নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী এতিয়া বহু দূৰ নহয়ঃ মুখ্যমন্ত্রীয়ে প্রতিষ্ঠা কৰিলে নতুন ধাৰণা

  • দীপ্তিমান বৰঠাকুৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কার্যভাৰ লোৱাৰ পাছৰে পৰা দুর্বাৰ গতিৰে অসমৰ বিকাশৰ বাবে দিন–ৰাতি একাকাৰ কৰি কাম কৰি গৈছে৷ ন ন আঁচনিৰ সফল সমাপ্তি ঘটাই জনসাধাৰণৰ আস্থা–বিশ্বাস লাভ কৰি সকলোৰে মৰমৰ–আদৰৰ মুখ্যমন্ত্রী হৈ পৰিছে৷ তেওঁ য’তেই হাত দিয়ে, তাক সফল কৰিব নোৱাৰা পর্যন্ত থিৰে নাথাকে৷ হাজাৰ প্রত্যাহ্বানকো হেলাৰঙে অতিক্রমি জনসাধাৰণৰ হিতার্থে কৰিব খোজা কামবোৰ কৰি জনসাধাৰণৰ আস্থাভাজন হৈ পৰিছে৷ নির্বাচনী প্রতিশ্রুতিবোৰ এটা এটাকৈ পূৰণ কৰি দেখুৱাইছে৷
পূর্বতে এটা প্রচলিত ধাৰণা আছিল– ‘দিল্লী বহু দূৰ’৷ কিন্তু সেই ধাৰণাক মুখ্যমন্ত্রী হৈয়েই নস্যাৎ কৰি পেলালে৷ কেন্দ্রীয় চৰকাৰৰ লগত সঘন যোগাযোগ ৰাখি, সেইমতে কেন্দ্রৰ পৰা ৰাজ্যৰ উন্নয়নৰ বাবে প্রয়োজনীয় পুঁজি মোকলাই আনি ৰাজ্যত বিকাশৰ এক ধাৰা সৃষ্টি কৰিলে৷ ৰাজনৈতিক ক্ষেত্রখনত তেওঁৰ বিচক্ষণ বুদ্ধিমত্তা প্রকাশ কৰি দেখুৱাইছে৷

আমাৰ এষাৰ কথা আছে যে ‘সাহসেই সিদ্ধি, সিদ্ধিয়েই ভগৱান’৷ এনে এক সুন্দৰ ভাবনাৰে ড০ হিমন্ত বিশ্ব শর্মাই কামত অগ্রসৰ হৈ এগৰাকী দক্ষ, সফল মুখ্যমন্ত্রী হোৱাৰ যোগ্যতা অর্জন কৰিছে৷ পূর্বতে মুখ্যমন্ত্রীসকলে ৰিস্ক ল’বলৈ সাহস কৰা নাছিল৷ কিন্তু ড০ শর্মাই সততাৰে, সাহসেৰে কামবোৰ নিয়াৰিকৈ কৰি ৰাজ্যখনক এখন বিকশিত ৰাজ্য কৰি তোলাৰ প্রয়াস কৰি গৈছে৷ আগতে অফিচ–কাছাৰীবোৰত কর্মসংস্কৃতি একেবাৰে নাছিল বুলিব পাৰি৷ দিনটো অফিচ–কাছাৰীত চৰকাৰী কর্মচাৰীৰ সেৰেঙা উপস্থিতি দেখা গৈছিল৷ উপস্থিত থকাসকলেও আড্ডা মাৰি সময়বোৰ পাৰ কৰি দিছিল৷ অফিচ–কাছাৰীবোৰত, সচিবালয়ত কর্মসংস্কৃতি বৃদ্ধি কৰিবলৈ তেওঁ ‘প্রজেক্ট সদ্ভাবনা’ আৰম্ভ কৰিছিল৷ ‘সদ্ভাবনা প্রকল্প’ৰ আধাৰত বহু অমীমাংসিত কাম ক্ষিপ্রতাৰে সমাধান কৰাৰ পৰিৱেশ ৰচনা কৰিছিল৷ অৱসৰপ্রাপ্ত কর্মচাৰীৰ পেন্সন, মাটি–বাৰী