নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎসৱৰ দিন

সংকটৰ সময়৷ পৃথিৱীজুৰি কেৱল আতংক৷ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে ব্যথিত কৰি ৰাখিছে পৃথিৱীবাসীক৷ মহামাৰীৰ সময়ত নাই উৎসৱৰ আনন্দ৷ নাই উৎসৱক আদৰাৰ উল্লাস৷ তথাপি কেলেণ্ডাৰৰ পাত বাগৰি বাগৰি প্রকৃতিৰ নিয়ম মানি আহিছে শাৰদীয় দুর্গোৎসৱ৷ পদূলিমুখত দুর্গতিনাশিনী দুর্গাক বন্দনা কৰাৰ পূর্বৰ উদ্যম নাই অসমৰ গঞা ৰাইজৰ৷ কাইলৈ ষষ্ঠী৷ থাপনাত থাপিব দুর্গতিনাশিনী, মহিষমর্দিনী দুর্গা৷

উৎসৱ মানেই একাকিকত্বৰ অৱসান৷ উৎসৱ মানেই সামূহিক উদ্যাপন৷ গতিকে ক’ভিডকালৰ সংকটে শাৰদীয় দুর্গোৎসৱলৈ কঢ়িয়াই আনিছে হতাশা৷ সেইবাবেই এইবাৰ দুর্গোৎসৱত নাই পূর্বৰ উল্লাস৷ পূর্বৰ আনন্দ এই উৎসৱে দিব পৰা নাই গঞা ৰাইজক৷ তথাপি চিৰন্তন এক সত্য, এক কালপ্রৱাহ যুগ–যুগান্তৰ ধৰি চলি আহিছে৷ উৎসৱ আহিছে প্রকৃতিৰ নিয়ম মানি৷ উৎসৱ আহিছে ঋতু চক্রৰ কাল মানি৷ সময়প্রৱাহত আহি আহি শাৰদীয় দুর্গোৎসৱ আমাৰ পদূলিমুখত৷

কেনেদৰে আৱাহন জনোৱা হ’ব এই উৎসৱক উৎসৱক আদৰাৰ শকতি জানো আছে অসমৰ সমস্যাপীড়িত গঞা ৰাইজৰ যিমানেই বিপর্যয় আহি নপৰক কিয়, ঋতু ভেদে আহি থকা উৎসৱসমূহক আদৰিবলৈ গঞা প্রস্তুত৷ হয়তো পূর্বৰ উল্লাস, আনন্দ নাথাকিব পাৰে৷ কিন্তু গঞাৰ পদূলিত আহি পৰা উৎসৱক সেই মান্যতা দিবলৈ বাধ্য অসমীয়া সমাজ৷ শাৰদীয় দুর্গোৎসৱক সেই মান্যতা দিবলৈ সাজু হৈছে অসমৰ লাখ লাখ জনতা৷ উৎসৱবোৰ কৃষক জনতাৰ প্রাণ৷ সি দুর্গা পূজাই হওক বা দীপাৱলীয়েই হওক৷ উৎসৱৰ স্রষ্টা হৈছে খেতিপথাৰৰ খনিকৰ কৃষক গঞা৷ দেশৰ সকলো উৎসৱৰ স্রষ্টা হৈছে কৃষক সমাজ৷ সেইবাবে এই উৎসৱে কৃষক সমাজক আলোড়িত কৰে৷ এই উৎসৱ বুলি ক’লেই ৰোমাঞ্চিত হৈ পৰে গাঁৱৰ দীনহীন প্রজা৷

