নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংখ্যালঘুৰ সমর্থন লাভৰ বাবে হেতা–ওপৰা

-বৈকুণ্ঠনাথ গোস্বামী

অসমত ক’ৰোনাৰ প্রকোপ হ্রাস পালেও ৰাজ্যখন সম্পূর্ণৰূপে মহামাৰীমুক্ত হোৱা নাই৷ সেইবাবে ক’ভিড–১৯ ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ বলৱৎ কৰা কেতবোৰ বাধা–নিষেধ এতিয়াও অব্যাহত আছে৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখা অদ্যাপি প্রতিগৰাকী নাগৰিকৰ অৱশ্যে পালনীয় কর্তব্য৷ নিজৰ আৰু পৰিয়ালৰ নিৰাপত্তাৰ স্বার্থত সামাজিক দায়িত্ববোধ থকা প্রতিগৰাকী নাগৰিকে বিনাদ্বিধাই এই ব্যৱস্থা মানি লৈছিল৷ তাৰ ফলত কেইসপ্তাহমানৰ ভিতৰতে আমাৰ ৰাজ্যখনত ক’ভিডৰ সংক্রমণ ৰোধ কৰাটো সম্ভৱ হৈছিল৷ চৰকাৰী প্রচেষ্টাৰ লগতে জনসাধাৰণে আগবঢ়োৱা সক্রিয় সহযোগিতা এইক্ষেত্রত উল্লেখযোগ্য৷ চৰকাৰ আৰু জনসাধাৰণৰ যুটীয়া প্রচেষ্টাৰ দ্বাৰা যে কঠিন পৰিস্থিতিৰো মোকাবিলা কৰা সম্ভৱ– অসমত ক’ৰোনাবিৰোধী যুঁজখন তাৰ জ্বলন্ত উদাহৰণ৷
ক’ৰোনাবিৰোধী যুঁজখন চলি থকাৰ মাজতে আহিল বিটিচি নির্বাচন৷ অসমৰ শাসকীয় দল বিজেপিৰ বাবে এই নির্বাচন আছিল গুৰুত্বপূর্ণ৷ বিটিচি গঠনৰ পৰাই শাসনত থকা বিপিএফৰ হাতৰ পৰা ক্ষমতা আঁজুৰি অনাটো সহজ কাম নাছিল৷ ৰাজ্যিক পর্যায়ত মিত্রদল বিজেপি আৰু বিপিএফ বিটিচি নির্বাচনত মুখামুখি প্রতিদ্বন্দ্বিতাত নামিল৷ বিজেপিয়ে এই নির্বাচনত সর্বশক্তি প্রয়োগ কৰিলে৷ নির্বাচনী অভিযানত বৃহৎ বৃহৎ জনসমাৱেশ অনুষ্ঠিত কৰি নিজৰ শক্তি প্রদর্শন কৰাত আগভাগ ল’লে বিজেপিয়ে৷ প্রতিদ্বন্দ্বী দলবোৰেও নিজৰ শক্তি অনুযায়ী সভা, সমাৱেশ, সমদল আদি অনুষ্ঠিত কৰিলে৷ ‘ক’ভিড প্রট’কল’ ধোঁৱাচাঙত উঠিল৷ মন্ত্রীসকলে যেতিয়া নিজেই আইন ভংগ কৰে, প্রশাসনে নীৰৱ দর্শকৰ ভূমিকা লোৱাত বাহিৰে কি কৰিব পাৰে? বিটিচি নির্বাচনৰ পিছতে বিধানসভা নির্বাচনৰ ৰণদুন্দুভি বাজিল৷ এইবাৰো বিজেপি আন দলবোৰতকৈ আগত৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দৰে দিগ্গজ নেতাই বিজেপিৰ নির্বাচনী প্রচাৰ অভিযানৰ নেতৃত্ব দিছে৷ অসম দখলত ৰখাটো গেৰুৱা দলটোৰ বাবে কিমান গুৰুত্বপূর্ণ, বিজেপিৰ শীর্ষ নেতাসকলৰ সঘন অসম ভ্রমণে সেই কথাকে প্রতীয়মান কৰিছে৷ লক্ষণীয় বিষয় এই যে যিবোৰ অঞ্চলত বিজেপি প্রার্থীসকল সবল প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা আছে, তেনে অঞ্চলৰ পৰাই কেন্দ্রীয় নেতাসকলে নির্বাচনী অভিযান আৰম্ভ কৰিছে৷
