নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রকৃতিৰ সংৰক্ষণ অবিহনে ভৱিষ্যৎ অন্ধকাৰ

অনুৰাধা শর্মা পূজাৰী

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ৷ যোৱা দুটা বছৰ ক’ৰোনাৰ বাবে আমাৰ জীৱনবোৰ কিছু পৰিমাণে স্থবিৰ হৈ পৰিছিল৷ সেই জীৱনবোৰ নতুন বছৰত সুস্থ আৰু পৰিকল্পিতভাৱে যাতে উদ্যাপন কৰিব পাৰোঁ, তাৰ আশা কৰিছোঁ৷ ইয়াৰ লগত মই এটা কথাই কওঁ– প্রকৃতি সংৰক্ষণ অবিহনে আমাৰ ভৱিষ্যৎ অন্ধকাৰ, সেয়ে নৱবর্ষত সকলোৱে সংকল্প লওক, প্রকৃতিৰ প্রতি যেন সকলোৱে সচেতন হয়৷ প্রকৃতিয়ে যে আমাৰ মাতৃ, এই কথাটো যেন সকলোৱে অনুধাৱন কৰে৷ নৱবর্ষত বিশৃংখল হৈ পৰা আমাৰ সমাজ ব্যৱস্থাক সুশৃংখল কৰাৰ দায়িত্ব আমাৰ পৰিয়ালসমূহে ল’ব লাগিব৷ সমাজৰ প্রাথমিক গোট হৈছে পৰিয়াল৷ পৰিয়ালবোৰ সংশোধন হ’ব লাগিব৷ এটা সন্তান যদি ক’ৰবালৈ গ’লে ঘৰলৈ ঘূৰি অহাৰ আকর্ষণ নাথাকে, ঘৰখনত যদি মৰম–চেনেহ নাপায়, তেন্তে সন্তান বিপথে যোৱাৰ স্থল থাকে৷ অভিভাৱকে মৰম বুজাবলৈ যি বিচাৰে তাকে দিয়ে, কিন্তু প্রমূল্যটো শিকোৱা নাই৷ এই কথাখিনি যেতিয়া ঘৰত ঘটে, তেতিয়া বিশৃংখলাটো আৰম্ভ হয়৷ গতিকে সমাজৰ প্রাথমিক গোট হিচাপে দায়িত্বশীল হওক৷ এটা চুবুৰিত যদি ১০টা পৰিয়ালৰ ৮টা পৰিয়ালে দায়িত্বশীল হয়, তেন্তে সমাজখনেই সু–শৃংখলা হৈ পৰিব৷

You might also like