়ে অসমত কংগ্রেছৰ বাবে সুদিন কঢ়িয়াই আনিলে৷ ‘হু ইজ বদৰুদ্দিন’ নামৰ বাক্যশাৰীয়ে অগপৰ দ্বাৰা প্রতাৰিত আঞ্চলিকতাবাদত বিশ্বাসী লোকৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিলে৷ অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ পতনমুখী যাত্রা আৰম্ভ হ’ল৷ একেৰাহে ১৫ বছৰ কংগ্রেছে অসম শাসন কৰিলে৷ দলটোৰ অপশাসন, দুর্নীতি, অন্তর্কলহ আদিৰ বাবে বিকল্পৰ ৰূপত বিজেপিৰ আৱির্ভাৱ ঘটিল৷ নৰেন্দ্র মোদীৰ জংগম নেতৃত্বই অসমত গতি হেৰুওৱা আঞ্চলিকতাবাদ পুনৰ মূৰ তুলিবলৈ সুযোগেই নিদিলে৷ ইয়াকে নকৈ ক’ব পাৰি যে দলটোৱে জনসাধাৰণৰ আস্থা অর্জনৰ বাবে সেই সময়ছোৱাত একোকেই নকৰিলে৷ অসমৰ জনসাধাৰণৰ দৃষ্টিত বিজেপি এটা ভাল বিকল্প হিচাপে ধৰা দিলে৷ কিন্তু লেঠা লাগিল নাগৰিকত্ব সংশোধনী বিধেয়কখনত৷ ইয়ে নতুন দিল্লীয়ে অসমক মাহীআইৰ দৃষ্টিৰে চোৱা বিষয়টোক পুনৰ চর্চালৈ অনাৰ বাট মুকলি কৰিলে৷ প্রথমে ‘কেব’ আৰু পিছত ‘কা’ৰ বিৰোধিতাৰে ৰাজপথলৈ জনসাধাৰণ ওলাই আহিল৷ পাঁচজন শ্বহীদ হ’ল৷ বহু লোক নির্যাতিত হ’ল৷ অসমৰ মাটিৰ পৰা হেৰাই যাব খোজা আঞ্চলিকতাবাদৰ বাবে যেন সাৰুৱা মাটি এডোখৰ সৃষ্টি হ’বলৈ ধৰিলে৷ কিন্তু ক’ৰোনাই বিধি–পথালি দিলে৷ সময়ৰ তাগিদাত আন্দোলনকাৰীসকল ঘৰতে আবদ্ধ থাকিবলগীয়া হ’ল৷ নহ’লে আৰম্ভণিতে পৰিস্থিতি এনে হৈছিল যে স্বয়ং মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমৰ জনসাধাৰণলৈ আহ্বান জনাই ক’বলগীয়া হ’ল যে ৰাইজ মোক এঘৰীয়া নকৰিব৷ দলটোৰ এজন নেতাই সন্মুখৰ পৰা নেতৃত্ব নিদিয়াহেঁতেন, ‘কা’বিৰোধী আন্দোলনৰ সেই সময়ছোৱাতে বিজেপিক ছেদেলি–ভেদেলি কৰি হাজাৰ হাজাৰ লোক ওলাই আহিলহেঁতেন৷ তেওঁ ভাগি যাব খোজা দলীয় কর্মীসকলৰ মনোবল ঘূৰাই আনিলে৷ তদুপৰি, মাজৰ সময়ছোৱাত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ ‘কা’বিৰোধী আন্দোলনত নেতৃত্ব দিয়া বহু নেতাৰ লগতে কর্মীক বিজেপিৰ মজিয়ালৈ আনিবলৈ সক্ষম হ’ল৷ ইয়ে আঞ্চলিকতাবাদৰ নামত প্রতাৰিত জাতিটোৰ বহুতোৰে মনত সজীৱ হৈ থকা ঘা টুকুৰা পুনৰ সজীৱ কৰি তুলিবলৈ ধৰিলে৷ বিজেপিয়ে আঞ্চলিকতাবাদী শিবিৰত বিশ্বাসহীনতা, সন্দেহ আৰু সংশয়ৰ জালখন তৰিবলৈ সক্ষম হ’ল৷ সেয়ে ১৯৮৫ চনৰ দৰে আজিৰ তাৰিখত অজাপ আৰু ৰাইজৰ দলক চর্তহীন নাইবা প্রশ্ণহীনভাৱে অসমৰ জনসাধাৰণে আঁকোৱালি লোৱা দেখা যোৱা নাই৷ ঠায়ে ঠায়ে দল দুটালৈ যথেষ্টসংখ্যক লোক আহিছে৷ তাৰে সিংহভাগেই অগপৰ পৰা অহা৷ অগপ আজি নিজেই এটা শক্তিহীন দল৷ দলটোৰ পৰা অহা লোকসকলে ৰাজ্যখনত চৰকাৰ গঠন কৰিব পৰাকৈ অজাপ আৰু ৰাইজৰ দলক শক্তি দিব নোৱাৰে৷ দুয়োটা দলেই আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক দল৷ কিন্তু সামগ্রিকভাৱে অসমত পুনৰ আঞ্চলিকতাবাদ প্রতিষ্ঠা কৰা ডজু হৈ থকা নাই৷ ১৯৮৫ চনত আঞ্চলিকতাবাদৰ প্রবল ঢ়ৌৱেও অসম গণ পৰিষদক ৬৪খন আসন দিয়া নাছিল৷ এতিয়া অসমত তেতিয়াৰ ৰাজনীতিৰ সৈতে আকাশ–পাতাল প্রভেদ৷ জনগোষ্ঠী, জনজাতিৰ নিজাকৈ ৰাজনৈতিক শক্তিৰ জন্ম হ’ল৷ তাৰে সিংহভাগ বিজেপি শিবিৰত৷ তদুপৰি, অজাপ আৰু ৰাইজৰ দলৰ মাজত কি সূত্র অথবা চর্তৰ মিত্রতা হ’ব, সেইটো অদ্যাপি স্পষ্ট হোৱা নাই৷ দুয়োটা দলৰ মাজত মিত্রতা নহ’লে আঞ্চলিকতাবাদী ৰাজনীতিয়ে এইবাৰো মুখথেকেচা খোৱাটো নিশ্চিত৷ তদুপৰি, দুয়ো দলৰ বিৰোধী শিবিৰত কংগ্রেছ–ইডডিএফ–ব আৰু বিজেপি–গপ–ইডপিপ্ জনগোষ্ঠীয়–জনজাতী শক্তি আছে৷ যুদ্ধখন এনেয়েও সহজ হৈ থকা নাই৷ তদুপৰি, নির্বাচনলৈও বেছি দিন নাই৷ এই তাকৰীয়া সময়ত বিভিন্ন শিবিৰত থকা আঞ্চলিকতাবাদী জনসাধাৰণক ঐক্যবদ্ধ কৰি এটা ছাতিৰ তললৈ অনা আৰু মেজিক সংখ্যা ৬৪ অর্জনৰ স্বার্থত আন আন জনজাতি–জনগোষ্ঠীৰ লোকক নিজৰ ফলীয়া কৰাটো দুয়োটা দলৰ বাবে অকল্পনীয় ধৰণৰ কঠিন কাম হ’ব৷ দল দুটাৰ সম্ভাৱনাও তাৰে মাজতে আবদ্ধ হৈ আছে৷

You might also like