নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাম কেৱল বিস্কুট খোৱা, দৰমহা বছৰি ৪০ লাখ… ক’ৰোনাৰ সময়ত আজৱ চাকৰি

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ ক’ৰোনা মহামাৰীৰ বাবে বহু লোকে চাকৰি হেৰুৱাইছে। চাৰিওফালে নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে। এই বিপৰ্যয়ৰ সময়তে এটা বিস্কুট কোম্পানীয়ে দিছে এক বিশেষ চাকৰিৰ বিজ্ঞাপন। শুনিলে চক খাব পৰাবিধৰ এই বিজ্ঞাপনত আছে যে বিস্কুট কোম্পানীটোৱে কেৱল তেওঁলোকৰ সামগ্ৰীৰ মানে বিস্কুটৰ সোৱাদ ল’বলৈ বছৰি ৪০ লাখ টকা দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ অৰ্থ হৈছে বিস্কুটৰ সোৱাদ লোৱাৰ বাবদ মাহেকত পাব প্ৰায় ৩.৫ লাখ টকা।

দ্য ইণ্ডিপেণ্ডেণ্টৰ প্ৰতিবেদন মতে, ১৯৮৪ চনৰ পৰা বিস্কুটৰ ব্যৱসায় কৰা স্কটলেণ্ডৰ বৰ্ডাৰ বিস্কুট নামৰ কোম্পানীটোৱে এই লাভজনক চাকৰিটো আগবঢ়াইছে। কিন্তু ডাঙৰ কথাটো হ’ল এই কামত কেৱল বিস্কুটৰ সোৱাদ ল’ব লাগিব আৰু ইয়াৰ মানৰ ওপৰত কাম কৰিব লাগিব। ইয়াৰ বাবে বিস্কুটৰ সোৱাদ সম্পৰ্কে থাকিব লাগিব যথেষ্টখিনি জ্ঞান।

বিস্কুট নিৰ্মাতা কোম্পানীটোৱে জাৰি কৰা চৰ্তমতে ‘মাষ্টাৰ বিস্কিটাৰ’ হোৱাৰ লগতে বিস্কুট কেনেদৰে নিৰ্মাণ কৰা হয় সেইটোও জনা উচিত।

একে সময়তে, কোম্পানীয়ে বাৰ্ষিক ৩৫দিনৰ বাবে ছুটী প্ৰদান কৰিব। কোম্পানীটোৰ পৰিচালন নিৰ্দেশকে প্ৰকাশ কৰিছে যে বিভিন্ন স্থানৰ পৰা উন্নত আৰু প্ৰতিভাশালী প্ৰতিভা বিচৰা হৈছে। কোম্পানীটো যিহেতু ইয়াৰ মানৰ বাবে বিখ্যাত, গতিকে গ্ৰাহকৰ সোৱাদৰ ক্ষেত্ৰত আপোচ নকৰে। সেয়ে কোম্পানীটোক প্ৰয়োজন হৈছে স্বাদ সম্পৰ্কে ভাল জ্ঞান থকা মাষ্টাৰ বিস্কিটাৰ। উল্লেখ্য ১৫ অক্টোবৰত প্ৰকাশিত বিজ্ঞাপনটোৰ বিপৰীতে ২৪ ঘণ্টাৰ ভিতৰত আবেদন আহিছে ১৫০০খন।

You might also like