নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুচক্র–অশিক্ষিতৰ নাম ৰাজহুৱা কৰক আছুৰ সভাপতিয়েঃ পদত্যাগী আছু নেতা সীমান্ত ঠাকুৰীয়াৰে সাক্ষাৎকাৰ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ সদ্য পদত্যাগী আছু নেতা সীমান্ত ঠাকুৰীয়াৰে হোৱা এটা গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ নিয়মীয়া বাৰ্তাৰ পাঠকলৈ আগবঢ়োৱা হল।

প্ৰশ্নঃ আপুনি কৈছে যে ২৬ বছৰ আছুত থাকিলে, ২৬ বছৰ আপুনি আছুলৈ সেৱা আগবঢ়াই আজি অপমানিতবোধ কৰি আছু ত্যাগ কৰিবলগীয়া হ’ল৷ আচলতে সংঘাতবোৰ ক’ত, কেতিয়া আৰম্ভ হ’ল?
উত্তৰঃ সংঘাত এদিনীয়া নহয়, সংঘাত আগৰ পৰাই চলি আছিল৷ শেষৰ ফালে বহিঃপ্রকাশ ঘটিলে৷ তেওঁলোকে যিদিনা অপমানজনকভাৱে সদৌ গুৱাহাটী ছাত্র সন্থা ভংগ কৰি দিলে, সিদিনা মই খুবেই লজ্জিতবোধ কৰিলোঁ৷ যিহেতু জীৱনৰ ২৬টা বছৰ আছুত সেৱা আগবঢ়ালোঁ, তাৰ পাছতো কোনো ক’লা চিয়াঁহীৰ দাগ মোৰ গাত নাছিল, শেষ পর্যায়ত ক’লা চিয়াঁহীৰ দাগ মোৰ গাত ঘঁহি দিলে, সেই কথাটোত মই খুবেই লজ্জিতবোধ কৰি ওলাই আহিলোঁ৷ যিদিনা সদৌ গুৱাহাটী ছাত্র সন্থা ভাগি দিলে, সেইদিনা মানসিকভাৱে মই খুব ভাগি পৰিছিলোঁ আৰু কোনো কথা ক’ব পৰা অৱস্থাত নাছিলোঁ৷ কিন্তু যিহেতু মই সদৌ গুৱাহাটী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ, গুৱাহাটীবাসী ৰাইজে মোক সুধিছিল যে তুমি কিয় পদত্যাগ কৰিলা, ইয়াৰ কাৰণ কি? তেতিয়া মই পৰৱর্তী সময়ত ৰাজহুৱাভাৱে গোটেই কথাখিনি কৈছো৷

প্ৰশ্নঃ কেৱল গুৱাহাটী ছাত্র সন্থাৰ সমিতিখন ভংগ কৰাক লৈয়ে আপোনাৰ ক্ষোভ নহয়, আপুনি আৰু বহু কথাই কৈছে–
উত্তৰঃ কেৱল এটা কথা নহয় আৰু বহু কথাই আছে৷ কিন্তু সিদিনা তেওঁলোকে যিদৰে চূডান্ত অপমানজনকভাৱে গুৱাহাটী কমিটীখন ভাঙি দিলে, তাতেই লজ্জিত হৈ মই পদত্যাগ কৰিবলৈ বাধ্য হ’লোঁ৷

প্ৰশ্নঃ ইয়াৰ আঁৰত আৰু কি কি কথা আছে?
উত্তৰঃ বিভিন্ন সময়ত বিভিন্ন কথা আহি আছে৷ নির্দিষ্ট চন, তাৰিখ মোৰ এতিয়া মনত নাই৷ শেহতীয়াকৈ ৰাজনৈতিক দল গঠনৰ প্রক্রিয়াটোক লৈও এটা সংঘাত আছিল৷ গোটেই বিষয়টো এটা প্রক্রিয়াৰ মাজেৰে যাব লাগিছিল৷ কিন্তু আমি বহু কথা গম নোপোৱাকৈ থাকি গ’ল৷ তেওঁলোকে সংবাদ মেল পাতি আমাক মাতিছিল আৰু তালৈ গৈহে গম পালোঁ যে অসম জাতীয় পৰিষদৰ আহ্বায়কৰ দায়িত্ব অর্পণ কৰিবলৈ সিদিনা সংবাদ মেল দিয়া হৈছিল৷ আমি তাত আছিলোঁ৷ কিন্তু তাত যিহেতু আন এটা সংগঠন অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদো আছিল, সেয়ে আমি কোনো প্রতিক্রিয়া ব্যক্ত কৰা উচিত নহয় বুলি ভাবিলোঁ৷ পৰৱর্তী সময়ত আমি তেওঁলোকক এই বিষয়ে প্রশ্ণ কৰোঁতে আমাক এৰাই চলিছে বা অৱহেলাসূচক মন্তব্য কৰিছে৷

