নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুবুৰীয়া ৰাজ্যৰে সীমাবিবাদ নিষ্পত্তিৰ সাহসী পদক্ষেপ

চাওঁতে চাওঁতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ মুৰব্বী হিচাপে তেওঁৰ কার্যকালৰ দুটা বছৰ সম্পূর্ণ কৰাৰ দিশে অগ্রসৰ হৈছে৷ অসম তথা দেশৰ ৰাজনীতিত আজিৰ দিনত সবাতোকৈ চর্চিত ৰাজনীতিবিদজনেই হৈছে ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ কাম–কাজত সফলতা–বিফলতাক লৈ দেশৰ বিভিন্ন প্রান্তৰ নাগৰিকৰ সৃষ্টি নিবদ্ধ থাকে৷ তেওঁৰ প্রথমতো কার্যকালৰ বিষয়ে যোৱাবছৰেই ‘নিয়মীয়া বার্তা’ৰ সম্পাদকীয় পৃষ্ঠাত ‘মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাৰ দুবছৰ, সফলতা–বিফলতা আৰু প্রত্যাশা’ শীর্ষক শিৰোনামেৰে এটি নিবন্ধ লিখিছিলোঁ৷ এতিয়া দুবছৰীয়া কার্যকাল পূর্ণ হোৱাৰ প্রাক্ক্ষণত তেওঁৰ বিষয়ে একলম নিলিখি নোৱাৰিলোঁ৷
প্রথমতো বছৰৰ তুলনাত দ্বিতীয়টো বর্ষত কেইবাটাও অভিলাষী পদক্ষেপ গ্রহণ কৰি মুখ্যমন্ত্রীয়ে কাললৈ দৃষ্টান্ত ৰাখিছে বুলি ক’লেও হয়তো ভুল কোৱা নহয় যদিও কিছু কিছু ক্ষেত্রত মুখ্যমন্ত্রীয়ে গ্রহণ কৰা কিছুমান স্থিতি পদক্ষেপে হয়তো অদূৰ ভৱিষ্যতেই মুখ্যমন্ত্রীক বিপদত পেলোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷ তৎসত্ত্বেও কিন্তু ৰাজ্যখনৰ ভৱিষ্যতৰ স্বার্থত আৰু ভৱিষ্যৎ প্রজন্মৰ সুৰক্ষাৰ স্বার্থত তেওঁ লোৱা কিছুমান দৃঢ় আৰু কঠোৰ পদক্ষেপে ৰাজ্যৰ জনসাধাৰণৰ প্রতি থকা তেওঁৰ দায়িত্ববোধকেই যেন পুনৰবাৰ প্রতীয়মান কৰিছে৷ এইক্ষেত্রত প্রথমতেই ক’ব লাগিব অসমৰ বিহুৱে গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছত স্থান পোৱাৰ বিষয়টো৷ বর্ণিল কলা–সংস্কৃতিৰে চহকী ৰাজ্যখনৰ এই অপূর্ব সংস্কৃতিক বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিব পৰাতো সবাতোকৈ গুৰুত্বপূর্ণ বিষয়৷ ৰাজ্য এখনৰ সভ্যতা–সংস্কৃতি নিৰূপিত হয় ইয়াৰ কলা–সংস্কৃতিৰ মাধ্যমেৰে৷ তেনেস্থলত সেই কলা–সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্রত এখন জনপ্রিয় চৰকাৰৰ গুৰুত্বপূর্ণ ভূমিকা থাকে৷ শেহতীয়া কার্যপন্থাৰে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰেও যেন তেওঁলোকৰ জনতাৰ চৰকাৰ ধাৰণাক এক সর্বাংগসুন্দৰ ধাৰণাৰে উপস্থাপন কৰাত সফল হৈছে বুলি ক’ব পাৰি৷
