নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতি–সমালোচনা আৰু ড০ ভূপেন হাজৰিকা

-ইছমাইল হোছেইন

এক অবিসম্বাদী সংগীত শিল্পী ড০ ভূপেন হাজৰিকাই ৮৫ বছৰীয়া জীৱনকালত বঁটা, সন্মান, প্রশংসা, স্বীকৃতি আদিৰে উজ্জ্বল হৈ উঠাৰ বিপৰীতে কেতিয়াবা সমালোচনা, বদনাম, ঈর্ষা আৰু বিতর্কৰ অগ্ণিত দগ্ধ হৈছিল, অনেক পৰীক্ষা–নিৰীক্ষাৰে তেওঁ নিজকে পুনৰ উজ্জীৱিত কৰি সৃষ্টিশীল শিল্পীৰূপে গঢ়ি তুলিছিল৷
ড০ ভূপেন হাজৰিকাই নিজক সমালোচনা কৰিব জানিছিল বাবেই তেওঁ আনৰ গঠনমূলক সমালোচনা গ্রহণো কৰিছিল৷ ১৯৯৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ‘ভূপেন সংগীত সমিতি ঃ অসম’ৰ উদ্বোধনী সভাত যোগদান কৰি সমালোচনা সন্দর্ভত কৈছিল–
‘মোৰ যদি ক’ৰবাত কিবা ভুল হৈছে বা ভুল হয় তাৰ সমালোচনা হওক, ৰিছার্চ হওক৷ ভুলৰ সমালোচনাক মই কেতিয়াও অসন্মান কৰা নাই, নকৰোও৷ মই যদি দেখো এইটো সঁচাকৈয়ে মোৰ ভুল হৈছে, তাক তেতিয়া মই শুধৰাই লওঁ৷’ ( ড০ ভূপেন হাজৰিকা ৰচনাৱলী, তৃতীয় খণ্ড, পৃষ্ঠা ১৬৭৯)
ড০ ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাজেৰেও সমালোচনাক আদৰণি জনাইছে৷ ‘মোৰ গীতৰ হেজাৰ শ্রোতা’ শীর্ষক গীতত কৈছে–
‘ভুল যদি হয় সৃষ্টিত মোৰ
তুমি হোৱা চিন্তিত,
সমালোচনাৰ অগনিৰে পুৰি
মোকো কৰা উন্নত৷’ (ঐ– গ্রন্থ, পৃষ্ঠা ঃ ১৬২০)
এগৰাকী শিল্পী সমালোচনাৰ অগ্ণিৰে বেছি দগ্ধ ২০০৪ চনত ভাৰতীয় জনতা পার্টীৰ (বিজেপি) প্রার্থীৰূপে গুৱাহাটী লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি পৰাজয়বৰণ কৰাৰ পিছত তেওঁক ৰাইজে ৰাজনীতিবিদ হিচাপে বিচৰা নাছিল, বিচাৰিছিল সংগীত শিল্পী হিচাপেহে৷ সেয়ে তেওঁ গীতৰ জগতলৈ (তেওঁৰ মতে ‘মই মোৰ পৃথিৱীলৈ৷) উভিত যোৱাৰ কথা ব্যক্ত কৰি কৈছিল– ‘মই মোৰ পৃথিৱীলৈ উভতি যাবই লাগিব, দুখ আৰু সমালোচনাৰ অগনিয়ে পুৰি মই মোৰ প্রতিশ্রুতি গ্রহণ কৰিব লাগিব– সংস্কৃতিৰ বাবে৷’ (ঐ– গ্রন্থ, পৃষ্ঠা ঃ ১৭০৩)৷
