নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসকৰ মতে জন্মৰ পাছত ২৪ ঘণ্টাও বাচি থকাৰ আশা নাছিল; তেওঁৰ বয়স আজি ৪৪ বছৰ…

পিছলৈ মূৰ দিয়ে জন্ম। এনেকৈয়ে পাৰ কৰিলে জীৱনৰ ৪৪ টা বসন্ত। ওলোটা মূৰ লৈ জন্ম হোৱা এইগৰাকী ব্যক্তিৰ পৰিয়ালক চিকিৎসকে জন্মৰ পিছতে জনাইছিল যে ২৪ ঘণ্টাও লোকজন বাচি থকাৰ আশা নাই।

উত্তৰ-পূব ব্রাজিলৰ ৰাজ্য বাহিয়াত ক্লোদিও ভিয়েৰা ডি অলিভাৰিয়া জন্মগ্রহণ কৰিছিল আর্থ্রোগ্রিপোছিচ মাল্টিপ্লেক্স কনজেনাইটা নামৰ এক বিৰল ৰোগ আক্ৰান্ত হৈ।

জীৱনৰ বহু কিছু কথাৰ পৰা বঞ্চিত হৈছিল ঠিকেই, কিন্তু জীৱনৰ প্রতি পদ জীয়াই থকাৰ হাবিয়াস লৈ ফুৰিছিল তেওঁ।

পৰৱৰ্তী সময়ত তেওঁ ডাঙৰ হোৱাৰ পিছত দেখা যায় যে তেওঁৰ মূৰটো পিঠিৰ ফালে পৰি যায় আৰু ৭ বছৰ বয়সত খোজকাঢ়িবলৈ লয় আঁঠুৰে।

শাৰীৰিকভাৱে সক্ষম এই লোকজনে জনাইছে, উশাহ-নিশাহ লওতে, দেখাত বা আহাৰ-পানী গ্ৰহণ কৰোতেও তেওঁৰ কোনো সমস্যা নহয়।

উল্লেখ কৰা প্ৰয়োজন যে তেওঁ প্রেৰণামূলক বার্তা দি নানা ভিডিঅ’ প্ৰস্তুত কৰে। বহু প্ৰত্যাহ্বান নেওচি এতিয়া কৰ্মত তেওঁ এজন কেৰিয়াৰ পৰামৰ্শদাতা।

তেওঁ আৰু জনাইছে, “মই কেতিয়াও মনত ভবা নাই যে মোৰ জীৱনত কিবা অসুবিধা আছে। মোৰ জীৱন আন ৫ জন সাধাৰণ মানুহৰ দৰেই।”

You might also like