তেওঁৰ দ্বিতীয়টো কার্যকালৰ ক্ষেত্রত উল্লেখনীয় বুলি ক’ব পাৰি এইবাৰৰ ব’হাগ বিহুৰ সময়তে চাংসাৰিস্থিত ‘এইমছ’ দেশৰ প্রধানমন্ত্রীৰ দ্বাৰা উন্মোচন কৰোৱাই অসম তথা উত্তৰ–পূর্বাঞ্চলবাস্ ৰাইজলৈ উৎসর্গা কৰি এক মহৎ কার্য সাধন কৰিলে৷ অসমত ‘এইমছ’ স্থাপনৰ ক্ষেত্রত কৃতিত্বৰ সিংহভাগ দাবীদাৰ হিচাপে ড০ হিমন্ত বিশ্ব শর্মাক অভিহিত কৰিব পাৰি আৰু এই কথা সাত শতৰুৰেও স্বীকাৰ কৰিব লাগিব৷ যি সময়ত উন্নত চিকিৎসাৰ বাবে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাইজে দিল্লী, মুম্বাই, চেন্নাই আদিলৈ ঢ়াপলি মেলিব লগা হয়, তেনেস্থলত উত্তৰ–পূর্বাঞ্চলত এইমছ স্থাপনে এই প্রান্তৰ ৰাইজৰ এক মহৎ উপকাৰ সাধন কৰিলে৷ ইয়াৰ লগতে সেই দিনটোতেই অসমত তিনিখনকৈ মেডিকেল কলেজৰ শুভাৰম্ভণীৰে অসমৰ স্বাস্থ্যখণ্ডত এক নতুন মাত্রা প্রদান কৰিলে৷
যোগাযোগ ব্যৱস্থা আৰু আন্তঃগাঁথনি নির্মাণৰ ক্ষেত্রত ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে যথেষ্ট চমপ্রকদ প্রচেষ্টা হাতত লৈছে৷ এইক্ষেত্রত উনুকিউয়াব লাগিব অসম মালাৰ অধীনত পথ নির্মাণ, নাজান মথাউৰিসমূহ যোগাযোগৰ অন্যতম মাধ্যমৰূপে গঢ়ি তুলিবৰ বাবে মথাউৰিসমূহ পকীপথলৈ উন্নীতকৰণ, গুৱাহাটীৰ দৰে এখন চহৰত যান–জঁটৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে কেইবাখনো উৰণীয়া সেঁতুৰ নির্মাণ, ৰাজ্যৰ বিভিন্ন প্রান্তৰ পকীপথসমূহ পুনঃনির্মাণ আৰু মেৰামতি, ভৱিষ্যৎ পৰিকল্পনাৰে ব্রহ্মপুত্রৰ ওপৰত কেইবাখনো দলং নির্মাণৰ পৰিকল্পনা আৰু তাৰে ভিতৰত নির্মীয়মাণ অৱস্থাত থকা গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলং, শেহতীয়াকৈ পলাশবাৰী আৰু শুৱালকুছি সংযোগী দলং নির্মাণৰ শুভাৰম্ভণি, অতিপাত ভিৰ পৰিলক্ষিত হোৱা গুৱাহাটীৰ মাজেৰে যোৱা ৰাষ্ট্রীয় ঘাইপথৰ যাতায়াত সুচাৰুৰূপে হোৱাৰ বাবে চাৰিআলিবোৰত যুদ্ধকালীন তৎপৰতাৰে কেইবাখনো অভাৰব্রীজৰ নির্মাণ ইত্যাদি৷ তদুপৰি যোৱাবছৰেই আধাৰশিলা স্থাপন কৰা লখিমপুৰ জিলাৰ ঘাগৰ নৈৰ ওপৰত ঘূণাসুঁতি অঞ্চলক বহিঃবিশ্বৰ সৈতে স্থলপথেৰে সংযোগ কৰিব লগা দলংখনে সেই অঞ্চলৰ ৰাইজৰ কিমান মহৎ উপকাৰ সাধন কৰিব, সেই কথা বুজাইহে বুজিব৷ এয়া কিছুমান উদাহৰণহে মাত্র৷
