নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটিছ লাইব্রেৰীত নতুন অসমীয়া সাঁচিপতীয়া পুথি উদ্ধাৰ

ড০ ৰক্তিম ৰঞ্জন শইকীয়া

২০১২ চন মানৰ পৰাই ব্রিটিছ লাইব্রেৰীৰ পৰা প্রকাশ হোৱা তালিকাসমূহত অসম সম্পর্কীয় নথি–পত্র খুঁচৰি ফুৰাৰ এক অভ্যাস গঢ়ি উঠিছিল৷ এনেদৰে বিচাৰি ফুৰোঁতেই আমি আৱিষ্কাৰ কৰিছিলোঁ আজিৰ পৰা ২১০ বছৰ আগতেই ড০ ফ্রান্সিচ বুকানন হেমিল্টনে সংকলন কৰা দহ ভাষাৰ শব্দকোষখনো৷ ইতিমধ্যে এই আপুৰুগীয়া শব্দকোষখনে প্রকাশৰ মুখ দেখিলে৷ উল্লেখ্য যে ব্রিটিছসকলে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা সংগ্রহ কৰা নথি–পত্র আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ গুৰুত্বপূর্ণ নথিসমূহ ‘ইণ্ডিয়া অফিচ লাইব্রেৰী’ত সংৰক্ষণ কৰিছিল৷

উক্ত সংগ্রহটোত মুঠ ১,৭৫,০০০খন নথি আছিল আৰু পৰৱর্তীকালত ১৯৮৩ চনত এই সমুদায় নথি–পত্র ব্রিটিছ লাইব্রেৰীলৈ স্থানান্তৰ কৰা হৈছিল৷ এই বিপুল পৰিমাণৰ কাকত–পত্রৰ সম্পূর্ণ তালিকাকৰণ আৰু শ্রেণী ভুক্তিকৰণ ২০১১ চনলৈকে চলি আছিল৷ সূর্যকুমাৰ ভূঞাৰ পাছত ‘ইণ্ডয়া অফিচ লাইব্রেৰী’ৰ কাকত–পত্রসমূহত কোনেও গভীৰভাৱে খুচৰি নোচোৱা আৰু নথিসমূহৰ ২০১১ চনলৈকে তালিকাকৰণ চলি থকাৰ খবৰটোৱে আমাৰ মনত আশা দিলে যে সূর্যকুমাৰ ভূঞাৰ শেনচকুৰ পৰা সাৰি যোৱা দুই–এখন অসম সম্পর্কীয় নথি এতিয়াও থাকিব পাৰে৷

ইয়াৰ পাছত ব্রিটিছ লাইব্রেৰী কর্তৃপক্ষৰ লগত টেলিফোন আৰু চিঠিৰে আৰম্ভ কৰা হ’ল এক আমনিদায়ক দীঘলীয়া যোগাযোগ৷ অৱশেষত আমি ব্রিটিছ লাইব্রেৰীত নতুনকৈ তালিকাকৰণ হোৱা কিতাপৰ অসম্পূর্ণ তালিকা এখন ব্রিটিছ লাইবেৰীৰ পৰা পালোঁ৷ এই অসম্পূর্ণ তালিকাখন আছিল ৯৫১ পৃষ্ঠাৰ এখন বৃহৎ কিতাপ৷ ৯৫১ পৃষ্ঠাৰ তালিকা এখনৰ বেছিভাগেই আমাৰ বাবে কামত নহা নামৰ মাজত অসম সম্পর্কীয় নথি বিচাৰি ফুৰা কামটোৰ দৰে আমনিদায়ক কাম কমেই আছে৷ তথাপি কামটোত হাত দিয়া হ’ল৷ শত শত নাম খুঁচৰি ফুৰোঁতে আমি বিচাৰি পালোঁ তিনিখন সাঁচিপতীয়া পুথিৰ উল্লেখ৷

তাৰে ‘কবিতা’ নামে অভিহিত এখন পুথিৰ ৰচকৰ নাম আছিল শ্রীধৰ কন্দলি৷ শ্রীধৰ কন্দলি নামৰ কবিজনা আমি শ্রীমন্ত শংকৰদেৱৰ পাছৰ আৰু ‘কানখোৱা’ আৰু ‘ঘুনুচা কীর্তন’ নামৰ কাব্যখনিৰ ৰচক বুলি জানো৷ কিন্তু তেওঁ কিবা কবিতা ৰচনা কৰাৰ বিষয়ে অসমীয়া সাহিত্যৰ বুৰঞ্জী নিমাত আছিল৷ শ্রীধৰ কন্দলি নামৰ কবিজনাৰ এক নতুন সাহিত্য কৃতি উদ্ধাৰ হোৱাৰ আশাত আমি অতিশয় আনন্দিত হৈছিলোঁ৷ আমি তালিকাখনত নাম বিচাৰি পোৱা অন্য দুখন পুথিৰ এখনৰ ৰচক হিচাপে নাম আছিল ৰাম চক্রৱর্তী নামৰ কবিজনা আৰু অন্যখনৰ লেখকৰ নাম নাছিল৷

