নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিব্যাংগ পত্নীক ডিঙি চেপি নৃশংস হত্যা স্বামীৰ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ পৰকীয়া প্রেমৰ বাবে স্বামীয়ে পত্নী ৰাশিদা বিবি (২৬)ক ডিঙি চেপি হত্যা কৰা ঘটনাত সমগ্র অঞ্চলটোত তীব্র চাঞ্চল্য বিৰাজ কৰিছে৷ আৰক্ষী সূত্রই জনোৱা মতে যোৱা প্রায় পাঁচ বছৰ ধৰি হাতীগাঁৱৰ লক্ষীনাথ বেজবৰুৱা পথৰ চাৰি নং উপপথৰ আব্দুল ৰফৰ ঘৰত দক্ষিণ শালমাৰা মানকাচৰৰ, ছোট পাঠকেটাৰ মইনুল হকে (৩৩) পত্নীসহ ভাৰাতীয়া হিচাপে বসবাস কৰি আছিল৷ পাইপ মিস্ত্রী হিচাপে কর্মৰত মইনুলে যোৱা ১৫ জানুৱাৰীৰ নিশা প্রায় ১০ বজাত বাসগৃহত সোমাই এজন পৰপুৰুষৰ সৈতে পত্নী ৰাশিদাক প্রত্যক্ষ কৰি লম্পট যুৱকজনক মাৰধৰ কৰাত যুৱকজনে দৌৰি পলায়ন কৰে৷

ইপিনে, নিজ পত্নী ৰাশিদাক মাৰপিট কৰাৰ লগতে মাজনিশা শোৱাপাটীতে ডিঙি চেপি হত্যা কৰে৷ পত্নীক নৃশংসভাৱে হত্যা কৰি মৃতদেহটো বস্তাৰে বান্ধি বিছনাৰ তলত থৈ পুৱা তিনি বছৰীয়া কন্যা সন্তানটিক লৈ বাহিৰৰ পৰা কোঠালিটোত তলা লগাই ওলাই যায়৷ কালি হত্যাকাৰী মইনুলে নিজেই সন্ধিয়া হাতীগাঁও থানাত ফোনযোগে পত্নীক হত্যা কৰাৰ সমগ্র ঘটনা বিৱৰি কোৱাৰ লগতে তেওঁ আত্মসমর্পণ কৰিব বুলি আৰক্ষীক অৱগত কৰায়৷ পিছত আৰক্ষীয়ে ঘৰৰ মালিকৰ সহযোগত তলা ভাঙি মৃতদেহটো বিছনাৰ তলৰ পৰা বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত কালি সন্ধিয়া প্রায় ৬.৩০ বজাত উদ্ধাৰ কৰে৷ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে পৰিয়ালৰ লোকক গতাই দিয়ে৷ অৱশ্যে আজি পর্যন্ত হত্যাকাৰী মইনুলে আত্মসমর্পণ কৰা নাই৷

আনহাতে, হত্যাকাৰী মইনুলে কালি দিনৰ প্রায় ১১.৩০ বজাত নিজৰ তিনি বছৰীয়া কন্যাক পূর্বে ভাৰাতীয়া হিচাপে থকা হাতীগাঁৱৰ বেলতলা সংযোগী পথৰ খালিদা বেগমৰ ঘৰত থৈ যায়৷ আধা ঘণ্টা পিছত শিশুটিক লৈ যোৱাৰ কথা কৈ পূর্বতে থকা ভাৰাঘৰত থৈ ম’বাইল বন্ধ কৰি থোৱাত আজি পুৱা ঘৰৰ গৰাকীয়ে শিশুটি হাতীগাঁও থানাত চমজাই দিয়ে৷ উল্লেখ্য যে পূর্বেই হত্যাকাৰী মইনুল বিবাহপাশত আবদ্ধ হৈছিল৷ পূর্বৰ পত্নীৰ তিনিটা সন্তান থকাৰ পিছতো হাতীগাঁৱত দর্জী কাম কৰা বিশেষভাৱে সক্ষম যুৱতী ৰাশিদাক প্রেমৰ জালত পেলাই তেওঁ বিয়া পাতিছিল৷ ঘটনা সন্দর্ভত মহিলাগৰাকীৰ পৰিয়ালে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত ৪৯/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ অৱশ্যে দুই এদিনৰ ভিতৰত হত্যাকাৰী আৰক্ষীৰ জালত পৰিব বুলি হাতীগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাই জানিবলৈ দিছে৷

You might also like