সম্পর্কীয় কাম নিষ্পত্তিৰ বাবে সময় নির্ধাৰিত কার্যসূচীৰে শেষ কৰাৰ সিদ্ধান্ত লৈছিল৷ এই আঁচনিৰ দ্বাৰা বহু অমীমাংসিত কামৰ সফল সমাপ্তি ঘটালে৷ ফলস্বৰূপে ৰাইজ উপকৃত হ’ল৷ ঠিক সেইদৰে মাটি বেচা–কিনাত এচাম দালালৰ দালালৰাজবন্ধ কৰাৰ বাবে মাটিৰ দালালক ধৰি জে’ললৈ পঠাই দালালৰাজৰ বিৰুদ্ধে এক যুঁজত অৱতীর্ণ হৈ সফলতা অর্জন কৰিলে৷ ড০ শর্মাৰ ভিজিলেঞ্চ গোটে এতিয়াও সক্রিয়তাৰে ৰাজ্যত কাম কৰি অনেক ঘোচখোৰ বিষয়া–কর্মচাৰীক জে’ললৈ প্রেৰণ কৰিছে৷ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰি তেওঁ কাম কৰি গৈছে৷ এইবোৰ কামৰ মাজতো তেওঁৰ সাহসী সিদ্ধান্ত ওলাই পৰিছে৷ ৰাজ্যখনক এখন শ্রেষ্ঠ বিকশিত ৰাজ্য কৰি তোলাৰ এক সপোন অভিমুখী যাত্রা অব্যাহত ৰাখিছে৷

মুখ্যমন্ত্রীৰ কার্যভাৰ গ্রহণ কৰাৰ পিছতে ভয়ংকৰভাৱে যুৱপ্রজন্মক নিঃশেষ কৰি পেলাবলৈ ধৰা বৰবিহৰূপী ড্রাগ্ছৰ বিৰুদ্ধে এক যুদ্ধৰ সূচনা কৰি পুলিচ বাহিনীক সক্রিয়তাৰে কাম কৰাত উদ্গনি যোগাইছে৷ এনে কামত জনসাধাৰণৰ সহায়–সহযোগিতা অতীব প্রয়োজন৷ জনসাধাৰণৰ মাজত থকা চোৰাং ড্রাগ্ছৰ বেপাৰীক ধৰি দি সহায় কৰা দৰকাৰ৷ এনে নকৰাৰ ফলত ক’ৰবাত ক’ৰবাত অপ্রীতিকৰ ঘটনা সংঘটিত হৈছে৷ মানুহৰ ভুলৰ শুধৰণি হ’লে বৰবিহৰূপী ড্রাগ্ছৰ বেপাৰ এদিন বন্ধ হ’ব বুলি ভাবিব পাৰি৷ ড০ হিমন্ত বিশ্ব শর্মাৰ ই এটা লেখত ল’বলগীয়া কার্যব্যৱস্থা বুলি ক’ব পাৰি৷ পূর্বৰ চৰকাৰে সাহসেৰে এনে দুষ্কার্য বন্ধ কৰাৰ প্রয়াস নকৰাৰ বাবে সমাজখন ধ্বংস হোৱাৰ দিশে গতি কৰিছিল৷ এতিয়া অন্ততঃ বৰবিহ বন্ধ হ’বগৈ বুলি ভাবিব পাৰি৷ তাৰ বাবে ড০ শর্মাক ধন্যবাদ জনালোঁ৷

পর্যটনৰ বিকাশৰ বাবেও নানা পদক্ষেপ গ্রহণ কৰি শিৱসাগৰ, মাজুলী, চৰাইদেউ আদিক সজাই–পৰাই বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদা দিবলৈ প্রয়াস কৰি আহিছে৷ গুৱাহাটী মহানগৰীকো পর্যটন মহানগৰী কৰি গঢ়ি তুলিবলৈ পথ, উৰণ সেতু নির্মাণ কৰি যান–জঁট নোহোৱা কৰাৰ পদক্ষেপ লোৱা দেখা গৈছে৷ পথ, উৰণ সেতুৰ বেৰত শিল্পী নিয়োগ কৰি নানা মোহনীয় ছবি, ঐতিহাসিক