ভয়াৱহ নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্রত মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাই লোৱা পদক্ষেপ অনস্বীকার্য৷ অসমৰ এক লাখ শিক্ষিত যুৱক–যুৱতীক সংস্থাপন দিম বুলি দিয়া সেই প্রতিশ্রুতি এতিয়া বাস্তৱ ৰূপ পোৱাৰ দিশে অগ্রসৰ হৈছে৷ বিশেষকৈ আইন–শৃংখলা পৰিস্থিতি নিয়াৰিকৈ চলাই যাবৰ বাবে প্রয়োজন হোৱা আৰক্ষী বিভাগত বৃহৎ নিযুক্তিৰে অকল মাথোঁ নিযুক্তি প্রক্রিয়াৰে সকাহ দিয়া নাই, অসমৰ দৰে এখন ৰাজ্যত গৃহবিভাগটোক যথেষ্টখিনি সমৃদ্ধিশালী আৰু শক্তিশালী কৰি গঢ়ি তুলিলে৷ সেইদৰে অসমৰ দৰে এখন কৃষিনির্ভৰ ৰাজ্যত পশুপালন আৰু পশুচিকিৎসা বিভাগত মেধাৰ ভিত্তিত এক বৃহৎ সংখ্যক পশু চিকিৎসক নিযুক্তি প্রদান কৰি বিভাগটোক শক্তিশালী কৰি গঢ়ি তুলিছে৷ এইবোৰ এনে গঠনমূলক কামৰ লগে লগে অসমৰ ভৱিষ্যৎ প্রজন্মৰ স্বার্থ সুৰক্ষিত কৰাৰ স্বার্থত বৰবিহ ড্রাগ্ছৰ বিৰুদ্ধে লোৱা কঠোৰ পদক্ষেপে বহু উঠি অহা যুৱক–যুৱতীক ধ্বংস তথা মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভতাই অনাৰ ক্ষেত্রত বহুখিনি সফলতা লাভ কৰিছে৷
ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যকালৰ অন্যতম সফলতা বুলি ক’বলৈ হ’লে অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যাৰ সমাধানৰ ক্ষেত্রত লোৱা সাহসী আৰু দৃঢ় পদক্ষেপ৷ স্বাধীনতাৰ পিছৰে পৰাই অসমৰ পৰা ফালৰি কাটি সৃষ্টি হোৱা উত্তৰ–পূর্বাঞ্চলৰ প্রতিখন ৰাজ্যৰেই সীমা অসমৰ সৈতে সংলগ্ণ আৰু সময়ে সময়ে সীমা সমস্যাই জটিল ৰূপ ধাৰণ কৰা আমি দেখি আহিছোঁ৷ বহুক্ষেত্রত সীমা সমস্যাই ৰক্তপাতৰো সূত্রপাত ঘটাইছে আৰু ৰাজ্যৰ সীমামূৰীয়া অঞ্চলৰ ৰাইজৰ বহু বিনিদ্র ৰজনী কটাব লগা পৰিস্থিতি সৃষ্টি হৈছে আৰু যাৰবাবে অসমৰ জ্বলন্ত সমস্যাসমূহৰ ভিতৰত সীমা সমস্যাও এক অন্যতম ৰূপে চিহ্ণিত হৈ আহিছিল৷ তেনেস্থলত চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্রত হোৱা চুক্তিয়ে এই দীর্ঘদিনীয়া সমস্যাৰ পৰা ৰাজ্যখনক সকাহ দিব বুলি আশা কৰিব পাৰি আৰু যি এক মাইলৰ খুঁটি ৰূপে চিহ্ণিত কৰিব পাৰি৷ তদুপৰি সদায়ে বিভিন্ন দল–সংগঠনৰ অসমবন্ধ, পথ অৱৰোধ, বিভিন্ন আন্দোলনৰ কার্যসূচী আদিয়ে বিভিন্ন সময়ত জনজীৱন বিপর্যস্ত কৰি আহিছিল, তেনে সময়তে কিন্তু ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰাৰ এইক্ষেত্রত তেনে কোনো পৰিস্থিতিৰ সৃষ্টি নোহোৱাতো এটি লক্ষণীয় বিষয়৷