প্ৰশ্নঃ যিদিনা হোটেল প্রাগ কণ্টিনেণ্টেলত সংবাদ মেল পাতি নতুন দল গঠনৰ বাবে আহ্বায়কৰ দায়িত্ব দিয়া হৈছিল, তাত আপুনিও উপস্থিত আছিল৷ সঁচাকৈয়ে আপুনি সিদিনা কি হ’ব সেই বিষয়ে জনা নাছিলনে?
উত্তৰঃ হয়, তাত আছিলোঁ৷ কিন্তু তালৈ গৈহে গম পাইছিলোঁ যে ৰাজনৈতিক দল গঠনৰ প্রক্রিয়া এটা আৰম্ভ হ’ব৷ সিদিনা আন বহু মানুহো উপস্থিত আছিল বাবে আমি কোনো কথা নক’লোঁ আৰু ভাবিছিলোঁ যে পৰৱর্তী সময়ত আমাৰ লগতো আলাপ–আলোচনা কৰিব৷

প্ৰশ্নঃ কেৱল আপোনালোকে জনা নাছিলনে, কোনেও জনা নাছিল?
ত্তৰঃ গুৱাহাটীৰ পৰা প্রতিনিধিত্ব কৰা কোনো এজন ব্যক্তিয়ে জনা নাছিল৷ গোটেই জিলাসমূহৰ লগত যোগাযোগ ৰাখিবলগীয়া দায়িত্ব মোৰ নাই৷ কিন্তু কামৰূপ মহানগৰক প্রতিনিধিত্ব কৰা কোনেও জনা নাছিল৷ বিশেষকৈ মই, তপন কলিতা আৰু বিপুল ৰাভাই গম নাপাওঁ৷ বাকী কাক এই বিষয়ে জনোৱা হৈছিল আমি নাজানো৷ হয়তো অধিকাংশ কার্যনির্বাহকেই এই প্রক্রিয়াটোৰ বিষয়ে জনা নাছিল৷

প্ৰশ্নঃ ড০ সমুজ্জ্বল ভট্টাচার্যই জানিছিলনে ?
উত্তৰঃ তেৱোঁ চাগে গম নাপায়৷ মই পাছত যোগাযোগ কৰোঁতে নাজানো বুলিয়ে কৈছে৷ তাৰ আগত বা পাছত যদি কিবা যোগাযোগ কৰিছে মই অৱগত নহয়৷

প্ৰশ্নঃ আছুৰ দুলীয়াজান অধিৱেশন সমাগত৷ তাক লৈ আপোনাৰ কিবা আকাংক্ষা আছিল নেকি যে সেয়া পূৰ নহ’ব বুলি জানি আগতীয়াকৈ পদত্যাগ কৰিলে?
উত্তৰঃ তেনেকুৱা কোনো কথাই মই ভাবি থকা নাই৷ সদৌ অসম ছাত্র সন্থাত মই কেৱল সেৱা আগবঢ়াই গৈছো ৷ সংগঠনে মোক যি দায়িত্ব দিছে, সেয়াই মই নিষ্ঠাসহকাৰে পালন কৰিছোঁ৷ পদবীৰ প্রতি মই কেতিয়াও লালায়িত নাছিলোঁ৷