অসমীয়া সাহিত্যৰ কোনো বুৰঞ্জীত ৰাম চক্রৱর্তীৰো নাম আমি বিচাৰি নোপোৱাত আমি আটাইকেইখন পুথিৰ ফটো ক্রয় কৰিবলৈ সিদ্ধান্ত কৰিলোঁ৷ তাৰ পাছত আকৌ দীঘলীয়া চিঠি–পত্রৰ বিনিময়, টেলিফোন, অপেক্ষা এটা নতুন পর্ব৷ অৱশেষত বুজন পৰিমাণে ধনৰাশি পৰিশোধ কৰাৰ পাছত ২০১৪ চনৰ অক্টোবৰত এদিন আমাৰ হাতত তিনিওখন পুথিৰ ফটোগ্রাফ পৰিলহি৷ সমগ্র প্রক্রিয়াটোত ব্রিটিছ লাইব্রেৰীৰ এণ্ড্রু Andrew Gough) নামৰ বিষয়াজনৰ সহযোগিতা ৰাজহুৱাভাৱে স্বীকাৰ কৰিছোঁ৷

শ্রীধৰ কন্দলি নামৰ কবিজনাৰ পুথিখন ১৮৪২ চনতে টি হড T. Hodd) নামৰ ব্যক্তিজনে ব্রিটিছ লাইব্রেৰীৰ বাবে ক্রয় কৰিছিল বুলি বেটুপাতত উল্লেখ আছে৷ কিন্তু ক’ৰ পৰা আৰু কাৰ পৰা পুথিখন ক্রয় কৰা হৈছিল তাৰ কোনো উল্লেখ পোৱা নগ’ল৷ এই প্রথম পুথিখনতেই আমাৰ বাবে আশ্চর্যই বাট চাই আছিল৷ প্রথম পাততে কবিয়ে দুর্ল্লভ নাৰায়ণ ৰজাক নিজৰ পৃষ্ঠপোষক হিচাপে ঘোষণা কৰি আমাৰ বাবে সমস্যা এটাৰ সৃষ্টি কৰি পেলালে৷

দুর্ল্লভ নাৰায়ণৰ সময় অসম বুৰঞ্জীৰ এক বিতর্কিত অধ্যায় যদিও তেওঁৰ সময় ১৩–১৪ শতিকা বুলি গৰিষ্ঠসংখ্যকেই পতিয়ন গৈছে৷ গেইটে দুর্ল্লভ নাৰায়ণ ১৩ শতিকাৰ শেষ ভাগৰ ৰজা বুলি উল্লেখ কৰিছে History of Assam, page, 41)৷ কালিৰাম মেধিয়ে দুর্ল্লভ নাৰায়ণৰ সময় ১২৪৯ চন বুলি উল্লেখ কৰিছে (প্রহ্লাদ চৰিত্রৰ পাতনি, ১৯১৪ চন)৷ কনকলাল বৰুৱাৰ মতে দুল্লর্ভ নাৰায়ণৰ সময় ১৩৩০–১৩৫০ চন আৰু বাণীকান্ত কাকতিৰ মতে ১৩ শতিকাৰ শেষ ভাগ (অসমীয়া সাহিত্যত ৰূপৰেখা, পৃষ্ঠা ৬৩, মহেশ্বৰ নেওগ)৷ ‘কোচবিহারের ইতিহাস’ গ্রন্থখনৰ ৰচক খাঁ চৌধুৰী আমানতউল্লা আহমদৰ মতে দুর্ল্লভ নাৰায়ণে ত্রয়োদশ শতিকাৰ শেষভাগত কৰতোৱা আৰু বৰনদীৰ (কামৰূপৰ) মাজৰ ৰাজ্য খণ্ডত ৰাজত্ব কৰিছিল (কোচবিহাৰৰ ইতিহাস, পৃষ্ঠা–১২২)৷ ‘গুৰু চৰিত কথা’ৰ মতে দুর্ল্লভ নাৰায়ণ ৰজাই শ্রীমন্ত শংকৰদেৱৰ পূর্বপুৰুষ লণ্ডাদেৱ আৰু চণ্ডীবৰক গৌড়দেশৰ পৰা আনি হাজোৰ ওচৰৰ লেংগেমাগুৰিত পাতিছিলহি (গুৰু চৰিত কথা, পৃষ্ঠা–৬)৷

খ্রীষ্টীয় ১২ শতিকাত প্রাচীন কামৰূপৰ পাল ৰাজবংশৰ পতনৰ পাছত নতুনকৈ গঢ় লৈ উঠা কমতাপুৰৰ ৰজাসকলে অসমীয়া ভাষা–সাহিত্যৰ বিকাশৰ বাবে লোৱা বিশেষ ভূমিকাৰ কথা সকলোৰে জ্ঞাত৷ প্রাক্ শংকৰী যুগৰ যিসকল কবি–সাহিত্যিকে অসমীয়া সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢ়াই গৈছে, সেইসকলৰ কেইবাজনৰো মুখ্য পৃষ্ঠপোষক আছিল কমতাপুৰৰ ৰজা এই দুর্ল্লভ নাৰায়ণ৷ দুর্ল্লভ নাৰায়ণে পৃষ্ঠপোষকতা কৰা বিশিষ্ট অসমীয়া কবিসকল হৈছে হৰিবৰ বিপ্র (বব্রুবাহনৰ যুদ্ধ, লৱকুশৰ যুদ্ধ, তাম্রধ্বজৰ যুদ্ধ), হেম সৰস্বতী (প্রহ্লাদ চৰিত্র, হৰগৌৰী সংবাদ), কবিৰত্ন সৰস্বতী (জয়দ্রথ বধ) আদি৷

