নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাবাহিনীত ১৯১ পদ মুকলি

কেন্দ্রীয় চৰকাৰৰ অধীনত পৰিচালিত ভাৰতীয় সেনা বাহিনী(Indian Army)ত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন অবিবাহিত পুৰুষ–মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,SSC 58th Short Service Commission-(Tech)-Men, 29th Short Service Commission (Tech)-Women আৰুWidows of Defence Personnel for Tech & Non-Tech (Non-UPSC)ৰ অধীনত বিষয়াৰ ১৯১ পদ পূৰণ কৰা হ’ব৷

মুঠ খালী পদ ১৯১টাৰ ভিতৰতSSC Technical) শিতানত ১৭৫ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Civil/Building Construction Technology (41), Architecture (2), Mechanical (20), Electrical/Electrical & Electronics (14), Computer Science & Engineering/Computer Technology/M.Sc. Computer Science (32), Information Technology (9), Electronics & Telecommunication (5), Telecommunication (3), Electronics & Communication (8), Satellite Communication (2), Micro Electronics & Microwave (2), Aeronautical/Aerospace/Avionics (5), Remote Sensing (1), Electronics & Instrumentation/Instrumentation (4), Automobile Engineering (3), Production (1), Industrial/Manufacturing/Industrial Engineering & MGT (2), Ballistics (1), Bio Medical Engg. (1), Transportation Engineering (1), Textile (1), Food Tech (1), Agriculture (1), Metallurgical/Metallurgy & Explosive (1), Nuclear Technology (1), Opto Electronics (2), Fibre Optics (2), Workshop Technology (2), Laser Tech (2), Bio Tech (1), Rubber Technology (1), Chemical Engg. (1)৷ আনহাতে,SSCW (Tech) শিতানত ১৪ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– Civil/Building Construction Technology (3), Architecture (1), Mechanical (2), Electrical/Electrical & Electronics (1), Computer Science & Engineering/Computer Technology/M.Sc. Computer Science (4), Information Technology (2), Aeronautical/Aerospace/Avionics (1)৷Widows of Defence Personnel শিতানৰ দুটা পদ পূৰণ কৰা হ’ব৷ ইয়াৰে ১টা পদSSC (W) Tech বিভাগত আৰুSSC (W) (Non-Tech) (Non UPSC) বিভাগত ১টা পদ পূৰণ কৰা হ’ব৷SSC (Tech-Men) আৰুSSCW (Tech-Women) পদৰ প্রার্থীৰ ১ এপ্রিল, ২০২২লৈ বয়স ২০–২৭ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ২ এপ্রিল, ১৯৯৫ আৰু ১ এপ্রিল, ২০০২ৰ মাজত হোৱা হ’ব লাগিব৷ আনহাতে, Widows of Defence Personnel পদৰ প্রার্থীৰ বয়স ১ এপ্রিল, ২০২২লৈ সর্বোচ্চ ৩৫ বছৰ৷SSCW (Non-Tech) পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ আনহাতে,SSCW (Tech) পদৰ প্রার্থী বিই/বি–টেক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ প্রশিক্ষণৰ সময়ছোৱাত নিযুক্তিপ্রাপ্তই ১২,৯০৮ টকা লাভ কৰিব৷ প্রশিক্ষণ সমাপ্ত হোৱাৰ পিছত নিযুক্তিপ্রাপ্তইLieutenant, Captain, Major, Lt. Colonel, Colonel (TS), Colonel, Brigadier, Major General, Lt. General/ HAG Scale, Hag+Scale (Admissible to 1/3rd of total strength of Lt. Generals), VCOAS/army Cdr/Lt Gen (NFSG), COAS পদলৈ পদোন্নতি লাভ কৰিব৷ দৰমহাৰ নিৰিখ ক্রমে ৫৬,১০০–১,৭৭,৫০০ টকা, ৬১,৩০০–১,৯৩,৯০০ টকা, ৬৯,৪০০–২,০৭,২০০ টকা, ১,২১,২০০–২,১২,৪০০ টকা, ১,৩০,৬০০–২,১৫,৯০০ টকা, ১,৩৯,৬০০–২,১৭,৬০০ টকা, ১,৪৪,২০০–২,১৮,২০০ টকা, ১,৮২,২০০–২,২৪,১০০ টকা, ২,০৫,৪০০–২,২৪,৪০০ টকা, ২,২৫,০০০ টকা, ২,৫০,০০০ টকা৷ আগ্রহীসকলে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় সেনা বাহিনীৰ ৱেবছাইট https://joinindianarmy.nic.in/index.htm & www.joinindianarmy.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৭ অক্টোবৰ, ২০২১৷

You might also like