নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত উদ্ধাৰ ১৩০০ বছৰ পুৰণি বিষ্ণু মন্দিৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ১৩০০ বছৰ পুৰণি এটা হিন্দু মন্দিৰ উদ্ধাৰ হৈছে পাকিস্তানত। কালি এই উদ্ধাৰ অভিযান সম্পৰ্কত দেশখনে ব্যক্ত কৰে। উত্তৰ-পশ্চিম পাকিস্তানৰ স্বাত জিলাৰ এখন পাহাৰত ইটালী আৰু পাকিস্তানৰ পুৰাতাত্ত্বিক বিশেষজ্ঞসকলে ইয়াক উদ্ধাৰ কৰে। বাৰিকোট ঘুণ্ডাইত চলোৱা খননকালত ইয়াক উদ্ধাৰ কৰা হয়।

খাইবাৰ পাখটুনখাৱা পুৰাতত্ত্ব বিভাগৰ ফজল খালিকে জনায় যে হিন্দু মন্দিৰটো বিষ্ণু দেৱতাৰ মন্দিৰ। পুৰাতত্ত্ব বিভাগে জনোৱা মতে, বিষ্ণু মন্দিৰটো খ্ৰীষ্টাব্দ ৭ শতিকাৰ। সেই সময়ত কাবুল উপত্যকা (পূব আফগানিস্তান)ৰ গান্ধাৰা (আধুনিক পাকিস্তান)ত হিন্দু ৰজাই শাসন কৰিছিল। বিশেষজ্ঞসকলে মন্দিৰৰ ওচৰত এটা পুখুৰীৰ চিহ্নও উদ্ধাৰ কৰিছে।

ধাৰণা কৰা হৈছে যে ইয়াত ভক্তসকলে গা-পা ধুইছিল। উল্লেখ্য, স্বাত জিলাত সহস্ৰাধিক বছৰ পুৰণি পুৰাতাত্ত্বিত সমল আছে, যাৰ বাবে পৰ্যটনৰ এক ক্ষেত্ৰ হিচাপে ইয়ালৈ বহু পৰ্যটকৰ আগমন হয়।

You might also like