নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেল্যুট মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

- অপূর্ব অধিকাৰী

‘ৰাইজৰ সেৱাত অসম আৰক্ষী’’– এই কথাষাৰ যেন বিগত সময়ছোৱাত হর্ডিংসমূহৰ বিজ্ঞাপনত সীমাবদ্ধ আছিল৷ জনতাৰ সেৱাত নিয়োজিত একাংশ আৰক্ষীয়ে অপৰাধী, ডকাইত, গো মাফিয়া, কয়লা মাফিয়া, ড্রাগ্ছ মাফিয়া, বন মাফিয়াৰ আঙুলিৰ ঠাৰত উঠা–বহা কৰা ঘটনাই সর্বসাধাৰণ জনতাক একপ্রকাৰ আতংকিত কৰি পেলাইছিল৷ এই কার্যৰ প্রতিবাদ কৰি বহু সৎ, নিৰীহ সাংবাদিক, যুৱকে মাফিয়াৰ টার্গেটত পৰি অকাল মৃত্যুক সাবটি ল’ব লগা হোৱা ঘটনাও এইখন অসমত বহুবাৰ সংঘটিত হৈছিল৷ ৰাজ্যত ২০০১ চনৰ পৰা তৰুণ গগৈ চৰকাৰ আৰু ২০১৬ চনৰ পৰা সোণোৱাল নেতৃত্বাধীন দিছপুৰীয়া চৰকাৰখনে এই অপৰাধী চক্রটোক নিয়ন্ত্রণ কৰাত সর্বদিশতে বিফল হৈছিল৷ যাৰ ফলস্বৰূপে সমগ্র অসমতে এইসকল অপৰাধীয়ে একাংশ আৰক্ষী বিষয়া, ৰাজনৈতিক নেতাৰ আশীর্বাদত শ শ–কৌটি টকাৰ গৰাকী হৈ বিশাল ক’লা সাম্রাজ্য গঢ়ি তোলা পৰিলক্ষিত হৈছিল৷ অপৰাধ নিয়ন্ত্রণৰ বাবে একাংশ সৎ আৰক্ষী বিষয়াই আইনী ব্যৱস্থা ল’লে মাফিয়া চক্রই দিছপুৰৰ প্রভাৱশালী ৰাজনৈতিক চক্রৰ হস্তক্ষেপত তাৎক্ষণিক শাস্তিমূলক বদলিৰ নির্দেশ দিয়াটো যেন সর্বজনবিদিত অভিযোগ প্রতিজন মানুহৰ মুখত শুনিবলৈ পোৱা গৈছিল৷ যেন পৱিত্র খাকী পোছাকযোৰত ক’লা দাগ লগাই মাফিয়া চক্রৰ ওচৰত নিজৰ বিবেক–বিবেচনা বিক্রী কৰি ছিষ্টেমৰ ওচৰত হাৰ মানিব লগা হৈছিল অসম আৰক্ষী৷ আজি আৰু সেইদিনৰ অন্ত পৰা যেন কিছু অনুভৱ হৈছে দিছপুৰত যোৱা ১১ মে’ত ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রীৰ শপত লোৱাৰ পিছতে নৱগঠিত ড০ শর্মা নেতৃত্বাধীন চৰকাৰে অপৰাধীৰ ক’লা সাম্রাজ্যখন উৎখাত কৰিবলৈ এক শক্তিশালী কঠোৰ পদক্ষেপ গ্রহণ কৰা সকলোৰে দৃষ্টিগোচৰ হৈছে৷
অসমৰ গতিশীল, কর্মদক্ষ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গৃহ বিভাগৰ আমূল সংস্কাৰৰ লগতে অসমৰ বিভিন্ন থানাত কর্মৰত আৰক্ষী বিষয়া ১৯৩জনক একেদিনাই কোনো ৰাজনৈতিক হস্তক্ষেপ নোহোৱাকৈ বদলি কৰা কার্য আৰক্ষী বিভাগত এক নজিৰবিহীন ঘটনা হিচাপে বিবেচিত হৈছে৷ দীর্ঘদিন ধৰি