নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব লাডাখৰ পৰা শীঘ্রে প্রত্যাহাৰ কৰক চীনা সৈন্য; ৰাজনাথ সিঙৰ কঠোৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ লাডাখৰ এল এ চিত চীন–ভাৰতৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে মস্কোত চীনৰ প্রতিৰক্ষা মন্ত্রীৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ ৰাছিয়াৰ ৰাজধানী মস্কোত অনুষ্ঠিত ছাংহাই কো–পাৰেচন অর্গেনাইজেচনৰ (এছ চি অ’) বৈঠকৰ পাছত বেইজিঙৰ অনুৰোধমর্মে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে চীনৰ প্রতিৰক্ষা মন্ত্রী জেনেৰেল ৱেই ফেংহিৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছতে দুই দেশৰ মাজত বিবৃতি যুদ্ধ চলিছে৷

উল্লেখ্য যে পূর্বনির্ধাৰিত কোনো কার্যসূচী নাছিল যদিও চুবুৰীয়া ৰাষ্ট্রখনৰ অনুৰোধমর্মে প্রতিৰক্ষা মন্ত্রী সিঙে ২.২০ ঘণ্টা সময় চীনৰ প্রতিৰক্ষা মন্ত্রীৰ সৈতে আলোচনাত মিলিত হয়৷ এই বৈঠকত লাডাখৰ এল এ চিত দুই দেশৰ মাজত চলি থকা উত্তেজনা সন্দর্ভত বিতং আলোচনাৰ সময়ত প্রতিৰক্ষা মন্ত্রী সিঙে স্পষ্টভাৱে লাডাখৰ এল এ চিত ভাৰতৰ স্থিতি অৱগত কৰি চুবুৰীয়া ৰাষ্ট্রখনক পূব লাডাখত যথাস্থিতি বাহাল ৰখাৰ লগতে শীঘ্রে ভূমিখণ্ডৰ পৰা সেনা প্রত্যাহাৰৰ দাবী জনায়৷ প্রতিৰক্ষা মন্ত্রালয়ে চীনৰ সৈতে হোৱা বৈঠকৰ বৃত্তান্ত বিবৃতিযোগে প্রকাশ কৰাৰ পাছতেই বেইজিঙৰ মন্ত্রালয়েও ভাৰতক প্রত্যাহ্বান জনাই বিবৃতি প্রকাশ কৰে৷ প্রতিৰক্ষা মন্ত্রী সিঙে লাডাখৰ সীমান্তত উত্তেজনা হ্রাস কৰিবলৈ দুই দেশে আলোচনা অব্যাহত ৰখাক প্রাধান্য দিয়ে৷ তদুপৰি পাংগং হ্রদৰ দক্ষিণ দাঁতিত শেহতীয়াকৈ চীনৰ সেনাই নিজৰ সেনাৰ শক্তি বৃদ্ধি কৰি আধিপত্য বিস্তাৰ কৰিব খোজা বিষয়টোক কঠোৰ ভাষাৰে আপত্তি জনায়৷ ইয়াৰ বিপৰীতে চীনৰ প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰা বিবৃতিত এল এ চিত দুই দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱা বাবে ভাৰতক দোষাৰোপ কৰে৷

বিবৃতিত উল্লেখ কৰা মতে, ভাৰত–চীন সীমান্তৰ বর্তমান উত্তেজনাময় পৰিস্থিতিৰ কাৰণ আৰু সত্য স্পষ্ট৷ এই ঘটনাৰ বাবে দায়বদ্ধ ভাৰত৷ চীনে এই ভূখণ্ডৰ এক ইঞ্চিও মাটি এৰি দিব নোৱাৰে আৰু সশস্ত্র বাহিনী নিজ দেশৰ সার্বভৌমত্ব আৰু ভূমিখণ্ডৰ অখণ্ডতা ৰক্ষা কৰিবলৈ সম্পূর্ণ সক্ষম, বিশ্বাসী৷ মস্কোত দুই দেশৰ প্রতিৰক্ষা মন্ত্রীয়ে অঞ্চলটোৰ শান্তি আৰু সুস্থিৰতা বর্তাই ৰখাৰ বাবে আলোচনাক প্রাধান্য দিলেও বিবৃতিয়ে আন এক ইংগিত দিছে৷

উল্লেখ্য যে যোৱা জুন মাহত চীনা সৈন্যৰ আক্রমণত লাডাখৰ গালৱান উপত্যকাত কর্নেলসহ ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পাছতেই পৰিস্থিতি উত্তেজনাময় হৈ আছে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে চীনৰ বৈদেশিক মন্ত্রী আৰু ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে টেলিফোনিক বার্তালাপত পৰিস্থিতি ঘূৰাই অনাৰ সহমতত উপনীত হৈছিল যদিও পিছলৈ পুনৰ যোৱা ২৯ আগষ্টত চীনা সৈন্যই ভাৰতীয় ভূমি দখলৰ অপচেষ্টা চলায়৷ এই ঘটনাৰ পাছত দুই দেশৰ প্রতিৰক্ষা মন্ত্রী মস্কোত মিলিত হয়৷

You might also like