কংগ্রেছ আৰু এআইইউডিএফ দলৰ মাজত মিত্রতা বা আসন বুজাবুজি হ’লে বৰাক উপত্যকাত বিজেপি প্রার্থীসকলৰ জয়লাভৰ সম্ভাৱনা হ্রাস পাব৷ সেইবাবে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই প্রথমখন নির্বাচনী সভা সম্বোধন কৰিলে শিলচৰত৷ উজনি অসমত নৱগঠিত আঞ্চলিক দলৰ উত্থান দেখি শংকিত বিজেপিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সম্বোধন কৰিবলগীয়া সভাৰ স্থান নির্ধাৰণ কৰা হৈছে শিৱসাগৰত৷ বিজেপি নেতৃত্বই সঠিকভাৱেই অনুধাৱন কৰিছে যে অকলে যুঁজ দি চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় ৬৪খন আসন দখল কৰাটো সম্ভৱ নহ’ব পাৰে৷ সেয়ে বিভিন্ন জনগোষ্ঠীৰ সৈতে প্রথমে মিত্রতা আৰু পাছলৈ গ্রাস কৰাৰ পথ গ্রহণ কৰিছে গেৰুৱা দলটোৱে৷ বিটিচি এলেকাত বিপিএফপ্রধান হাগ্রামা মহিলাৰীৰ ক্ষেত্রত সেই কৌশলে কাম নকৰাত দলটোৰ সৈতে মিত্রতা ভংগ কৰিবলৈ ওলাইছে বিজেপিয়ে৷ বিপিএফ দলক ইতিমধ্যে বিটিচিত শাসনৰ পৰা ওফৰাইছে৷ নতুন বিটিচিপ্রধান প্রমোদ বড়ো ক্ষমতাত টিকি থকাৰ বাবে বিজেপিৰ সমর্থনৰ ওপৰত নির্ভৰশীল৷ সেয়ে বিটিচিত এতিয়া পৰোক্ষভাৱে বিজেপিৰ শাসন চলিছে৷ বিটিএডি এলেকাৰ ১২টা সমষ্টিৰ আটাইকেইটাতে বিগত বিধানসভা বিপিএফৰ প্রার্থীয়ে জয়লাভ কৰিছিল৷ ২০১৬ চনত বিটিচিত বিপিএফৰ শাসন চলি আছিল৷ বর্তমান বিটিচিত বিপিএফবিৰোধী দল৷ পৰিৱর্তিত পৰিস্থিতিত বিপিএফ দলে আটাইকেইখন বিধানসভা আসন ৰক্ষা কৰাটো সম্ভৱ নহ’বও পাৰে৷ তথাপি বিটিচিৰ ভিতৰত আৰু বাহিৰত বড়োসকলৰ মাজত বিপিএফৰ শক্তিশালী গণভিত্তি আছে, যাৰ বাবে মিত্রজোঁটৰ পৰা দলটোক পোনছাটেই বাহিৰ কৰি দিব পৰা নাই৷ বিজেপিৰ নতুন মিত্র প্রমোদ বড়ো হাগ্রামা মহিলাৰীৰ বিকল্প হ’ব নোৱাৰে৷