ৰাইজৰ সেৱাত নিয়োজিত অসম আৰক্ষীক আধুনিকীকৰণৰ নামত মুখ্যমন্ত্রী ড০ শর্মাই কাজিৰঙাত গৃহ বিভাগৰ উচ্চস্তৰীয় আমোলা–বিষয়া, সকলো জিলাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত অসম আৰক্ষীক অধিক গতিশীল কৰিবলৈ গ্রহণ কৰা ঐতিহাসিক কেইবাটাও সিদ্ধান্তই এক যোগাত্মক বার্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে অসমৰ প্রায় কেউখন জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ–আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়াক ব্যাপক ৰদবদল কৰি আৰক্ষীৰ সংস্কাৰৰ বাবে লোৱা পদক্ষেপ সঁচাকৈয়ে প্রশংসনীয়৷ আৰক্ষীৰ মনোবল বৃদ্ধিৰ বাবে মুখ্যমন্ত্রী শর্মাইআৰক্ষীৰ বেটেলিয়নত কর্মৰত চিপাহীৰ পৰিয়ালৰ সুবিধার্থে বাধ্যতামূলক এমাহৰ ছুটী দিয়াৰ লগতে আৰক্ষীৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ বিশেষ ‘স্বাস্থ্য আঁচনি’ গ্রহণ কৰি অসম আৰক্ষীৰ মর্মবেদনা উপলব্ধি কৰাৰ বাবে যত্ন কৰা কার্যক ধন্যবাদ জনাবই লাগিব৷ ৰাজ্যৰ ৩৪৬খন থানাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিগত কেইবাবছৰজুৰি ‘মৈত্রী আঁচনি’ৰ জৰিয়তে দুই কৌটি টকা ব্যয় কৰি ৫০ শতাংশ থানা পুনৰ নির্মাণৰ ব্যৱস্থা হৈছিল যদিও মুখ্যমন্ত্রী ড০ শর্মাই ‘মৈত্রী আঁচনি’খনক সম্পূর্ণ ৰূপায়ণত গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হৈছে৷ ইফালে মুখ্যমন্ত্রী ড০ শর্মাই দায়িত্ব গ্রহণ কৰিয়ে ড্রাগ্ছ, গৰু ছিণ্ডিকেট, কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে গ্রহণ কৰা যুদ্ধংদেহি স্থিতিয়ে ৰাজ্যৰ সমাজ জীৱনত এক বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷
মুখ্যমন্ত্রীৰ কঠোৰ নির্দেশৰ পিছতে মাফিয়াৰ বিৰুদ্ধে অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে যেন জনতাৰ সেৱাত নিয়োজিত আৰক্ষী বিভাগটো সঁচাকৈয়ে অধিক সক্রিয় হৈ পৰিছে৷ বিগত ৪৫টা দিনত দুজনকৈ কুখ্যাত মাফিয়া আৰক্ষীৰ গুলীত নিহত কৰাৰ বিপৰীতে ১২জনক গুলীয়াই আহত কৰিছে৷
২৯ মে’ আৰম্ভ হৈছিল অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান– ড্রাগ্ছ মাফিয়া মনছুৰক গুলীয়াই আহত কৰে নগাঁও আৰক্ষীয়ে৷