চৰিত্র অংকন কৰাই চালে চকু ৰোৱা কৰি তোলাৰ প্রয়াস কৰা দেখা গৈছে৷ তাৰ পাছতো সজাই–পৰাই তোলা পথ, উৰণ সেতু এচাম অদূৰদর্শী লোকে তামোল–গুট্কাৰ পিক পেলাই অপৰিচ্ছন্ন কৰি পেলোৱা দেখা গৈছে৷ মুখ্যমন্ত্রীৰ কঠোৰ সকীয়নিৰ পিছত সেইবোৰ অপকর্ম ৰোধ হৈছে যদিও এচাম অবিবেচক লোকৰ বাবে অপৰিষ্কাৰ হৈয়ে আছে৷ মুখ্যমন্ত্রীক জনসাধাৰণে সহযোগিতা কৰিলেহে মহানগৰখন এখন স্মার্ট চিটী হৈ উঠিব বুলি আশা কৰিব পাৰি৷ স্মার্ট চিটী হ’বলৈ মানুহবোৰো স্মার্ট হোৱা আৱশ্যক৷ জনা মতে, ন ন অঞ্চলতো যান–জঁট নিয়ন্ত্রণৰ বাবে পদক্ষেপ লৈ উৰণ সেতু নির্মাণৰ প্রস্তুতি চলাই আছে৷ তদুপৰি মহানগৰৰ বিভিন্ন অঞ্চলত উদ্যান গঢ়ি তোলাৰ বাবে কাম কৰি আছে৷ ব্রহ্মপুত্রৰ পাৰত সৌন্দর্যবর্ধনৰ কাম কৰি জনসাধাৰণৰ বাবে এক মুক্ত পৰিৱেশ নির্মাণৰ কাম কৰি থকা দেখা গৈছে৷ এইবোৰ কাম সম্পূর্ণ হৈ উঠিলে গুৱাহাটী মহানগৰীৰ জীৱনযাত্রাৰ মান উন্নত হ’ব বুলি ধাৰণা হৈছে৷ বাৰিষা বানপানীৰ পৰা মুক্তি পাবলৈ ভৰলু, বাহিনী নৈৰ বুকুত জধে–মধে পেলোৱা জাবৰ নিষ্কাশনৰ কাম সংশ্লিষ্ট মহানগৰ উন্নয়ন মন্ত্রীৰ প্রত্যক্ষ তদাৰকীত পূর্ণগতিত সম্পূর্ণ কৰাৰ প্রয়াস কৰিছে৷ জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰিব পাৰিলে এনেবোৰ সমস্যাৰ পৰাও মহানগৰ মুক্ত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ দীপৰ বিলৰ আশে–পাশে গঢ় লৈ উঠা অবৈধ দখল উচ্ছেদৰ ক্ষেত্রতো তৎপৰ হৈ বহু দখলীকৃত ভূমি উচ্ছেদ কৰি বিলৰ সুৰক্ষাৰ ক্ষেত্রত ভূমিকা গ্রহণ কৰিছে৷ দীপৰ বিলৰ পাৰ মুক্ত হ’লে দীপৰ বিলত থকা জলজ প্রাণী মাছ–কাছ আদিৰ সুৰক্ষা নিশ্চিত হোৱাৰ সম্ভাৱনা আছে৷ জলাশয়বোৰ ৰক্ষা কৰিলে কৃত্রিম বানপানী ৰোধ হোৱাটোও সম্ভৱ হ’বগৈ৷ অদূৰদর্শী এচাম লোকৰ বাবে গুৱাহাটীত কৃত্রিম বানপানী সমস্যাই জনসাধাৰণক জলাকলা খুৱাই আহিছে৷ এই কথা বেলেগে ক’বই নালাগে৷