এতিয়া এইসমূহৰ লগত সংযোজন হ’ব শ্রীধৰ কন্দলি নামৰ কবিজনো৷ কিন্তু এইজনা শ্রীধৰ কন্দলি ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীর্তন’ পুথিৰ ৰচক শংকৰোত্তৰ যুগৰ শ্রীধৰ কন্দলি নহয়৷ এইজনা শংকৰদেৱৰ পূর্বপুৰুষ লণ্ডাদেৱ–চণ্ডীবৰৰ্ সমসাময়িক অন্য এজন শ্রীধৰ কন্দলি৷ বহুদিন অন্ধকাৰত থকাৰ পাছত সম্প্রতি লণ্ডনস্থিত ব্রিটিছ লাইব্রেৰীত সংস্কৃতিৱান কমতা ৰজা দুর্ল্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত শ্রীধৰ কন্দলি নামৰ অসমীয়া কবিজনাই ৰচনা কৰা কাব্যখনৰ আৱিষ্কাৰ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক নতুন সংযোজন৷

ব্রিটিছ লাইব্রেৰীৰ পৰা সংগ্রহ কৰা দ্বিতীয় গ্রন্থখনৰ ৰচক হ’ল ৰাম চক্রৱর্তী৷ ভনিতাত উল্লেখ থকা মতে ১৩৩৩ শকৰ (???) ভাদৰ ৭ দিন যাওঁতে পুথিখন লিখি সমাপ্ত কৰা হৈছিল আৰু ৰাম চক্রৱর্তীৰ পৃষ্ঠপোষক আছিল আহোম ৰজা প্রমত্ত সিংহ৷ তুংগখুংগীয়া ফৈদৰ ৰজাসকল শাক্ত আছিল আৰু স্বাভাৱিকতে এই গ্রন্থখন শাক্ত মতাৱলম্বী৷ আহোম যুগত জয়ধ্বজ সিংহ স্বর্গদেউৰ পৃষ্ঠপোষকতা লাভ কৰা ৰাম মিশ্র নামৰ এজন কবিৰ নাম পোৱা হয় যদিও এইজনা কবি আছিল বৈষৱ (অসমীয়া সাহিত্যত ৰূপৰেখা, পৃষ্ঠা ১৯৩)৷ তদুপৰি ৰাম মিশ্রৰ সময়ো বেলেগ৷

গতিকে ৰাম মিশ্র ৰাম চক্রৱর্তী হ’ব নোৱাৰে৷ সকলো দিশ চালি–জাৰি চাই ৰাম চক্রৱর্তী আৰু তেওঁৰ ৰচিত কাব্যখন অসমীয়া সাহিত্যৰ বুৰঞ্জীত নব্য সংযোজন বুলিবই লাগিব৷ তদুপৰি অসমীয়া সাহিত্যৰ পৃষ্ঠপোষক হিচাপে স্বর্গদেউ প্রমত্ত সিংহৰ নাম অসমীয়া সাহিত্যৰ বুৰঞ্জীত নতুনকৈ সংযোগ গ’ল৷ ইয়াৰ আগলৈকে স্বর্গদেউ প্রমত্ত সিংহই পৃষ্ঠপোষকতা কৰি কোনো গ্রন্থ প্রণয়ন কৰাৰ তথ্য আমাৰ চকুত পৰা নাই৷

লেখকৰ নাম নথকা তৃতীয় পুথিখন সৃষ্টিতত্ত্ব সম্পর্কীয়৷ এই তিনিখন পুথি প্রকাশ কৰিব পাৰিলে অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক নতুন অধ্যায়ৰ সংযোজন ঘটিব৷

তথ্যসূত্রঃ
১. নেওগ, ড০ মহেশ্বৰ (২০০৩) ঃ গুৰুচৰিত কথা, বিশ্ববিদ্যালয় প্রকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়৷ ২. নেওগ, ড০ মহেশ্বৰ (১৯৬২) ঃ অসমীয়া সাহিত্যৰ ৰূপৰেখা৷ ৩.Gait, Edward (1906) : A History of Assam, Thacker, Spink & Co.৪. আহমদ, খাঁ চৌধুৰী আমানত উল্লা (২০১৪), কোচবিহাৰৰ ইতিহাস (অনুবাদ ঃ অঞ্জন শর্মা), ভৱানী বুকছ, আনন্দৰাম বৰুৱা পথ, পাণবজাৰ, গুৱাহাটী–১৷
সহকাৰী অধ্যাপক, ভূ–তত্ত্ব বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়
ফোনঃ ৯৩৬৫২–৪৩৬৮১

You might also like