নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটিত বাগৰি পৰিল ৰাহুল গান্ধী, হাথৰছ কাণ্ডৰ খবৰ ল’বলৈ যাওঁতে আটক ৰাহুল-প্ৰিয়ংকাক

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ হাথৰছ কাণ্ডৰ বাবে উত্তৰ প্ৰদেশলৈ ৰাওনা হোৱা ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধী সন্মুখীন হ’ল প্ৰবল পুলিচী প্ৰতিৰোধৰ। দিনৰ প্ৰায় ২.৩০ বজাত গ্ৰেটাৰ নইদাত ইউ পি আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত চলা ঠেলা-হেঁচাৰ মাজত মাটিত বাগৰি পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

তাতেই আৰক্ষীয়ে ৰাহুল গান্ধীৰ ওপৰত লাঠীচালনা কৰা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। আনহাতে আৰক্ষীয়ে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰি এক্সপ্ৰেছ-ৱেৰ এফ আই গেষ্ট হাউছলৈ আঁতৰাই লৈ যায়। গেষ্ট হাউছত কিছুসময় ৰখোৱাৰ পিছত দুয়োগৰাকীক সন্ধিয়া প্ৰায় ৪.৪০ বজাত দিল্লী অভিমুখে পঠিয়াই দিয়া হয়।

উল্লেখ্য ৰাহুল গান্ধীয়ে হাথৰছ কাণ্ডৰ পীড়িতাৰ পৰিয়ালৰ খবৰ ল’বলৈ যোৱাৰ আগেয়ে উত্তৰ প্ৰদেশ আৰক্ষীয়ে হাথৰছ সীমান্ত ছীল কৰি দিয়ে আৰু এলেকাটোত ১৪৪ ধাৰা জাৰি কৰে। আনহাতে ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ কংগ্ৰেছ শিবিৰত প্ৰবল প্ৰতিবাদৰ জোৱাৰ উঠিছে।

You might also like