দুর্ধর্ষ ডকাইত জাহিদুল কবিৰক দুটা গুলীৰে আহত কৰে নগাঁও আৰক্ষীয়ে৷ ইয়াৰ পিছতে গো মাফিয়া বক্কৰ আলীক পিঠিত গুলীয়াই আহত কৰাৰ উপৰি নলবাৰী আৰক্ষীয়ে ৰুবুল হুছেইন আৰু বিজু আহমেদক হাত আৰু ভৰিত গুলী কৰে৷
কোকৰাঝাৰৰ দুই ভগ্ণী ধর্ষণকাৰী ফৰিজুলক গুলীয়াই আহত কৰে কোকৰাঝাৰ আৰক্ষীয়ে৷ পৰৱর্তী সময়ত উজনি অসমত সন্ত্রাস সৃষ্টি কৰি অহা শিৱসাগৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰে কুখ্যাত মাফিয়া বুবু কোঁৱৰক৷
অপহৰণৰ লগত জডিত অসম আৰক্ষীত কর্মৰত ৰাজা বাবুক গুলীয়াই আহত কৰে আৰক্ষীয়ে৷ ইয়াৰ পিছতে চাপৰৰ ডকাইত ছাইদুল ইছলামক গুলীয়াই আহত কৰে৷ বৰপেটাৰ গো মাফিয়া মোজাম্মিলক গুলীয়াই আহত কৰে আৰক্ষীয়ে৷
আজাৰাৰ ড্রাগ্ছ মাফিয়া ছফিকুলক গুলীয়াই আহত কৰে আৰক্ষীয়ে৷
শিশুক ধর্ষণ কৰি হত্যা কৰা মৰিগাঁৱৰ চৈয়দ আলী ওৰফে পাঠাক ভৰিত দুটা গুলী কৰি আহত কৰে৷
আজিত দাসৰ অপহৰণৰ মূল অভিযুক্ত কানৱালদ্বীপ সিং সিদ্ধুক কার্বি আংলঙত গুলীয়াই হত্যা কৰে আৰক্ষীয়ে৷ পুনৰ কোকৰাঝাৰত ৩ জুলাইৰ নিশা গো মাফিয়া চোৰাংগী সিন্নাক গুলীয়াই আহত কৰে আৰক্ষীয়ে৷
মাফিয়াৰ বিৰুদ্ধে যেন এখন যুদ্ধত নামি পৰিছে অসম আৰক্ষী৷ অসম আৰক্ষীৰ সঞ্চালক ভাস্কাৰজ্যোতি মহন্ত, শীর্ষ আৰক্ষী বিষয়া জি পি সিং, একমাত্র মহিলা শীর্ষ আৰক্ষী বিষয়া ভাইলট বৰুৱাৰ দৰে অসম আৰক্ষীৰ শীর্ষ বিষয়া, নিষ্ঠাৱান শ শ থানা পর্যায়ৰ আৰক্ষী বিষয়া, আৰক্ষী কর্মী ৰাজনৈতিক হেঁচা মুক্ত হৈ নিজৰ কাম মুখ্যমন্ত্রীৰ নির্দেশত হেলাৰঙে কৰি যাবলৈ সক্ষম হৈছে৷ যাৰ ফলস্বৰূপে বহু শীর্ষ ৰাজনৈতিক নেতাৰ আশীর্বাদত বলিয়ান কুখ্যাত অপৰাধী বুবু কোঁৱৰক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ উপৰি গো মাফিয়া খাইৰুল ইছলামক হাউলীত গ্রেপ্তাৰ, গো মাফিয়া মোজ্জামেলক গ্রেপ্তাৰ কৰি ছিণ্ডিকেটৰ বিৰুদ্ধে গ্রহণ কৰা কঠোৰ স্থিতিয়ে ৰাজ্যখনৰ সমাজ জীৱনক এক নতুন বার্তা দিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীৰ এই যুদ্ধংদেহি স্থিতিত বহু ৰাজনৈতিক নেতা আৰু নেতাৰ নিষ্ঠুৰ বুকুত কঁপনি উঠা পৰিলক্ষিত হৈছিল৷ মুখ্যমন্ত্রীৰ ড্রাগ্ছমুক্ত সমাজ গঢ়াৰ সংকল্পক