নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ বতৰা, প্লাষ্টিক খাব পৰা ছুপাৰ এনজাইম নিৰ্মাণ বিজ্ঞানীৰ…

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ প্লাষ্টিক। খুব সুবিধাজনক অথচ পৃথিৱী প্ৰদূষণৰ অন্যতম কাৰক। কাৰণ প্লাষ্টিক কেতিয়াও মিলি নাযায় মাটিত আৰু নষ্ট কৰি পেলাই মাটিৰ গুণাগুণ। ইফালে পুৰি পেলালেও সৃষ্টি কৰে বিষাক্ত গেছ। আনহাতে এই প্লাষ্টিকেৰে অকল পৃথিৱীৰ ভূভাগেই নহয় ভৰি পৰিছে জলভাগো।

সাগৰীয় মাছ-কাছ-পখীৰ পাকস্থলীত পোৱা গৈছে প্লাষ্টিক। এনে অৱস্থাতে আছে এটা ভাল খবৰ। যোৱা ২০১৮ চনত জাপানত উদ্ধাৰ হৈছিল এটা বিশেষ বেক্টেৰিয়া, যিয়ে প্লাষ্টিক ভক্ষণ কৰা দৃষ্টিগোচৰ হৈছিল ব্ৰিটেইনৰ পোৰ্টছমাউথ বিশ্ববিদ্যালয় এদল গৱেষকৰ। পৰীক্ষা কৰি জানিব পৰা গ’ল যে বেক্টেৰিয়াৰ দেহত আছে প্লাষ্টিক খোৱা এনজাইম।

এই এনজাইমৰ নাম থোৱা হয় পেটজি। পেটজিৰ পিছত উদ্ধাৰ কৰা হয় আন এবিধ এনজাইম মেটেজ। এতিয়া দুয়োবিধ এজাইম লগ লগাই অৰ্থাত ক’কটেইল কৰি তৈয়াৰ কৰা হৈছে ছুপাৰ এনজাইম, যিয়ে প্ৰথম এনজাইম পেটজিতকৈ ৬ গুণ দ্ৰুততাৰে বিখণ্ডন কৰিব পাৰে প্লাষ্টিকত থকা এবিধ পদাৰ্থ পলি ইথাইলিন টেৰেফথালেট।

প্লাষ্টিকৰ বটল তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় এই পদাৰ্থবিধ। সাধাৰণত অৱস্থাত প্লাষ্টিকত ব্যৱহাৰ কৰা এই পদাৰ্থবিধ বিখণ্ডিত হওঁতে সময় লাগে শতাধিক বছৰ, এতিয়া এই ছুপাৰ এনজাইমবিধে এদিনতে বিখণ্ডিত কৰিব প্লাষ্টিক।

You might also like