ড০ ভূপেন হাজৰিকাই তেওঁৰ শিল্পী জীৱনত অনেক নেতিবাচক সমালোচনা আৰু বদনামৰ মুখামুখি হৈছিল৷ শিক্ষা, গীত, পাৰিবাৰিক জীৱন ইত্যাদিক কেন্দ্র কৰি এটা চামে সংবাদ মাধ্যমত আৰু সামাজিক জীৱনত ভূপেন হাজৰিকাক নেতিবাচকভাৱে তুলি ধৰিবলৈ গৈ একাধিকবাৰ মনোকষ্ট দিছিল৷ সেই সন্দর্ভত ক’বলৈ গৈ শিল্পীগৰাকীয়ে তেওঁৰ আত্মজীৱনী ‘মই এটি যাযাবৰ’ত ভাৰতৰ অনেক শিল্পীৰ জীৱনৰ ঘটনা আৰু ৰটনাৰ উল্লেখেৰে নেতিবাচক সমালোচনা কৰা লোক সন্দর্ভত কৌশলগতভাৱে কৈছে– ‘সঁচা শিল্পীয়ে দুখ পাই থমকি ৰৈ নিজকে তেতিয়া ফঁহিয়ায়৷ ভাবে ‘মোৰ ঈশ্বৰ দেখোন ৰাইজ৷ মই সঁচাকৈয়ে দোষ কৰিলে ৰাইজে শাস্তি দিয়ক৷’ কিন্তু যদি নিজে দোষ নকৰে তেতিয়া শত–সহস্র জনতাৰ সাহসেৰে বলৱান হৈ সেই নীচ আক্রোশমূলক তিৰস্কাৰকাৰীসকলৰ্ ওচৰত প্রথমতে বজ্র হৈ জঁপিয়াই পৰিব খোজে সঁচা শিল্পীয়ে৷ পিছ মুহূর্ততে ভাবে এই ধ্বংসাত্মক শ্রোতাৰ আৱেগ দেখোনMicroscepic minority হে৷ সিহঁত আছে প্রথমৰ পৰাNegative attitude লৈ৷ কিৰীলি পাৰিবলৈ তেতিয়া হাতত যথেষ্ট প্রমাণ, নথি–পত্র থকা শিল্পীয়ে ভাবে, আইনৰ সহায় লোৱা যাওক৷ পিছ মুহূর্ততে ভাবে, সৃষ্টিশীল সময় ‘দুষৃকতি’ৰ পাছত খৰচ কৰিবইবা কিয়? আকৌ সংযত হৈ সঁচা শিল্পীয়ে ভাবে, ইহঁতক অৱজ্ঞা কৰা যাওক৷ ন ন সৃষ্টিৰDynamic প্রকাশেৰে, ন ন প্রতিভাৰ জেউতিৰে এই আন্ধাৰৰ পুত্রবোৰক নাশ কৰাটোৱেই শিল্পীসুলভ হ’ব৷ তেতিয়া সঁচা শিল্পীয়ে নতুন ‘চেলেঞ্জ’ পায়৷ এই দুষৃকতিকাৰীহঁতে আওপকীয়াভাৱে আক্রান্ত শিল্পীজনক ন ন সৃষ্টিত সহায়হে কৰে৷ মন–টেঙাৰ কাঁইট তেতিয়া শিল্পীজনৰ মনত হৈ পৰে কেতেকীৰ পাপৰি৷ সেই দুষৃকতিকাৰীহঁতৰ কাঁইটে বিন্ধাৰ ফলত শিল্পীৰ মনৰ অকমান তেজে সেই পাপৰিত ৰহণ চৰায়৷– ৰাইজে পাব আৰু ন–ৰহণ৷ শিল্পীয়ে পায় শান্তি৷ দিনে–নিশাই কাম কৰা সংস্কৃতিৰ আজীৱন বনুৱাৰূপে আকৌ সাফল্যৰ বহল দিগন্তৰ গন্তব্য স্থানৰ পিনে আগুৱাই যায়৷’ (ঐ–গ্রন্থ, তৃতীয় খণ্ড, পৃষ্ঠা ঃ ১৭১৮)৷ ড০ ভূপেন