নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি মাহৰ গৰ্ভৱতী তৃতীয় লিংগ মিকি! চমৎকাৰ নে বিজ্ঞান?

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ আমাৰ সাধাৰণতে তৃতীয় লিংগৰ প্ৰতি মনত ভিন্ন বিচাৰ থাকে। বিবাহপাশত আবদ্ধ হ’ব নোৱাৰে, সংসাৰ কৰিব  নোৱাৰে ইত্যাদি। এনে অৱস্থাত তৃতীয় লিংগৰ কোনো লোক যদি গৰ্ভৱতী হয়, সি স্বাভাৱিকতে আশ্চৰ্যান্বিত নকৰাকৈ নাথাকে। তেনে এক আচৰিত ঘটনাই সংঘটিত হৈছে বষ্টনত। বিজ্ঞানী তথা চিকিৎসকসকলৰ চকু কপালত উঠিছে উক্ত ঘটনাটো পৰীক্ষণ কৰি। যেন এয়া প্ৰকৃতিৰ এক চমৎকাৰ।

তৃতীয় লিংগগৰাকীৰ নাম মিকি। সৰুৰে পৰাই মিকি ল’ৰাৰ দৰে ডাঙৰ হৈছে। কিন্তু লগতে ছোৱালীৰো গুণ আছিল মিকিৰ গাত। মিকি কেৱল এজন ল’ৰাৰ দৰে থাকিব লগা হৈছিল কাৰণ শৰীৰত পুৰুষৰ অংগ আছিল। কিন্তু প্ৰতিটো সময়ত মিকিয়ে ছোৱালীৰ দৰে কাপোৰ পিন্ধিহে ভাল পাইছিল।

কিন্তু সমাজখনে মিকিক ছোৱালীৰ দৰে জীয়াবলৈ দিয়া নাছিলে। গতিকে ল’ৰাৰ দৰেই আছিল যদিও মিকি ডাঙৰ হ’লত ছোৱালীৰ দৰে থাকিবলৈ ল’লে।

যৌৱন কালত নিজৰ মনৰ আকাঙক্ষা পূৰণ কৰাৰ পিছত মিকিৰ শৰীৰত সমস্যাই দেখা দিলে। তাৰ পিছত চিকিৎসকৰ ওচৰলৈ গৈ গম পালে যে নাৰীৰ দৰে গৰ্ভাশয় আৰু অণ্ডকোষ সকলো তাৰ শৰীৰত আছিল।

তাৰ পিছত মিকিয়ে চিকিৎসকসকলক জনালে যে তাই গৰ্ভধাৰণ কৰিব বিচাৰে। মিকি এতিয়া চাৰি মাহৰ গৰ্ভৱতী। মিকিয়ে এটা সাক্ষাতকাৰত কয় যে তেওঁ মাতৃত্ব অৰ্জনৰ এই সিদ্ধান্ত লৈ যথেষ্ট সুখী অনুভৱ কৰিছে।

You might also like