বাস্তৱ ৰূপ দিয়াৰ স্বার্থত গোৱালপাৰাৰ চাটাইমাৰী বজাৰৰ পৰা জাহাংগীৰ আলম নামৰ লোকজনৰ ঔষধৰ দোকানৰ মজিয়া খান্দি দহ ফুট তলত ড্রাগ্ছ আৰু নিচা জাতীয় সামগ্রীভাণ্ডাৰ উদ্ধাৰ কৰি অসম আৰক্ষীয়ে নিজৰ সফলতা জাহিৰ কৰিবলৈ সক্ষম হৈছে৷ এজন মুখ্যমন্ত্রী তথা গৃহমন্ত্রীয়ে কি কৰিব নোৱাৰে যদি তেওঁ সততা, নিষ্ঠাসহকাৰে সমাজখনক আগুৱাই নিব বিচাৰে, সেই কথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমবাসীৰ আগত হাতে–কামে স্পষ্ট ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে৷ আজি অতবছৰে বিশ্বাসযোগ্যতা হেৰুৱাই পেলোৱা অসম আৰক্ষীৰ হূত মর্যাদা পুনৰ ওভতাই অনাত যেন ক্রমাৎ সক্ষম হৈছে৷ এই অভিযানৰ যদি ধাৰাবাহিকতা অসম আৰক্ষীয়ে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়, তেন্তে ৰাজ্যবাসীৰ ভৱিষ্যৎ প্রজন্মৰ বাবে এক আশীর্বাদ স্বৰূপ হৈ পৰাটো একপ্রকাৰ নিশ্চিত৷ নৱগঠিত শর্মা নেতৃত্বাধীন চৰকাৰখনে গৃহ বিভাগৰ আন্তঃগাঁথনি উন্নয়ন আৰু সংস্কাৰৰ বাবে অনাগত দিনবিলাকত গভীৰ প্রত্যাহ্বান হিচাপে ল’ব পাৰিলেহে সমগ্র অভিযানৰ ধাৰাবাহিকতা ৰক্ষা কৰি সফল হোৱাত সহজ হ’ব৷
এইক্ষেত্রত অসম আৰক্ষীক অধিক গতিশীল কৰি তুলিবলৈ আমূল সংস্কাৰত মুখ্যমন্ত্রীয়ে আন্তৰিকতাৰে কেইটামান বিশেষ বিষয়ত গুৰুত্ব প্রদান কৰাটো উচিত হ’ব–
১৷ অসম আৰক্ষীৰ আধুনিকীকৰণৰ লক্ষ্যৰে পূর্বৰ চৰকাৰে ‘অসম আৰক্ষীৰ মৈত্রী আঁচনি’ৰ অধীনত ২ কৌটিকৈ টকা থানাসমূহৰ কার্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে নির্ধাৰণ কৰিছিল৷ অতি ৰহস্যজনক কথাটো হ’ল সমগ্র অসমত কেৱল ৫০ শতাংশমান থানা এই আঁচনিৰ অধীনত নতুনকৈ নির্মাণ হ’ল যদিও বাকী থানাসমূহ আজিলৈকে নির্মাণ নহ’ল৷ এইক্ষেত্রত মুখ্যমন্ত্রীয়ে অধিক সক্রিয়তাৰে চকু দিলে ভাল হয়৷
২৷ অসমৰ প্রায় ৩৪৬খন থানা, আৰক্ষী চকী আৰু নিৰীক্ষণ চকীৰ আৱাসগৃহবোৰ দেখিলে দুখ লাগিব৷ কাৰণ বেছিভাগ আৱাসগৃহ প্রয়োজনীয় মেৰামতিৰ অভাৱত জহি–খহি গৈছে৷ যাৰ ফলত দিনৰ দিনটো কর্তব্য পালন কৰা আৰক্ষী কর্মীসকলে নিশা বৰ কষ্টৰে জীৱন অতিবাহিত কৰিব লগা হয়৷ এই কথা সাধাৰণ আৰক্ষীয়ে জিলাৰ একাংশ শীর্ষ আৰক্ষী বিষয়াক অৱগত কৰিলে বিভিন্ন ককর্থনাৰ সন্মুখীন হোৱাৰো নজিৰ আছে৷