প্ৰশ্নঃ নতুন ৰাজনৈতিক দলৰ লগত আপোনাৰ সহমত আছেনে?
উত্তৰঃ সহমতৰ কথাই নাহে৷ মই আগতেই কৈছো যে কথাবোৰ কেন্দ্রীয় কার্যনির্বাহকত আলোচনা হ’ব লাগিছিল৷ তাৰ পৰা সাধাৰণ সভালৈ বিষয়টো যাব লাগিছিল৷ কাৰণ এইটো এটা বৰ গুৰুত্বপূর্ণ বিষয়৷ কার্যনির্বাহকে তেওঁলোকক জাতীয় অভিৱর্তনৰ কথা কৈছিল৷ জাতীয় অভিৱর্তন তেওঁলোকে অনুষ্ঠিতই কৰিব নোৱাৰিলে৷

প্ৰশ্নঃ ক’ৰোনাৰ কাৰণে জাতীয় অভিৱর্তন নহ’ল আৰু সেইবাবেই পৰামর্শদাতা সমিতি গঠন কৰি দিয়া বুলি কোৱা হৈছে৷
উত্তৰঃ চাওক, ক’ৰোনাৰ বাবে যদি জাতীয় অভিৱর্তন নহ’ল, তেওঁলোকে গুৱাহাটী ছাত্র সন্থা কিয় ভংগ কৰিলে৷ ছমাহ গুৱাহাটীত প্রায় লকডাউন আছিল৷ আমাক যি অপৰাধত দোষী কৰা হৈছে, তেওঁলোকো একেই অপৰাধত জডিত৷

প্ৰশ্নঃ যদি কার্যনির্বাহকে পৰামর্শদাতা সমিতি গঠন কৰিবলৈ কোৱা নাছিল, এই সিদ্ধান্ত কোনে লৈছিল?
উত্তৰঃ তেওঁলোক দুজন ব্যক্তিয়ে এই সিদ্ধান্ত লৈছে৷ তদুপৰি পৰামর্শদাতা সমিতিয়ে কেৱল ৰাজনৈতিক দল গঠন কৰিবলৈকে পৰামর্শ দিয়া নাই৷ সমিতিয়ে শিক্ষা–অর্থনীতি আদি বিষয়তো পৰামর্শ দিছে৷ এই পৰামর্শবোৰ কেন্দ্রীয় কার্যনির্বাহকলৈ আনিব লাগিছিল৷ মতামত ল’ব লাগিছিল৷ প্রতিখন কার্যনির্বাহকৰ আগতে বাতৰিকাকত বা সংবাদ মাধ্যমৰ জৰিয়তে প্রচাৰ কৰিব লাগে৷ আজিলৈকেতো তেওঁলোকে সেয়া কৰা নাই৷ কার্যনির্বাহক বৈঠক অনুষ্ঠিতই নহ’ল৷