হাজৰিকাৰ ভিতৰৰ মানুহজনক বিচাৰি পোৱা যায় তেওঁ মানুহ সম্পর্কে দিয়া স্বীকাৰোক্তিৰ মাজেৰে৷ তেওঁৰ শিল্পী জীৱনত মানুহৰ পৰা পোৱা মৰম আৰু ভাল পোৱাই যে সমালোচনা আৰু নিন্দাক তল পেলোৱাত ইন্ধনৰ ভূমিকা পালন কৰিছিল সেই সন্দর্ভত আত্মজীৱনীত লিখিছে– ‘গোটেই জীৱনত সকলো স্তৰৰ মানুহৰ পৰা মই মৰম পাই আহিছোঁ আৰু মানুহৰ মৰমতে মই আপ্লুত হৈ কৃষ্টিৰ পথাৰে পথাৰে আজীৱন সিঁচি ফুৰিছোঁ সমন্বয়ৰ বীজ৷ সাধনা আৰু সংগ্রামত সাহস আৰু অফুৰন্ত শক্তি পাই আহিছোঁ৷ … ৰাইজৰ নিভাঁজ মৰম পালে মোৰ বুকু ভৰি যায়৷ মানুহৰ সঁচা মৰমত অৱগাহন কৰি মই নতুন জীৱন পাওঁ৷ তেনে সঁচা মৰম–চেনেহ মানুহৰ পৰা মই সদায়েই পাই আহিছোঁ আৰু ৰাইজৰ এনে মৰম আৰু আশীর্বাদেই হৈছে মোৰ এই শিল্পী জীৱনৰ পৰম পাথেয়৷ আজীৱন মই মানুহৰ মাজত গাইছোঁ মানুহৰ গান– গাই যাম জীৱনৰ বাকী থকা প্রতিটো দিনত, প্রতিটো ক্ষণত এই একেই দর্শনৰ গান৷’ (ভূপেন হাজৰিকা ৰচনাৱলী, তৃতীয় খণ্ড, পৃষ্ঠা )
তৎসত্ত্বেও দেখা যায় যে ড০ হাজৰিকাই তেওঁক ভাল পোৱা লোকৰ পৰা নিন্দাও পাইছিল৷ এই নিন্দাৰ মূল কাৰণ আছিল বিভিন্ন সময়ত তেওঁ গ্রহণ কৰা আপোচকাৰী অৱস্থান৷ জনসাধাৰণে ড০ হাজৰিকাক বিচাৰিছিল সংগীতৰ এগৰাকী মহাসংগ্রামী হিচাপে৷ তেওঁ যি কৰিব, যি ক’ব সেয়া যেন সংগীতেৰেই ক’ব– সেয়াই আছিল ড০ হাজৰিকাৰ প্রতি সোঁপন্থী–বামপন্থী সর্বস্তৰৰ ৰাইজৰ দাবী৷ সেই দাবী তেওঁ বহু সময়ত গ্রহণ কৰিব পৰা নাছিল৷ তেওঁ বিচ্যুৎ হৈছিল, ৰাইজক হতাশ কৰিছিল৷ তৎসত্ত্বেও যেন তেওঁ আছিল ৰাইজৰ বুকুৰ কুটুম৷ ক’ৰবাত তেওঁৰ উত্তৰণ ঘটিছিল, ক’ৰবাত বিচ্যুতি হৈছিল৷ ৰাজনীতিৰ অজগৰে তেওঁক মেৰিয়াই ধৰি উশাহ বন্ধ কৰিবৰ উপক্রম কৰিছিল৷
নিজে বিভিন্ন সময়ত ৰাজনীতিত জড়িত হ’লেও প্রচলিত ৰাজনীতিৰ প্রতি ড০ ভূপেন হাজৰিকাৰ আছিল চৰম ঘৃণা৷ তেওঁ ৰাজনীতিৰ আঁৰত থকা জাত–পাতৰ বিষয়টোক চৰম ঘৃণা কৰিছিল৷ ৰাজ্যৰ ৰাজনীতিত এবাৰ বিধায়ক নির্বাচিত হোৱা, দুবাৰ লোকসভাৰ নির্বাচনত পৰাজিত হোৱা, ভাৰতীয় জনতা দলত যোগদান কৰি ৰাইজৰ দ্বাৰা প্রত্যাখ্যান হোৱা আদি অভিজ্ঞতাক সাৰথি কৰি ড০ হাজৰিকাই তেওঁৰ আত্মজীৱনী ‘মই এটি যাযাবৰ’ত ৰাজনীতিৰ জাত–পাত সম্পর্কে বহু কথাই লিখি থৈ গৈছে৷