গতিকে আৰক্ষী আৱাসগৃহসমূহ পুনৰ নির্মাণ বা মেৰামতি কৰিলে মুখ্যমন্ত্রীৰ প্রতি সাধাৰণ আৰক্ষী কর্মীসকলে বহু পৰিমাণে কৃতজ্ঞ হৈ নিঃস্বার্থভাৱে সেৱা আগবঢ়াব৷
৩৷ আৰক্ষী থানাৰ নামত পেড্র’ল– ডিজেলৰ আবণ্টন আৰু ব্যয় কি ভিত্তিত কোনে তদাৰক কৰে ? সেই বিষয়ত বিশেষ নজৰ দিলে ভাল হয়৷ কাৰণ সচৰাচৰ থানাত গোচৰ বা বিবাদ নিষ্পত্তি কৰিবলৈ আহিলে আৰক্ষীৰ প্রথম শ্লোকটোৱে হ’ল–
‘তেলৰ খৰচটো লাগিব’৷
গতিকে সাধাৰণ জনতাক চুই যাব পৰাকৈ এই বিষয়টোত গুৰুত্ব প্রদান কৰিলে মুখ্যমন্ত্রীৰ কর্মৰ গতিশীলতা অধিক বৃদ্ধি হ’ব৷
৪৷ অসমত ৬ খন নদী আৰক্ষী থানা আছে৷ ইয়াৰে নামনি অসমৰ ধুবুৰীৰ নায়েৰআলগা চৰ আৰু গোৱালপাৰাৰ পঞ্চৰত্ন নদী আৰক্ষী থানা দুখনত বিশেষ গুৰুত্ব প্রদান কৰিব পাৰিলে ভাল হয়৷
কাৰণ বাংলাদেশী জামাতুল মুজাহিদীন আৰু মৌলবাদী উগ্রপন্থীয়ে নদী পথক ব্যৱহাৰ কৰি ভৱিষ্যৎ অসমত ভয়াৱহ বিপদ মাতি আনিব পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ সেয়ে মুখ্যমন্ত্রী আৰু গৃহ বিভাগে এইক্ষেত্রত উচিত পদক্ষেপ গ্রহণ কৰিলে ভাল হয়৷
৫৷ অসম আৰক্ষী বিভাগক সূক্ষ্মভাৱে চালে দেখা যায়– পোছাকযোৰৰ বিভাগীয় আবণ্টনৰ নামত খেলিমেলি হোৱা দেখা যায়৷ এনেকুৱা আভ্যন্তৰীণ সমস্যাসমূহ সমাধান কৰিব পাৰিলে নিম্ন পর্যায়ৰ আৰক্ষীৰ মনোবল বৃদ্ধি কৰাত গৃহ বিভাগৰ মন্ত্রী হিচাপে ড০ শর্মা সফল হ’ব৷
৬৷ গুৱাহাটী পুলিচ ৰিজার্ভৰMTO কার্যালয়ৰ অধীনত পেড্র’ল–ডিজেল যোগানৰ নামত আজি বহু বছৰে এটা নির্দিষ্ট পেড্র’ল, ডেজেল ডিপোক যোগানৰ দায়িত্ব দিয়াৰ সলনি নির্দিষ্ট সময়ত বেলেগ তেল ডিপোক নিবিদাৰ দ্বাৰা আবণ্টন দিয়াৰ পোষকতা কৰিলে বহু খেলিমেলি দূৰ হ’ব৷
৭৷ আৰক্ষী প্রশিক্ষণ কেন্দ্রসমূহত খাদ্য যোগান, প্রশিক্ষণৰ নামত ভয়াৱহ কেলেংকাৰি যে হোৱা নাই তাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ কাৰণ প্রশিক্ষণ কেন্দ্রসমূহৰে অধিনায়ক আৰু এটা চক্রই মিলি খাদ্যৰ নামত হোৱাই নোহোৱাই বিল বনাই চৰকাৰী ধন শৰাধ কৰি আহিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈ আহিছে৷ লগতে প্রশিক্ষণৰ সময়ত কর্তব্যৰত প্রশিক্ষার্থীসকলক ছুটীকে আদি কৰি বিভিন্ন সময়ত ধনৰ লেনদেন চলি আহিছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে৷ সমগ্র বিষয়সমূহ সংস্কাৰ কৰিব পাৰিলে আৰক্ষী কর্মীসকলে হিয়া–মন উজাৰি সমাজখনৰ মংগলৰ বাবে কাম কৰাত সুবিধা পাব৷
