নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিনেই একমাত্র অস্ত্র নহয়ঃ ক’ভিড–১৯ সন্দর্ভত আৰু কি ক’লে WHOৰ মুৰব্বী ঘেব্রীয়েছাছে

নিয়মীয়া বাৰ্তা, ১৪ এপ্রিলঃ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ সঞ্চালকপ্রধান টেড্রোছ আধানম ঘেব্রীয়েছাছে শেহতীয়াকৈ সতর্কবাণী কৰিছে যে ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ ভেকচিন ওলাইছে যদিও অকল ভেকচিনেই ইয়াক প্রতিৰোধ কৰাত একমাত্র অস্ত্র হ’ব নোৱাৰে৷

গতিকে ক’ভিড প্রতিৰোধৰ বাবে বিশ্ববাসীক সজাগ হ’বলৈ আহ্বান জনাইছে হুৰ মুৰব্বীগৰাকীয়ে৷ ঘেব্রীয়েছাছৰ মতে মহামাৰীমুক্ত পৃথিৱী এখন পাবলৈ আমাক দীঘলীয়া সময়ৰ প্রয়োজন হ’ব৷ সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত ঘেব্রীয়েছাছে উল্লেখ কৰিছে যে ভেকচিন ক’ভিড–১৯ প্রতিৰোধৰ বাবে এক শক্তিশালী তথা গুৰুত্বপূর্ণ হাথিয়াৰ৷

কিন্তু ইয়াৰ ওপৰত নির্ভৰ কৰিলেই মহামাৰীক প্রতিৰোধ কৰাটো সম্ভৱ নহ’ব৷ ক’ভিডমুক্ত পৃথিৱী এখন পাবলৈ হ’লে এই গ্রহৰ প্রতিগৰাকী বাসিন্দাই হ’ব লাগিব সজাগ৷ ক’ভিড প্রতিৰোধী প্রট’কল সকলোৱে কঠোৰভাৱে মানি চলিব লাগিব বুলিও উল্লেখ কৰিছে হুৰ মুৰব্বীগৰাকীয়ে৷

ঘেব্রীয়েছাছৰ মতে জানুৱাৰী আৰু ফেব্রুৱাৰী মাহত ৬টা সপ্তাহৰ বাবে পৃথিৱীত ক’ভিড আক্রান্তৰ সংখ্যা অভাৱনীয়ভাৱে হ্রাস পাইছিল৷ কিন্তু শেহতীয়াকৈ ইয়াৰ সংক্রমণ অতি দ্রুতগতিত বৃদ্ধি পাইছে৷ যোৱা সপ্তাহতটোত বিশ্বত অভাৱনীয়ভাৱে ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলিও উল্লেখ কৰে ঘেব্রীয়েছাছে৷

লক্ষণীয়ভাৱে এছিয়া আৰু মধ্যপ্রাচ্যৰ দেশসমূহত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে কেইবানিযুতো লোক৷ ইফালে, হুৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে যে বিশ্বত মানৱ শৰীৰত দেখিবলৈ পোৱা ৭০ শতাংশ ৰোগেই আহিছে বন্য জীৱ–জন্তুৰ পৰা৷ গতিকে ক’ভিড মহামাৰীৰ দৰে অন্যান্য সংক্রামক ৰোগবোৰৰ পৰা পৰিত্রাণ পাবলৈ হ’লে পশুৰ মাংস বিক্রীৰ বজাৰবোৰ বন্ধ হ’ব লাগিব বুলিও হুৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে৷

বিশ্বজুৰি এতিয়া পশুৰ তথা মাংসৰ বজাৰ নিয়ন্ত্রণ কৰাৰ সময় আহি পৰিছে বুলিও দাবী কৰিছে ঘেব্রীয়েছাছে৷ স্মর্তব্য যে ৰাষ্ট্রসংঘৰ দুটাকৈ সংস্থাই ইতিমধ্যে এই বিষয়টোৰ ওপৰত অধ্যয়ন চলাইছে৷

You might also like