উৎসৱত ধর্মীয় প্রাসংগিকতা যিমান আছে, তাতকৈ সামাজিক বাধ্যবাধকতা বেছি৷ দুখীয়া গঞাৰ বাবে এই উৎসৱ হৈছে এক বাধ্যবাধকতাৰ দিন৷ গাঁৱৰ ক্ষুধাতুৰজনে নিজৰ সন্তানক বা পত্নীক নতুন পোছাক এটুকুৰা দিবলৈ সংকল্প গ্রহণ কৰে শাৰদীয় দুর্গোৎসৱত৷ শাৰদীয় এই দুর্গোৎসৱ নাহিলে হয়তো অসমৰ বহু দীনহীন প্রজাই নিজৰ সন্তানক হয়তো দিব নোৱাৰিব এটুকুৰা নতুন বস্ত্র৷ উৎসৱৰ দিনতেই দূৰ–দূৰণিত থকা কোনো দুখুনী মাতৃৰ একমাত্র সন্তানে ঘৰলৈ উভতি অহাৰ সংকল্প লয়৷ সীমান্তত সশস্ত্র বাহিনীৰ যুদ্ধৰত সৈনিক হিচাপে থকা কোনো পুত্রই পিতৃ–মাতৃৰ বাবে নিজৰ অতি মৰমৰ উপহাৰ লৈ উৎসৱৰ দিনতে ঘৰলৈ উভতি আহে৷

উৎসৱ নাহিলে এই কামবোৰ আধৰুৱা হৈ থাকিলহেঁতেন৷ উৎসৱ নাহিলে হয়তো পৰিয়ালৰ আত্মীয়–স্বজনৰ সৈতে মিলিত হোৱাৰ সুযোগ নাপালেহেঁতেন দূৰণিত থকা যুৱকজনে৷ এইখিনিতেই আছে উৎসৱৰ সামাজিক গুৰুত্ব৷ ক’ভিড কালৰ সংকটে সমগ্র বিশ্বক পংগুত্ব উপহাৰ দিলেও উৎসৱৰ দিনত এই প্রাসংগিকতাক মচি পেলাব পৰা নাই৷ উৎসৱৰ উল্লাস নাই যদিও শাৰদীয় দুর্গোৎসৱ বুলিয়েই উভতি আহিব বছৰ ধৰি প্রৱাসত থকা কোনো বৃদ্ধ পিতৃ–মাতৃৰ একমাত্র পুত্রজন৷ উৎসৱৰ দিনতেই দিনত এসাঁজ খাই মহানগৰত যন্ত্রৱৎ জীৱন কটোৱা শ্রমিকজনে নিজ পত্নী আৰু সন্তানৰ বাবে ক্রয় কৰিব নতুন পোছাক৷

উৎসৱৰ দিনতেই গাঁৱৰ পূজা মণ্ডপত বন্ধু–বান্ধৱ আৰু গঞাৰ সৈতে মিলিত হ’ব বাহিৰত থকা লোকজনে৷ উৎসৱৰ এই প্রাসংগিকতাক জানো কেতিয়াবা পৰিহাৰ কৰিব পৰা যায়৷ শাৰদীয় দুর্গোৎসৱ বুলিয়েই নহওক, সকলো উৎসৱতে এই ছবিখন জীৱন্ত হৈ পৰে৷ অৱশ্যে আজি উৎসৱ হৈ পৰিছে বণিয়াৰ বিপণীত বিক্রী হোৱা পণ্য৷ উৎসৱ কৃষক গঞাৰ প্রাণত সঞ্চাৰিত হোৱাৰ বহু পূর্বেই বিজ্ঞাপনত জকমকাই থাকে৷ বহুজাতিক কোম্পানীৰ অফাৰত বিক্রী হয় দুর্গা৷ উৎসৱৰ দিনতেই নিলাম চলে বিভিন্ন সন্মোহনী সামগ্রীৰ৷ মহানগৰত উৎসৱ বিক্রী হয় চুকে–কোণে৷

কিন্তু গাঁৱৰ পথাৰৰ উৎসৱৰ স্রষ্টাই আজিও শাৰদীয় দুর্গোৎসৱক পূর্বৰ দৰে আদৰি আহিছে৷ হয়তো উৎসৱৰ দিনত গঞাৰ গাঁঠিত ধন নাথাকিব পাৰে৷ কিন্তু মনটো উৎসৱমুখৰ কৰি ৰখাৰ ক্ষেত্রত তেওঁলোকে কোনোধৰণৰ কার্পণ্য নকৰে৷ ইয়াতেই নিহিত হৈ আছে শাৰদীয় দুর্গোৎসৱৰ মহত্ত্ব৷ সেইবাবেই শাৰদীয় দুর্গোৎসৱক বণিয়াৰ জকমকীয়া বিজ্ঞাপনত নিলাম কৰিব পৰা নাযায়৷

You might also like