নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখী হোৱাৰ কেইটামান টিপছ

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ দৈনিক অৱসাদপূৰ্ণ জীৱনৰ পৰা অকণমান শান্তি বিচাৰে নেকি? বৰ্তমান সময়ত সকলোৱে হয়তু নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰে। আৰু দীৰ্ঘসময় অফিচ-কাছাৰীত কটোৱাৰ পাছত যেতিয়া ঘৰলৈ উভটি অহা হয় তেতিয়া হয়তু ভাগৰৰ কেকুঁৰা চেপাত একো কৰিব মন নাযায়।

এনে সময়ত অৱসৰ বিনোদনৰ বাবে বন্ধৰ দিনটোত ফুৰিবলৈ যোৱা প্ৰকৃতিৰ কোলাত এপলক সময় কটাব বিচাৰে সকলোৱে। কিন্তু সুখ এটা অভিন্ন অংগ। প্ৰতিজন লোকেই সুখী হ’ব বিচাৰে। কিন্তু কেনেকৈ সুখী হ’ব জানেনে? জানি লওঁক কেইটামান টিপচ

  1. প্রতিদিনে ৩০ মিনিট সময় খোজ কাঢ়িবলৈ চেষ্টা কৰক
  2. দিনটোত অকলশৰীয়কৈ ১০মিনিট সময় নিজক লৈ ভাবক
  3. টোপনিৰ পৰা উঠি প্ৰকৃতিৰ মাজত কটাবলৈ চেষ্টা কৰক
  4. সহজভাৱে সকলো বিষয়ৰ সমাধান চিন্তা কৰক
  5. আনৰ জীবনৰ লগত নিজক কেতিয়াও তুলনা নকৰিব
  6. বেলেগে কি ভাবিছে সেয়া চিন্তা কৰি থকাতকৈ নিজে কি ভাবিছে সেয়াহে গুৰুত্বপূৰ্ণ
  7. ৰাতি শোৱাৰ আগত নিজৰ অমূল্য জীবনটোৰ বাবে মাক-দেউতাক ধন্যবাদ দিয়ক
  8. অতীতক শান্ত হৈ চিন্তা কৰক, ভুলবোৰ শুদ্ধৰাই পুনৰ নকৰাৰ সিদ্ধান্ত লওঁক
  9. নিজৰ কৰ্মৰ দ্বাৰাই আপোনাৰ জীৱনলৈ সুখ আহিব
  10. আনক ঘৃণা কৰাৰ বাদে সকলোকে ক্ষমা কৰি দিয়াৰ চেষ্টা কৰক

গতিকে আপোনাৰ সুখ আপোনাৰ নিজৰ হাতত। অন্তৰংগ বন্ধুৰ সৈতে সময় পাৰ কৰক। নিদৰ জীৱনটো সৰ্বাংগীন সুন্দৰ হৈ পৰিব।

You might also like