উভতি চাওঁ – হেৰুৱালো হাৰ্টথ্ৰব জুবিন গাৰ্গক
চাওঁতে চাওঁতে ২০২৫ বৰ্ষটো আমাৰ মাজৰ পৰা পাৰ হবলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী। এই পাৰ হৈ যোৱা বছৰটো আমাৰ বাবে কিমান বেদনাদায়ক আছিলে, সেই কথা ১৯ ছেপ্টেম্বৰৰ সেই বেদনাহত খবৰটো।
যি বাতৰি কোনোদিন কোনোকালে অসমীয়া হিচাপে সকলোৱে চাব বিচৰা নাছিল, যি বাতৰি পঢ়াৰ কোনো আগ্রহ কোনো অসমীয়াই কৰা নাছিল, যিগৰাকী জুবিনে মানুহক বাতৰিহে দিছিল, সেই জুবিন গার্গে আৰু ঐ নাহৰ গানেৰে সাংস্কৃতিক মঞ্চ উদ্বেলিত কৰিবলৈ ঘূৰি নাহে কোনোদিনে নাহে৷
এক সত্তা, এক আৱেগ, এক অনামী শিহৰণ৷ নবৈবৰ দশকৰ সেই চুলি দীঘল এটা লৰা৷ যিয়ে অনামিকা এলবামেৰে অসমৰ সংগীত জগতত যি খলকনি তুলিলে তাক আৰু আজি দোহৰাৰ প্রয়োজন নাই৷ বেক টু বেক হিট এলবামেৰে অসমৰ সংগীত জগতত হৈ পৰিল ভোটাতৰা৷ কিন্তু তেওঁ আৰু আজি আমাৰ মাজত নাই বিশ্বাসৰ অগোচৰ৷
ধুমুহাৰ সতে খেলা কৰি ভাল পোৱা মানুহজন আজি সাগৰৰ মাজত হেৰাই গল চিৰদিনৰ বাবে৷ মৃত্যুও যাৰ বাবে আছিল এক দুর্লংঘ্য পর্বত, সেই মৃত্যুকো আঁকোৱালি ললে জুবিন গার্গ নামৰ এই বিশাল সত্তাটোৱে৷ এয়া কিন্তু কোনেও কাহানিও কল্পনা কৰিব নোৱাৰা এক বাতৰি৷
জয় জুবিনদা লাখ লাখ অনুৰাগীৰ একেলগে ভাহি অহা এক আৱেগ৷ সকলোৰে মাজত সাৱলীলভাৱে জীয়াই থকা এক শিহৰণ৷ বাটে–ঘাটে লগ পোৱা, তেওঁক চুব খোৱা, তেওঁৰ সতে এখন ফটো উঠা, এষাৰ মাত লগোৱা প্রতিজন অনুৰাগীৰ৷ তেওঁৰ অনুৰাগীৰ নাই কোনো সীমা–সংখ্যা৷ অসমী আইৰ তেওঁ সুযোগ্য সন্তান৷ অসমী আইক ধন্য কৰা এটা যুগৰ সৃষ্টিকাৰী তেওঁ৷ তেওঁ জুবিন গার্গ৷
অসমৰ পৰিধি ভেদি কলকাতা, মুম্বাইৰ পৰা বেংগালুৰুলৈ তেওঁ যতেই যায়, পাৰ ভাঙি যায় অনুৰাগী৷ অনুষ্ঠানস্থলী হৈ পৰে অনুৰাগী–সমুদ্র৷ তেওঁৰ এটা আহবানত অনুৰাগী হিলদল ভাঙি ওলাই আহে৷ এটাই মাত্র অনুৰাগীৰ ধবনি জয় জুবিনদা৷ তেৱেঁই অনন্য জুবিন৷
হয়, তেওঁ সঁচাকৈ গলগৈ ধৰাৰ মায়া এৰি৷ ধুমুহাৰ সতে যুঁজিবলৈ তেওঁ আৰু অসমৰ মঞ্চ কঁপাবলৈ নাহে৷ সুৰীয়া গানেৰে সেউজী অসমলৈ তেওঁ আৰু আমাৰ মাজলৈ নাহে৷ এন্ধাৰ হব নোৱাৰা আমাৰ সম্পদটি আৰু পোহৰৰ চাকি গছি লাবলৈ আমাৰ মাজলৈ নাহে৷ সোণৰ অসমৰ গঢ়িবলৈ সপোন দেখুওৱা মানুহজন আজি আমাৰ মাজত নাই৷ পাখি মেলি চিৰদিনলৈ চিৰকাললৈ অসম–সমীয়াক কন্দুৱাই আমাৰ মাজৰ পৰা নোহোৱা হৈ গল হার্টথ্রব৷
কিন্তু তেওঁক আমি বিদায় দিব নোৱাৰোঁ৷ নোৱাৰোঁ তেওঁ নোহোৱা হোৱা বুলি৷ ব্রহ্মপুত্র যিদিনালৈ হৈ থাকিব, অসমীয়া জাতি যিদিনালৈ জীয়াই থাকিব, চিৰকাল–চিৰদিন তোমাক আমি জীয়াই ৰাখিম৷
পিছে সেই চিঞৰ, সেই আৱেগ ধবনিটো আৰুতো আমি শুনিবলৈ নাপাম জয় জুবিনদা৷
হয়তো ২০২৫ বৰ্ষটো অসমীয়াৰ বুকুত এক মচিব নোৱাৰা বেদনা হৈ ৰব।
ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