নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাগৰিও নপৰে বগৰাবও নোৱাৰি, ৭টা হাতী বিফল হোৱা এটা ৰহস্য়জনক শিল…

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ এটা প্ৰায় গোলাকাৰ ডাঙৰ শিল। হেলনীয়াকৈ থকা অৱস্থাতো শিলটো বাগৰি নপৰে। আনকি হাতী লগায়ো বগৰাব নোৱাৰি এই শিলটো। পৃথিৱীৰ এক আচৰিত ঘটনাৰ সাক্ষ্য বহন কৰি থকা এই শিলটো আছে দক্ষিণ ভাৰতৰ মহাবলিপুৰমত। প্ৰায় ২৫০ টন ওজনৰ শিলটো ২০ ফুট ওখ আৰু ১৫ ফুট বহল।

দক্ষিণ ভাৰতত ইয়াক ভগৱান শ্ৰীকৃষ্ণৰ মাখনৰ বল বুলিও জনা যায়। প্ৰবাদ মতে ভগৱান শ্ৰীকৃষ্ণই ইয়াত অকণমান মাখন পেলাইছিল আৰু ইয়েই এতিয়া শিলৰ ৰূপ লৈ বৰ্তি আছে। ১৯০৮ চনৰ ব্ৰিটিছ ভাৰতৰ মাদ্ৰাছ(চেন্নাই)ৰ ৰাজ্যপাল আৰ্থাৰ লালিয়ে এই শিলটো তাৰ পৰা গুচোৱাৰ বাবে ৭টা হাতী ব্য়ৱহাৰ কৰিছিল যদিও ইয়াক আঁতৰ কৰা বাদেই, গাটোৱে লৰাব পৰা নাছিল।

ইয়াৰ আগেয়ে দক্ষিণ ভাৰতত ৰাজত্ব কৰা পল্লৱ বংশৰ ৰজায়ো ইয়াক আঁতৰোৱাৰ চেষ্টা কৰিছিল যদিও বিফল হয়। শিলটো এনেদৰে একেই অৱস্থানত ভূমিকম্পকে ধৰি নানা বাধা-বিঘিনি নেওচি বছৰ বছৰ ধৰি ৰহস্যময়তাৰ সোৱাদ দি আছে। মাধ্যকৰ্ষণ শক্তিৰ তত্ত্বক ভেঙুচালি কৰি ৪৫ ডিগ্ৰীৰ হেলনীয়া অৱস্থানত থাকিও তললৈ নপৰা শিলটোক লৈ ধৰ্মীয় ব্যাখ্যা থাকিলেও ভূবিজ্ঞানীৰো আছে মত।

ভূবিজ্ঞানীৰ মতে শিলটো এক প্ৰাকৃতিক গঠন। কিন্তু বিশেষজ্ঞৰ মতৰ পিছতো সম্পূৰ্ণ ৰহস্য নাশ হোৱা নাই শিলটোৰ। উল্লেখ্য চীনা ৰাষ্ট্ৰপতি জিনপিঙৰ ভাৰত ভ্ৰমণৰ সময়ত এই শিলৰ সন্মুখত নৰেন্দ্ৰ মোদীৰে ফটো উঠিছিল আৰু জিনপিঙে শিলটোৰ অৱস্থানক লৈ বিস্ময়াভিভূত হৈছিল।

You might also like