২০০৬ চনৰ ৪ জুনত মুম্বাইৰ পৰা অসমৰ কাকতসমূহলৈ প্রেৰণ কৰা এক বিবৃতিত ড০ ভূপেন হাজৰিকাই তেওঁৰ ৰাজনৈতিক জীৱনৰ উত্থান–পতনৰ কথা উল্লেখ কৰি কৈছিল– ‘মই উপলব্ধি কৰিছোঁ যে শিল্পী হিচাপে মোৰ প্রতি থকা মানুহৰ মৰম, সন্মান আৰু প্রশংসাবোৰ ভোটলৈ পৰিণত নহয়৷ হয়তো ভোটাৰৰ মনত মোক লৈ এনে এক ধাৰণা বদ্ধমূল হৈ আছে যে তেওঁলোকে মোক এজন শিল্পী হিচাপেহে গ্রহণ কৰে কিন্তু সম্ভাৱনাময় ৰাজনৈতিক নেতা হিচাপে তেনেই প্রত্যাখ্যান কৰে৷ কিন্তু মোৰ সামর্থ্যৰ ওপৰত বিশ্বাস ৰাখি মোক ভোট দিয়া তিনি লাখ ভোটাৰৰ প্রতি মই কৃতজ্ঞ৷’
একেই বিবৃতিত তেওঁ নিজৰ ব্যর্থতাৰ পৰা শিক্ষা গ্রহণ কৰি নিজৰ মাজতে নিজক পুনৰ আৱিষ্কাৰ কৰি লিখিছিল– ‘মোৰ মৰমৰ ঘৰ অসমৰ কথা ভাবিলো– মোৰ জন্মস্থান, ইয়াৰ উর্বৰা ৰঙামাটি, নীলা আকাশ, সেউজীয়া পাহাৰ, বননি, জিৰজিৰ নিজৰা, জলপ্রপাত আৰু সুন্দৰ মানুহবোৰ, কপৌফুল সকলোবোৰ, সকলো ব্যক্তিয়েই মোৰ সংগীত, গীত ৰচনাত অনুপ্রেৰণা যোগাই আহিছে, মোৰ সৃজনশীলতাকো চহকী কৰিছে৷ চকুৰ পলকতে মোৰ সমগ্র জীৱনটো দেখা পাওঁ মোৰ জন্ম, কৈশোৰ, যৌৱন, বয়স্ক অৱস্থা, মোৰ জাগৰণ, প্রেম, উত্তৰণ, অজ্ঞতা, জ্ঞান, ব্যর্থতা, প্রাপ্তি, মোৰ পুৰস্কাৰ আৰু আজিৰ প্রত্যাখ্যানপর্যন্ত৷ নিজৰ কথাকে ভাবো– শূন্যৰ পৰা আজিলৈকে মই সেই একেজন ভূপেন হাজৰিকা৷ স্রষ্টা, কবি, সংগীতকাৰ, সমাজ চিন্তক মানুহ আৰু মানৱতাৰ প্রেমিক৷ কিন্তু য’তেই মই নাথাকো মই সলনি নহওঁ৷ কিয়নো মোৰ মাজত মই সদায় কঢ়িয়াই ফুৰিছো, মোৰ সত্তাত বিলীন হৈ আছে অসমৰ চেতনা আৰু আত্মা৷’