প্ৰশ্নঃ যদিও ড০ সমুজ্জ্বল ভট্টাচার্যই অস্বীকাৰ কৰিছে, তথাপি আপুনি এটা অভিযোগ আনিছিল যে তেওঁক আছুৰ মজিয়াত এলাগী কৰা হৈছে৷
উত্তৰঃ মোৰ কথালৈ যাব নালাগে৷ আপুনি গোটেই প্রক্রিয়াটোলৈ চাওক৷ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত সদৌ অসম ছাত্র সন্থাৰ সভাপতিৰ মৌখিক নির্দেশত কামৰূপ জিলা ছাত্র সন্থাই গুৱাহাটী ছাত্র সন্থা ভংগ কৰিছে৷ তাৰ পাছত সভাপতি–সম্পাদকে সংবাদ মাধ্যমযোগে জনাইছিল যে সদৌ গুৱাহাটী ছাত্র সন্থাৰ সাংগঠনিক কাম–কাজ চোৱা–চিতা কৰাৰ দায়িত্ব মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যক দিয়া হৈছে৷ ইয়াৰ মাজতে যোৱা ৩ অক্টোবৰত তেওঁলোকে সেয়া ভংগ কৰি এখন নতুন আহ্বায়ক সমিতি গঠন কৰিলে৷ এয়া অপমানসূচক নহয় জানো? তাতো দুটা কাৰিকৰী ভুল আছে৷ সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ সভাপতি আৰু সম্পাদকক আহ্বায়ক সমিতিৰ দায়িত্ব দিয়া হৈছে৷ কিন্তু কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ সাংগঠনিক স্তৰ গুৱাহাটী ছাত্র সন্থাতকৈ ওপৰৰ৷ তাৰ সভাপতি–সম্পাদক পর্যবেক্ষক হ’ব পাৰে, আহ্বায়ক হ’ব নোৱাৰে৷ তেওঁলোক গুৱাহাটী ছাত্র সন্থাৰ বিষয়ববীয়া বা উপদেষ্টাও হ’ব নোৱাৰে৷ তদুপৰি ২০১৯ চনত সদৌ গুৱাহাটী ছাত্র সন্থাৰ যিখন সমিতি ভংগ কৰা হৈছিল, তেওঁলোকৰ কোনো ব্যর্থতা বা অপৰাধতে নিশ্চয় সমিতিখন ভংগ কৰা হৈছিল৷ এতিয়া আমি বাৰু ব্যর্থ হ’লোঁৱেই, কিন্তু পূর্বৰ সমিতিৰ সভাপতি–সম্পাদককে পুনৰ আহ্বায়ক সমিতিলৈ অনা হ’ল৷ গতিকে নিশ্চয় ২০১৯ চনত গুৱাহাটী ছাত্র সন্থা ভংগ কৰাৰ বাবে আছুৰ সভাপতিয়ে দিয়া নির্দেশ ভুল আছিল৷ ভুল সিদ্ধান্তৰ নৈতিক দায়িত্ব তেওঁলোকেও স্বীকাৰ কৰিব লাগিব৷ আন এটা উল্লেখনীয় কথা হ’ল, আমাৰ বিৰুদ্ধে যোৱা তেৰ মাহে পূর্ণাংগ সমিতি গঠন কৰিব নোৱাৰাৰ অভিযোগ অনা হৈছে৷ তেওঁলোকৰ ভাষাৰেই আমি নিজকে ব্যর্থ হোৱা বুলি কৈছোঁ৷ কিন্তু সংবিধান মতে কেন্দ্রীয় সমিতিখনৰ কার্যকাল হ’ল এবছৰীয়া৷ খুব বেছি আৰু তিনি মাহ কার্যকাল বঢ়াব পাৰে৷ কিন্তু তেওঁলোকৰ সমিতিয়ে ছবছৰ কার্যনির্বাহ কৰি আছে৷ নিজে ভুলৰ সাগৰত থাকি এতিয়া আনৰ ভুল দেখুৱাই আছে৷

প্ৰশ্নঃ আমি ড০ ভট্টাচার্যৰ বিষয়ে কথা পাতি আছিলোঁ৷
উত্তৰঃ মই কোনো কথা ক’বই নালাগে৷ আপোনালোকে সমগ্র প্রক্রিয়াটোলৈ চালেই সকলো ওলাই পৰিব৷ তেওঁলোকে যি অসম জাতীয় পৰিষদ গঠন কৰিছে, সেই সময়ত ড০ ভট্টাচার্য অসুস্থ আছিল৷ নিষ্ঠাৱান জ্যেষ্ঠ নেতাগৰাকীৰ অনুপস্থিতিত দল গঠন কৰা হ’ল৷ দুদিন পাছতো এই কাম কৰিব পাৰিলেহেঁতেন৷কিয় তেওঁলোকে অপেক্ষা নকৰিলে? এই সংঘাত আজিৰ নহয়, ক্রমশঃ চলি আহিছে৷