এনে বহু কাম–কাজেৰে সফলতাৰ নিদর্শন দাঙি ধৰা ড০ হিমন্ত বিশ্ব শর্মাৰ ক্ষেত্রত কিন্তু কিছু কিছু ক্ষেত্রত লোৱা কিছুমান পদক্ষেপ তথা উদাসীনতা কিন্তু তেওঁৰ ৰাজনৈতিক জীৱনৰ উত্তৰণত হেঙাৰ হৈ ৰ’ব পাৰে৷ তাৰে বহুতো দিশ আমি আজি ইয়াত আলোচনা কৰিবলৈ বিছৰা নাই যদিও এটা কথা ক’বই লাগিব যে যিহেতু তেওঁৰ সপোন অসমক দেশৰ প্রথম পাঁচখন ৰাজ্যৰ ভিতৰত ৰখা৷ এইক্ষেত্রত আগবাঢ়িবলৈ হ’লে অসমৰ জনসাধাৰণে কর্মসংস্কৃতিক আঁকোৱালি লোৱাৰ বাদে গত্যন্তৰ নাই আৰু অসমৰ দৰে কৃষিনির্ভৰ ৰাজ্য এখনত কৃষি, পশুপালন, মস্যপালন, উদ্যানশস্য আদি ক্ষেত্রত অধিক গুৰুত্ব প্রদান কৰিবই লাগিব৷ অকল ইয়াক উৎপাদনেই নহয়, সেই উৎপাদিত সামগ্রীৰ এখন বজাৰ আৰু ৰপ্তানিৰ সূচল পথ গঢ়ি তুলিবই লাগিব৷ তাৰ বাবে কৃষক তথা জনসাধাৰণক উৎসাহিত কৰিবৰ বাবে উৎপাদনৰ ওপৰত ভিত্তি কৰি বিভিন্ন উদগনিমূলক বঁটা, অর্থসাহায্য আদি প্রদানেৰে জনসাধাৰণৰ মাজত কর্মৰ প্রতি উৎসাহ বৃদ্ধি পাব আৰু ৰাজ্যখনৰ শ্রীবৃদ্ধিত অৰিহণা যোগাব৷ কিন্তু তাৰ পৰিৱর্তে সাধাৰণ হিতাধিকাৰী সৃষ্টিৰে বছৰে বছৰে সেই হিতাধিকাৰী বৃদ্ধিয়ে হয়তো ৰাজ্যখনৰ প্রগতিৰ পৰিৱর্তে পিছ পৰাতহে হয়তো অৰিহণা যোগাব৷ হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্রত এক সুস্থ আৰু বিজ্ঞানসন্মত পৰিকল্পনা যুগুত কৰা উচিত৷ যাৰদ্বাৰা সেই হিতাধিকাৰীসকলে অকল নির্ভৰশীল হোৱাৰ পৰিৱর্তে চৰকাৰৰ সা–সুবিধাৰ সমান্তৰালভাৱে নিজৰ আর্থসামাজিক অৱস্থাৰো উন্নতি ঘটাব পাৰে৷ এইকথা হয়তো আমাতকৈ ৰাজ্যৰ নীতি–নির্ধাৰকসকলে ভালদৰে হূদয়ংগম কৰিবলৈ সক্ষম হ’ব৷ তদুপৰি ৰাজ্যখনৰ কর্মচাৰীসকলেই ৰাজ্যৰ চালিকাশক্তি আৰু ৰাজ্যচৰকাৰ এখনৰ সফলতাৰ ক্ষেত্রত ৰাজ্যৰ কর্মচাৰীসকলৰ কাম–কাজে যথেষ্টখিনি অৰিহণা যোগায়৷ তেনেস্থলত কর্মচাৰীসকলক কর্মত উৎসাহ যোগাবৰ বাবেও চৰকাৰে পদক্ষেপ গ্রহণ কৰাটো প্রয়োজনীয়৷ ৰাজ্যখনৰ প্রভাৱশালী ৰাজনৈতিক নেতাজনে মুখ্যমন্ত্রী হিচাপে দুটা বছৰ সম্পূর্ণ কৰাৰ এই প্রাক্ক্ষণত আমি গৌৰৱ অনুভৱ কৰিছোঁ৷ তেওঁৰ ৰাজনৈতিক যাত্রা অটুট থাকক তাৰেই কামনাৰে৷

  •  ড০ বিৰাজ কুমাৰ শর্মা
You might also like