ড০ হাজৰিকাই অটল বিহাৰী বাজপেয়ীৰ উচ্চ ব্যক্তিত্ব, ৰাষ্ট্রনেতাৰ গুণ, আকর্ষণীয় নেতৃত্ব, উদাৰ দৃষ্টিভংগী, গণতান্ত্রিক দৃষ্টি আদিৰ বাবেই বিজেপিত যোগ দিয়াৰ কথা স্বীকাৰ কৰি লোকসভা নির্বাচনত পৰাজয়বৰণ সন্দর্ভত একেই বিবৃতিত কৈছে– ‘মই প্রতাৰিত অনুভৱ কৰিলোঁ, কিয়নো মই মোৰ নিজৰ মাটিতে মোৰ নিজৰ মানুহৰ দ্বাৰা পৰাজিত হোৱাৰ গ্লানিৰ মুখামুখি হ’লোঁ৷ মোৰ জীৱনৰ ৬৫টা কর্মময় বছৰত অসম আৰু সমগ্র উত্তৰ–পূবৰ সমাজ, সংস্কৃতি, ৰাজনৈতিক উন্নতি, স্বীকৃতিৰ হকে মোৰ ৰচনা, কবিতা, গীত, সংগীত, সাহিত্য আৰু চিনেমাৰ মাজেৰে কাম কৰি আহিছো৷ ঈশ্বৰৰ কৃপাত বিশ্বজুৰি মোৰ নামৰ সৈতে অসমৰ নামো সাঙোৰ খাই পৰিল ঃ ভূপেন, বিহু, ব্রহ্মপুত্র৷ কিন্তু অবিৰত উৎসর্গাৰ বিপৰীতে মোৰ মানুহখিনিৰ পৰা মই কি প্রতিদান বিচাৰিছিলো? কেৱল এটাই ভোট কিন্তু হায়’
ড০ ভূপেন হাজৰিকাৰ এনে স্বীকাৰোক্তিয়ে নিশ্চিতভাৱে তেওঁৰ আত্ম–সমালোচনাৰ দুৱাৰ মুকলি কৰে৷ ১৯৬৯ চনৰ মার্ক্সবাদ আৰু কমিউনিষ্ট মতাদর্শ সম্পর্কে উচ্চ ধাৰণা দি প্রবন্ধ লিখা ড০ ভূপেন হাজৰিকাই ২০০৪ চনত যেতিয়া বিজেপিত যোগদান কৰিছিল তেতিয়া তেওঁ সমালোচনাৰে থকা–সৰকা হৈছিল৷ তেওঁৰ পূর্বৰ প্রসংগ টানি আনি সংবাদ মাধ্যমতে ‘সুবিধাবাদী’ আৰু ‘স্ববিৰোধী’ বুলি আক্রান্ত কৰিছিল৷ তেওঁ নিজেই এক তৰল মন্তব্যৰে কৈছিল– ‘মই কমিউনিষ্ট, মাথোঁ পোছাকযোৰহে সলাইছোঁ৷’ বিজেপিৰ প্রার্থী হোৱাৰ পিছত এখন বাংলা কাকতৰ এক সাক্ষাৎকাৰত ড০ হাজৰিকাই কৈছিল যে তেওঁ জনগণৰ মানুহ, কমিউনিষ্টসকলৰ পথেদিয়ে তেওঁৰ উত্তৰণ আৰু বিশ্ব জয় বিচৰণ সম্ভৱ হৈছে৷ তেওঁ একেটা পথেদি যাত্রা আৰম্ভ কৰা বুলি উল্লিখিত সাক্ষাৎকাৰত কৈছিল৷ কমিউনিষ্টৰ পথ এৰি বিজেপিত যোগদান কৰা সন্দর্ভত ড০ হাজৰিকাই একেই সাক্ষাৎকাৰত কৈছিল– ‘বিজেপিত যোগদান কৰি মোৰ একো পৰিৱর্তন হোৱা নাই৷ মই মাথোঁ পোছাকহে সলাইছোঁ৷ পোছাক সলনি হ’লে মুখ সলনি নহয়, দেহো সলনি নহয়, ভিতৰত যি বিশ্বাসৰ বসবাস, সেয়া আজিও অক্ষত হৈয়ে আছে৷ যিয়ে ‘মানুহে মানুহৰ বাবে’ গাব পাৰে, তেওঁৰ দীর্ঘসংগী এই বিশ্বাসৰ পৰিৱর্তন হোৱাটো সম্ভৱ জানো?’