প্ৰশ্নঃ মূল কথাটো হ’ল ৰাজনৈতিক দল গঠনক কেন্দ্র কৰি আপোনালোকৰ মাজত এটা মতানৈক্যৰ সৃষ্টি হৈছে৷
উত্তৰঃ কেৱল ৰাজনৈতিক দলৰ কথা নহয়৷ মই নীতিগতভাৱে কেতবোৰ সাংবিধানিক প্রশ্ণ উত্থাপন কৰিছো৷ যেনে ধৰক হিচাপ পৰীক্ষক আজিলৈ কিয় নিযুক্তি দিয়া নহ’ল? কিন্তু তেওঁলোকে সেই প্রশ্ণৰ উত্তৰ দিব নোৱাৰি আন আন চালে–বেৰে কোবোৱা কথা কৈ আছে৷ সভাপতি দীপাংক নাথে কৈছে যে মই কু–চক্রৰ প্রভাৱত পৰি আৰু অশিক্ষিত লোকৰ প্রৰোচনাত মূর্খৰ দৰে কাম কৰি আছোঁ৷ আজি মই ৰাজহুৱাভাৱে প্রত্যাহ্বান জনাইছো– এই কু–চক্র আৰু অশিক্ষিত ব্যক্তিৰ নাম ৰাজহুৱা কৰক৷ তদুপৰি তেওঁ আৰু এটা কথা কৈছে যে মুখ্য উপদেষ্টা পদ সৃষ্টি কৰি ড০ সমুজ্জ্বল ভট্টাচার্যক আছুলৈ আদৰি অনা হৈছে৷ কিন্তু মুখ্য উপদেষ্টা পদ কেৱল সভাপতি আৰু সাধাৰণ সম্পাদকে সৃষ্টি কৰা নাই৷ ইয়াত প্রতিগৰাকী ছাত্র সন্থাৰ সদস্যৰ সমান ভূমিকা আছে৷ সংগঠনৰ সর্বোচচ সাধাৰণ সভাৰ এয়া সর্বসন্মত সিদ্ধান্ত৷

প্ৰশ্নঃ আৰু কি কি কথা আছে, যাৰ বাবে আপুনি ইমান সৰৱ হৈ উঠিছে?
উত্তৰঃ তেওঁলোকে আমাৰ ওপৰত তেৰমহীয়া ব্যর্থতাৰ অভিযোগ আনিছে৷ কিন্তু তেওঁলোক নিজেও ব্যর্থ৷ এবছৰৰ বাবে দায়িত্বভাৰ লৈ ছবছৰ ধৰি কার্যনির্বাহ কৰি আছে৷ আন এটা কথা লক্ষ্য কৰক– ২০২১ চনৰ এপ্রিলত নির্বাচন আৰু ২০২০ চনৰ নৱেম্বৰত অধিৱেশন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ তাৰ অর্থ কি? ইয়াৰ অর্থ ৰাইজে সহজতে বুজি ল’ব পাৰিব৷

প্ৰশ্নঃ আপোনাৰ মতে আছু এতিয়া ৰাজনৈতিক নে অৰাজনৈতিক?
উত্তৰঃ আছুৰ গৰিষ্ঠসংখ্যক কর্মী এতিয়াও নিষ্ঠাৱান৷ তেওঁলোক দুজন ব্যক্তিৰ কাম–কাজৰ বাবে গোটেই সংগঠনটোলৈ অভিযোগৰ আঙুলি টোঁওৱা উচিত নহ’ব৷ নতুন নেতৃত্বই নিশ্চয় আছুৰ অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ ৰাখিব৷ মই এতিয়াও আশাবাদী৷

প্ৰশ্নঃ তেওঁলোক দুজন মানে আপুনি বাৰে বাৰে কাৰ কথা ক’ব বিচাৰিছে ?
উত্তৰঃ সভাপতি আৰু সাধাৰণ সম্পাদক৷ সংবিধানে তেওঁলোকক কিছু বিশেষ ক্ষমতা দিছে৷ সেই ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে৷ ‘কা’ আন্দোলন ব্যর্থ হোৱা বাবে দুয়োগৰাকী নেতাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগিছিল৷ প্রথমাৱস্থাত ৰাইজ স্বতঃস্ফূর্তভাৱে ৰাজপথলৈ ওলাই আহিছিল৷ চানমাৰি আৰু লতাশিলত ভাষণ দি তেওঁলোকে এই আন্দোলনৰ নেতৃত্ব লোৱা বুলি ভাবি লৈছিল৷ কিন্তু পৰৱর্তী সময়ত ‘কা’ আন্দোলন আগবঢ়াই নিব নোৱাৰা বাবে তেওঁলোকে পদত্যাগ কৰা উচিত আছিল৷

প্ৰশ্নঃ ইয়াৰ পাছত আপুনি কোনোবা ৰাজনৈতিক দলত যোগদান কৰিব নেকি?
উত্তৰঃ এতিয়ালৈকে তেনেকুৱা কথা ভবা নাই বা কাৰো লগত কোনো যোগাযোগো হোৱা নাই৷

সাক্ষাৎগ্রহণঃ অৰূপ কলিতা

You might also like