নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডক হোৱাইট ৱাশ্ব ভাৰতৰঃ ৰোহিতৰ অর্ধশতক

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ: আই চি চি টি–২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে সন্মুখীন হোৱা শোচনীয় পৰাজয়ৰ মধুৰ প্রতিশোধ ল’লে টীম ইণ্ডিয়াই৷ ঘৰৰ মাটিত খেলা টি–২০ শৃংখলাত ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতে নিউজিলেণ্ডক হোৱাইট ৱাশ্ব কৰিবলৈ সক্ষম হৈছে৷

কলকাতাৰ ইডেন গার্ডেনত দেওবাৰে অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টি–২০ত টীম ইণ্ডিয়াই ৭৩ ৰানত জয় সাব্যস্ত কৰি শৃংখলাটো ৩–০ৰ ব্যৱধানত হস্তগত কৰে৷ ১৮৫ ৰানৰ লক্ষ্যৰ পিছ লৈ নিউজিলেণ্ডে মাত্র ১১১ ৰানতে ইনিংছ সামৰে৷ আলহী দলটোৰ হৈ অ’পেনাৰ মার্টিন গুপ্ঢিলে ৩৬ বলত চাৰিটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰৰ সহায়ত ৫১ ৰানৰ অৰিহণা আগবঢ়ায়৷

ভাৰতৰ হৈ বাঁওহতীয়া স্পিনাৰ অক্ষৰ পেটেলে মাত্র ৯ ৰানৰ বিনিময়ত তিনিটা আৰু মিডিয়াম পেচাৰ হর্ষল পেটেলে ২৬ ৰানত দুটা উইকেট দখল কৰে৷ ইয়াৰ পূর্বে ভাৰতে অধিনায়ক ৰোহিত শর্মাৰ ৫৬, ঈশান কিশনৰ ২৯, শ্রেয়াছ আয়াৰৰ ২৫, ভেংকটেশ আয়াৰৰ ২০, দীপক চহৰৰ অপৰাজিত ২১ ৰানৰ সহায়ত নির্ধাৰিত ২০ অ’ভাৰত ৭ উইকেটৰ বিনিময়ত ১৮৪ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰায়৷ ৰোহিতে মাত্র ৩১টা বল খেলি ৫টা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰৰ সহায়ত ইনিংছটো সজায়৷ সূর্য কুমাৰ যাদৱ ০ আৰু ঋষভ পণ্ট ৪ ৰানত আউট হয়৷

You might also like