নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ATM ৰ পৰা ধন উলিয়াবলৈ ব্যৱহাৰ বাধ্যতামূলক হ’ব এই সামগ্ৰীৰ

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ ক’ৰোনাই সলনি কৰিছে সকলোৰে জীৱনশৈলী। ঠিক একেদৰে এটিএম ব্যৱহাৰৰ অভ্যাসৰ ক্ষেত্রতো বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলিছে। ক’ৰোনা সংক্রমণ ৰোধৰ বাবে মাস্ক, গ্ল’ভছ, হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক হৈছে। সমান্তৰালকৈ ATMৰ পৰা ধন উলিয়াবলৈ বাধ্যতামূলক কৰা হ’ব ফিংগাৰ ক’ভাৰ।

 উল্লেখ্য যে প্ৰায় প্ৰতিদিনেই মানুহ ভিৰ হৈ থকা এটিএমৰ পৰা ক’ৰোনা সংক্রমণ ঘটাৰ সম্ভাৱনা বেছি। বিশেষজ্ঞৰ মতে ATMৰ পৰা ধন উলিয়াওতে সাৱধনতা অৱলম্বন নকৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। সেইবাবে এতিয়াৰে পৰা এটিএমৰ কি-বর্ডত আঙুলি দিয়াৰ পূৰ্বে সেই ফিংগাৰ কভাৰ পিন্ধাটো বাধ্যতামূলক হ’ব। এই ফিংগাৰ কভাৰ দেখাত কণ্ডমৰ দৰেই। অৱশ্যে ইয়াৰ আকাৰ কণ্ডমৰ তুলনাত কিছু সৰু। যাৰ বাবে ছ’চিয়েল মিডিয়াত ইয়াক লৈ বিশেষ চৰ্চাও চলিছে।

You might also like