নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পখীৰ ঠোঁটত মাস্ক, ছ’চিয়েল মিডিয়াত ক্ষোভৰ বন্যা

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ দেশ তথা সমগ্ৰ বিশ্বত এতিয়াও ক’ৰোনা সংক্রমণ অব্যাহত আছে। প্রতিদিনে নতুন নতুন ৰেকর্ড গঢ়িছে আক্রান্তৰ সংখ্যাই। এনে পৰিস্থিতিত মাস্ক (Mask) আৰু ছেনিটাইজাৰৰ (Sanitizer) ব্যৱহাৰেই একমাত্র দূৰত ৰাখিব পাৰে ক’ৰোনাক। তথাপিও বহুলোকেই ৰাজহুৱা স্থানত মাস্ক পিন্ধিবলৈ পাহৰি যায়। আনহাতে বহুতেই মাস্ক ব্যৱহাৰ কৰি য’তে-ত’তে পেলাই দিয়ে মাস্কসমূহ। ইয়াক লৈয়ে সম্প্ৰতি সৰৱ হৈছে ছ’চিয়েল মিডিয়া।

সম্প্রতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ছবি, য’ত দেখা গৈছে এটা পখীয়ে মুখত ধৰি আছে মাস্ক। আৰু সেই ছবিখন দেখি উষ্মা প্রকাশ কৰিছে বহুতে। সকলোৰে এটাই অভিযোগ, এনেদৰে য’তে-ততে মাস্ক পেলালে সংক্রমণৰ আশংকা থাকে। প্ৰদূষণো হয়।

You might also like