কাজিৰঙা, মানাহ আদি ৰাষ্ট্রীয় উদ্যানৰ গঁডৰ সুৰক্ষাৰ বাবে তেওঁ ন ন আঁচনি গ্রহণ কৰি কাম কৰি আহিছে৷ পূর্বৰ দুইনলীয়া অচল বন্দুকধাৰী বনৰক্ষী বাহিনীক আঁতৰাই গঁডৰ সুৰক্ষাৰ বাবে মিলিটেৰী বাহিনীক দায়িত্ব অর্পণ কৰিছে৷ এনে পদক্ষেপ লোৱাৰ ফলত গঁডৰ নিধন বহু পৰিমাণে কমি আহিছে৷ আনহাতে, গঁডৰ খর্গৰ যে কোনো ঔষধি গুণ নাই, এই কথা প্রতিপন্ন কৰিবলৈ বিভিন্ন ঠাইত সংগৃহীত গঁডৰ খর্গ একগোট কৰি জ্বলাই দিয়াৰ ব্যৱস্থা কৰিলে৷ এই কথাই বিশ্বলৈ এক বার্তা প্রেৰণ কৰাৰ দৰে হ’ল যে গঁডৰ খর্গ দৰাচলতে এক মূল্যহীন সামগ্রী৷ এনে পদক্ষেপ লোৱাৰ পিছত গঁডৰ খর্গৰ চোৰাং বেহা বহু পৰিমাণে বন্ধ হৈ পৰিছে৷
তেওঁৰ উদ্যোগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পৰিভ্রমণ কৰিবলৈ ৰাষ্ট্রপতি দ্রৌপদী মুর্মু আৰু প্রাক্তন ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দ আহিছিল আৰু কাজিৰঙা পৰিভ্রমণ কৰি উল্লসিত হৈ পৰিছিল৷ এই দুয়োগৰাকী ভাৰতৰ প্রথম ব্যক্তিয়ে কাজিৰঙাৰ ৰূপ–ৰস পান কৰি আৰু জীৱ–জন্তুবোৰ দেখি আহ্লাদিত হৈ পৰিছিল৷
কাজিৰঙাৰ সুৰক্ষাৰ বাবে লোৱা ৰাজ্য চৰকাৰৰ পদক্ষেপক ভূয়সী প্রশংসা কৰি থৈ গৈছে৷ আমি ভাবোঁ– কাজিৰঙা, মানাহ, পবিতৰা আদি ৰাষ্ট্রীয় উদ্যান আৰু অভয়াৰণ্যবোৰে পর্যটন উদ্যোগক চহকী কৰাৰ পূৰামাত্রাই সম্ভাৱনা আছে ৷
এইবিলাকৰ উপৰি ৰাজ্যৰ দ’ল–দেৱালয়, মন্দিৰ–নামঘৰবোৰ উন্নয়নৰ বাবে এটা শকত পুঁজি আবণ্টন কৰি পর্যটকৰ বাবে চালে চকু ৰোৱা কৰি তোলাৰ প্রয়াস কৰা দেখা গৈছে৷ তদুপৰি এই ধর্মীয় অনুষ্ঠানবোৰৰ লগত জডিত পুৰোহিত, পূজাৰী, ভকত–বৈষ্ণৱ, খাটনিয়াৰ, পৰিচাৰক আদিক মাহে মাহে ধন দিয়াৰ ব্যৱস্থা কৰাত এই লোকসকলৰ উপকাৰ সাধিত হৈছে৷ উত্তৰ–পূর্বাঞ্চলৰ অন্যতম শক্তিপীঠ কামাখ্যাক পর্যটন কেন্দ্রলৈ ৰূপান্তৰিত কৰাৰ পদক্ষেপ লৈ ‘কামাখ্যা কৰিড’ৰ’ বুলি এক অভিলাষী আঁচনি লৈ কামাখ্যাৰ ওচৰে–পাঁজৰে এক প্রকল্প নির্মাণৰ আঁচনি গ্রহণ কৰাৰ কথা জনা গৈছে৷ কামাখ্যাৰ পূর্বৰ গৰিমা অক্ষুণ্ণ ৰাখি নতুন ৰূপত সজাই–পৰাই তুলিলে দেশী–বিদেশী পর্যটকৰ লানি নিছিগা সোঁত ববলৈ ধৰিব৷ ই পর্যটন উদ্যোগক অধিক ত্বৰান্বিত কৰিব বুলি ভবাৰ অৱকাশ আছে৷