ড০ ভূপেন হাজৰিকাৰ এনেধৰণৰ স্বীকাৰোক্তিক তেতিয়াৰ সংবাদ মাধ্যমে ‘সুবিধাবাদৰ চূড়ান্ত পৰিচয়’ বুলি অভিহিত কৰিছিল৷ ড০ হাজৰিকাক কেন্দ্র কৰি অসমজুৰি সৃষ্টি হোৱা ক্ষোভৰ কথা উল্লেখ কৰি একেই সাক্ষাৎকাৰত সোধা প্রশ্ণৰ উত্তৰত তেওঁ কৈছিল– ‘কিহৰ অভিমান? কিহৰ ক্ষোভ? এইবোৰ ক্ষোভ আৰু অভিমানৰ উত্তৰ মই সদায় দি আহিছোঁ৷ বিজেপি প্রার্থী হ’লো বুলিয়েই মই গেৰুৱা পোছাক নিপিন্ধো৷ সংঘলৈ নাযাও৷ গণনাট্য সংঘৰ ভূপেন মানুহৰ ভূপেন, সুৰৰ ভূপেন, গীতিকাৰ ভূপেন তেওঁৰ স্বতন্ত্র সত্তাৰে সদায় মানুহৰ মাজতেই থাকিব৷’
উল্লেখ্য যে এনেদৰে ঘোষণা কৰা পিছতো ২০০৪ চনৰ ৩০ মার্চত বিজেপিৰ প্রার্থী হিচাপে গুৱাহাটী সংসদীয় সমষ্টিত মনোনয়ন–পত্র দাখিল কৰা দিনৰ পৰা নির্বাচনী প্রচাৰৰ অন্তিম পর্যায়লৈকে দলটোৰ নেতা–কর্মীসকলে দলীয় পতাকা, গেৰুৱা গামোচা, চোলা, টুপী আদিৰে শিল্পীগৰাকীক এনেদৰে সজাই দিছিল যে তেওঁক তেনে গেৰুৱা পোছাকত দেখা লোকে শিল্পীগৰাকীৰ পূর্বৰ ঘোষণা অসাৰ আৰু তৰল বুলি মন্তব্য কৰিছিল৷ সেই সময়ত অসমৰ কোনো এগৰাকী বিজেপি সাংসদ প্রার্থীয়ে পৰিধান কৰা একাধিক গেৰুৱা পোছাক পৰিধান কৰি ড০ হাজৰিকাই কেৱল হাঁহিয়াতৰ পাত্রই হোৱা নাছিল বৰঞ্চ তেওঁৰ প্রকৃত অনুগামীৰ মনত তেওঁৰ আচৰণে যথেষ্ট দুখ দিছিল শিল্পীগৰাকীৰ সবল ব্যক্তিত্বৰ সান্নিধ্যত থকা অনুগামীসকলে তেওঁৰ তৰল মন্তব্য শুনি মানসিকভাৱে দুর্বল হৈ পৰিচিল৷ কাকতসমূহে ক্ষোভত ফাটি পৰি মৰমৰ শিল্পীগৰাকীক ‘গেৰুৱা গায়ক’, ‘গেৰুৱা ৰাজনীতিবিদ’ বুলি ককর্থনা কৰিছিল৷ ৰাজনৈতিক সমীক্ষক আৰু বুদ্ধিজীৱীসকলে ড০ হাজৰিকাৰ ভাষ্য শুনি তেওঁক ‘ৰাজনৈতিকভাৱে অপৰিপক্ব’ বুলি অভিহিত কৰিছিল৷ আনকি মঙলদৈ লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি ড০ হাজৰিকাই পৰাজয়বৰণ কৰাৰ উপৰি দিল্লীৰ সাংসদ কঁপাই থকা অসমৰ একমাত্র সাংসদ হেম বৰুৱাক পৰাস্ত কৰাত মুখ্য ভূমিকা লৈছিল বুলি সমালোচিত হৈছিল৷
এনেধৰণৰ সমালোচনা আৰু প্রতি–সমালোচনাৰ বা–মাৰলিৰ মাজত আমি যিগৰাকী ভূপেন হাজৰিকাক বিচাৰি পাওঁ সেইগৰাকী প্রকৃত ভূপেন হাজৰিকা নহয় তেওঁৰ সোঁতৰ বিপৰীতে নগৈ সোঁতত উটি–ভাহি যোৱা ভূপেন হাজৰিকা৷ কিন্তু একেজন ভূপেন হাজৰিকাক আমি বিচাৰি পাঁও অনন্য ৰূপত, ১৯৯০ চনৰ আগৰ সংগ্রামী আৰু আপোচহীন ভূপেন হাজৰিকাক যিগৰাকী শিল্পীয়ে দ্ব্যর্থ ভাষাত ঘোষণা কৰিছিল–
‘ধর্ম ব্যৱসায়ীৰ ঠাই নাই তাত,
জাতিৰ অহংকাৰ লয় পাব তাত৷’

You might also like