অসম আৰক্ষী সংস্কাৰত দেশে স্বাধীনতা লাভৰ পিছত ৰাজ্যৰ কোনো এজন মুখ্যমন্ত্রী তথা গৃহ বিভাগৰ মন্ত্রীয়ে ইমান তৎপৰতা দেখুৱা নাছিল, যি তাৎক্ষণিক পদক্ষেপ লৈছে বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীৰ ক্ষিপ্র নির্দেশৰ ফলস্বৰূপে অসম আৰক্ষীয়ে উদালিত চিকিৎসক প্রহাৰত জডিত ২৪জন লোকক ২৪ ঘণ্টৰ ভিতৰত গ্রেপ্তাৰ কৰি এমাহৰ ভিতৰত ৬৬৯ পৃষ্ঠাৰ চার্জশ্বীট দাখিল কৰি অসম আৰক্ষীয়ে নিজৰ বলিষ্ঠ সক্ষমতা প্রকাশ কৰিছে৷ তেওঁ এফালে যেনেদৰে মৃত বিধায়ক সতীর্থৰ ঘৰলৈ গৈ খা–খবৰ লৈছে, তেনেদৰে সংখ্যালঘু সম্প্রদায়ৰ ভুৰাগাঁৱৰ ৯ বছৰীয়া হত্যা কৰা কিশোৰী ছোৱালীজনীৰ ঘৰত গৈ পৰিয়ালক সাত্ব্ন্না দিয়াৰ উপৰি ভূৰাগাঁও থানাত উপস্থিত হৈ গোচৰটোৰ তদন্তৰ বুজ লোৱা অসমৰ ইতিহাসত প্রথমগৰাকী মুখ্যমন্ত্রী হিচাপে বিবেচিত হৈছে৷ থানা চৌহদৰ পৰাই উপস্থিত গাঁওবাসীৰ সৈতে মত বিনিময় কৰি সমবেদনা জনাই আশ্বস্ত কৰি এক শক্তিশালী বার্তা দিয়ে–
‘প্রতিগৰাকী ব্যক্তিৰ জীৱন মূল্যৱান’৷
তেওঁ এফালে যেনেদৰে জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰাৰ বাবে জে’ললৈ যাব লগা হোৱা প্রান্তোষ ৰয়ৰ ঘৰত গৈ সন্মান যাঁচিছে, তেনেদৰে কর্তব্যপৰাণতাৰ বাবে হোমগার্ড বৰছিং বে’ক সন্মান যাঁচি দিছপুৰ সচিবালয় চৌহদত পেণ্ডেল সাজি পুলিছ কনিষ্টবল নিযুক্তি দি অসম আৰক্ষীৰ মনোবল অধিক সুদৃঢ় কৰাত লোৱা পদক্ষেপে ৰাজ্যবাসীৰ বিপুল প্রশংসা ভাল কৰিবলৈ সক্ষম হৈছে৷ যাৰ ফলস্বৰূপে আজি ৰাজ্যখনক এক নতুন দিশেৰে আগুৱাই নিয়াত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যি বলিষ্ট নেতৃত্ব প্রদান কৰিছে, সেয়া এক আশাৰ ৰেঙনি হিচাপে বিবেচিত হৈছে৷ এইক্ষেত্রত ৰাজ্যৰ গৃহ বিভাগ আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, আৰক্ষী বিষয়া আৰু কর্মীসকলক আমি সকলোৱে ধন্যবাদ দিবই লাগিব৷৷

You might also like