মুখ্যমন্ত্রী হোৱাৰ পিছতে ‘অৰুণোদয় আঁচনি’ৰ দ্বাৰা হাজাৰ হাজাৰ দুর্ভগীয়া মহিলাক সকাহ দিয়াৰ অর্থে প্রথমে ৮৫০ টকা আর্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰি এই ধনৰাশি পৰৱর্তী সময়ত বঢ়াই ১,২৫০ টকালৈ বৃদ্ধি কৰি জনপ্রিয়তা অর্জন কৰিবলৈ সমর্থ হৈছে৷ আকৌ বহু মহিলাই ‘মাইক্র’ ফাইনেঞ্চ’ৰ ঋণ লৈ ঋণগ্রস্ত হৈ আছিল৷ সেইসকল মহিলাক ঋণমুক্ত কৰিবলৈ ‘মাইক্র’ ফাইনেঞ্চ’ৰ ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰি জনসাধাৰণৰ পৰা ভূয়সী প্রশংসা বুটলিবলৈ সমর্থ হৈছে৷ এইবিলাক কামৰ দ্বাৰা তেওঁ বহুতৰ বাবে ভগৱানসদৃশ হৈ পৰিছে৷
আনহাতে, নিবনুৱা সমস্যা সমাধানৰ বাবে তেওঁ চাকৰিপ্রার্থীৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত কৰি মেধাৰ ভিত্তিত এক টকা খৰচ নকৰাকৈ চাকৰি লাভৰ সুযোগ উলিয়াই দিছে৷ নির্বাচনী প্রতিশ্রুতি অনুসৰি সময়ে সময়ে বাছনি পৰীক্ষা অনুষ্ঠিত কৰি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰাত বহু চাকৰিপ্রত্যাশী যুৱক–যুৱতীৰ মুখত হঁাহি বিৰিঙিছে৷ পূর্বতে চৰকাৰী চাকৰিৰ নামত এক বৃহৎ ব্যৱসায় চলিছিল৷ ৰাজনৈতিক নেতা–মন্ত্রীৰ স্বজন–তোষণ চলিছিল৷ বৃহৎ টকাৰ লেনদেন চলিছিল৷ ৰাজনৈতিক নেতা–পালিনেতাৰ চৰকাৰী কার্যালয়ৰ লগত গোপন বুজাবুজি থকাৰ বাবে বহু মেধাৱী যুৱক–যুৱতী চাকৰিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল৷ এনে অৰাজকতা ড০ হিমন্ত বিশ্ব শর্মাই বন্ধ কৰি এক পইচা খৰচ কৰিব নলগাকৈ চৰকাৰী চাকৰি লাভৰ উপায় উলিয়াই জনসাধাৰণক অবাক–বিস্ময়াভিভূত কৰি তুলিছে৷ মুখ্যমন্ত্রীৰ কার্যকাল দুবছৰ পূর্ণ হোৱাৰ পিছদিনাই আকৌ ৫০ হাজাৰমান যুৱক–যুৱতীক চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে৷ এনে ব্যৱস্থাই যুৱক–যুৱতীসকলৰ্ মুখত হঁাহি বিৰিঙাইছে৷ তাৰ পিছতো অনাহক বিতর্কৰ আৱর্তত সোমাই পৰাটো হাস্যকৰ৷ অসমৰ হাজাৰ হাজাৰ অসহায় যুৱক–যুৱতীৰ মুখত হঁাহি বিৰিঙাবলৈ নিকা আৰু মুক্ত পদ্ধতিৰে যোগ্যতাৰ ভিত্তিত চাকৰিৰ নিযুক্তি–পত্র দিবলৈ যাওঁতেও অনাহক বিতর্ক কৰাটো সমীচীননে?

এইবাৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী ২৩, ২৪ আৰু ২৫ নৱেম্বৰত তিনিদিনীয়া কার্যসূচীৰে দিল্লীত অনুষ্ঠিত কৰি জাতীয় বীৰপুৰুষগৰাকীৰ জীৱনগাথা ৰাষ্ট্রীয় প্রেক্ষাপটত তুলি ধৰাৰ প্রয়াসে তেওঁক এগৰাকী স্বাভিমানী অসমীয়া হিচাপে পৰিচয় প্রদান কৰিলে৷ সৌ সিদিনালৈকে লাচিত বৰফুকনৰ নাম ৰাষ্ট্রত কোনেও নাজানিছিল৷ অথচ আকবৰ, বাবৰ, হুমায়ুন, জাহাংগীৰ, শ্বাহজাহান, ঔৰংগজেৱ, মহম্মদ ঘোডী, ছত্রপতি শিৱাজী, মহম্মদ বিন টোঘলক আদিৰ নাম সকলোৰে মনত আজিও ৰোপিত হৈ আছে৷ কিন্তু অসম বা উত্তৰ–পূর্বাঞ্চলৰ ৰজা–মহাৰজাসকলৰ্ জীৱনগাথা, বীৰসকলৰ শৌর্য–বীর্য, বীৰগাথা ৰাজ্যবাসীয়েই ভালদৰে নাজানে৷ বুৰঞ্জী লেখকৰ ভুলৰ বাবেই এনে হ’বলৈ পাইছে যেন ধাৰণা হৈছে৷ বুৰঞ্জীত কেৱল ব্রিটিছসকল আৰু মোগলৰ বন্দনা বেছিকৈ কৰাত জাতীয় বীৰসকল কালৰ সোঁতত হেৰাই যোৱাৰ উপক্রম হৈছে৷ এই কথা উপলব্ধি কৰিয়েই ড০ হিমন্ত বিশ্ব শর্মাই জাতীয় বীৰপুৰুষসকলক ৰাষ্ট্রীয় প্রেক্ষাপটত জিলিকাই তোলাৰ প্রয়াস কৰি গৈছে৷ এই কথাই তেওঁৰ দূৰদর্শিতাৰ স্পষ্ট ছবি এখন তুলি ধৰিছে৷ শেহতীয়াকৈ অসমীয়াৰ বাপতিসাহোন বিহুক বিশ্বজনীন চৰিত্র প্রদান কৰিবলৈ বিহুনাচ আৰু ঢ়োলবাদনক Guinness Book of World Records’ত অন্তর্ভুক্ত কৰিবলৈ প্রয়াস কৰি যোৱা ১৩ এপ্রিলত বিশ্ব ৰেকর্ড প্রতিষ্ঠা কৰিবলৈ সমর্থ হ’ল৷ এই বিশ্ব ৰেকর্ডৰ অনুষ্ঠান ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও প্রত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছিল৷ তেওঁ বিহুনাচ আৰু ঢ়োলবাদনৰ অনুষ্ঠান দেখি অভিভূত হৈ ক’বলৈ প্রয়াস কৰিছিল– ‘এয়াই অসম’৷ সমগ্র বিশ্বতে অসমৰ সুনাম বিয়পাই তোলাৰ অন্তৰালত নিশ্চয়কৈ ড০ হিমন্ত বিশ্ব শর্মাৰ নাম জডিত হৈ থাকিব৷ এই কথা বেলেগে ক’বই নালাগে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ চিন্তা–ভাবনাৰ বিস্তৃতি দেখি কথাশিল্পী হোমেন বৰগোহাঞিয়ে ড০ শর্মাক এজনthinking politician বুলি অভিহিত কৰিছিল৷ তেওঁ ড০ হিমন্ত বিশ্ব শর্মাৰ ‘সমাগত সময়’ গ্রন্থখনৰ ‘মুখবন্ধ’ত লিখিছিল এইবুলি– হিমন্ত বিশ্ব শর্মা এজন বাক্পটু, বুদ্ধিমান আৰু সুদক্ষ ৰাজনীতিক হিচাপে অসমত সুপৰিচিত৷ তেৱেঁই সাম্প্রতিক সময়ৰ একমাত্র অসমীয়া ৰাজনীতিক, যাৰ নামৰ আগত এই তিনিওটা বিশেষণ একেলগে বহুৱাব পাৰি৷ স্থানান্তৰত তেওঁ লিখিছিল– তেওঁ সাম্প্রতিক অসমৰ একমাত্রthinking politician, চিন্তা কৰি কাম কৰা ৰাজনীতিক৷
তেওঁক ভগৱানে জনসাধাৰণৰ বাবে কাম কৰি যাবলৈ যেন শক্তি দিয়ে, তাকে প্রার্থনা কৰিলোঁ৷ এই লেখাৰে ড০ হিমন্ত বিশ্ব শর্মাৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ৷

You might also like