অসমৰ অন্যান্য জনগোষ্ঠীসকলৰ নেতাসকলক ছলে–বলে–কৌশলে হাত কৰাৰ পিছত এইবাৰ সংখ্যালঘু মুছলমানসকলৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে৷ এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হ’ব পাৰে বুলি ভয় আৰু আৱেগৰ সঞ্চাৰ কৰি সংখ্যাগুৰু হিন্দুসকলক বিজেপিৰ পতাকাৰ তলত সমৱেত কৰাৰ প্রচেষ্টা নহয়৷ এফালেদি মুছলমান–ভীতিৰ সৃষ্টি কৰি হিন্দুসকলৰ সমর্থন লাভ কৰা আৰু আনফালেদি নিৰাপত্তা তথা বিকাশৰ প্রতিশ্রুতি দি অন্ততঃ কিছুসংখ্যক সংখ্যালঘু ৰাজনৈতিক উচ্চাকাংক্ষা থকা লোকক আকর্ষিত কৰা– এই দুমুখীয়া কৌশল বিজেপিয়ে অনুসৰণ কৰিছে৷ ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্রীয় কাঠামোত এখন ৰাজ্যত এগৰাকী মুছলমান মুখ্যমন্ত্রী হ’লেই যে সেই ৰাজ্যখন মুছলমান ৰাজ্যত পৰিণত নহয়৷ মহাৰাষ্ট্রত এ আৰ আণ্টুলে, বিহাৰত আব্দুল গফুৰ মুখ্যমন্ত্রী আছিল৷ দুয়োখন ৰাজ্যই হিন্দুপ্রধান আৰু মুছলমান মুখ্যমন্ত্রী হোৱা বাবে ৰাজ্যখনৰ জনগাঁথনি বা প্রশাসনৰ পদ্ধতিৰ কোনো পৰিৱর্তন হোৱা নাছিল৷ অৱশ্যে এক বিশেষ পৰিস্থিতিত কিছুদিনৰ বাবে অসমৰ মুখ্যমন্ত্রীৰ গাদী দখল কৰা আনোৱাৰ টাইমূৰৰ চমু শাসনকাল সুখকৰ নাছিল৷ তথাপি কোনো বিশেষ সম্প্রদায়ৰ লোকক মুখ্যমন্ত্রীৰ পদ লাভ কৰাত বাধা দিবৰ বাবে প্রতিদ্বন্দ্বী দলে নির্বাচনী যুঁজত অৱতীর্ণ হ’লে শেষোক্ত দলক ‘সাম্প্রদায়িক’ আখ্যা দিলে আপত্তি কৰিব লগা নাই৷ আনহাতে মুছলমানসকল কংগ্রেছৰ ভোটবেংক বুলি এটা অপযশ আছে৷ তথ্যৰ ভিত্তিত এই ধাৰণাৰ বিশ্লেষণ কৰি চালে দেখা যায়, এয়া সত্যৰ অপলাপহে৷
স্বৰাজোত্তৰ কালত অনুষ্ঠিত প্রথমটো বিধানসভাৰ সাধাৰণ নির্বাচনত (১৯৫২) ১০৮খন আসনৰ ১৫খন মুছলমান বিধায়কে লাভ কৰিছিল৷ তাৰে ৮গৰাকী আছিল কংগ্রেছ দলৰ আৰু ৭গৰাকী কংগ্রেছবিৰোধী দলৰ৷ ১৯৬৭ চনত আসনৰ সংখ্যা ১২৬খনলৈ বৃদ্ধি হোৱাত মুঠ মুছলমান জনপ্রতিনিধিৰ সংখ্যা ২০গৰাকী হ’ল৷ কংগ্রেছী আৰু অকংগ্রেছী মুছলমান জনপ্রতিনিধিৰ সংখ্যা সমান সমান হ’লগৈ৷ বাংলাদেশ যুদ্ধৰ ঠিক পিছতে ১৯৭২ চনৰ বিধানসভা নির্বাচনত কংগ্রেছৰ ২০গৰাকী মুছলমান বিধায়কৰ বিপৰীতে অকংগ্রেছী বিধায়কৰ সংখ্যা আছিল মাত্র এজন৷ তাৰ পাছৰ নির্বাচনত (১৯৭৮) কংগ্রেছী মুছলমান বিধায়কৰ সংখ্যা ৯জনলৈ হ্রাস পালে আৰু অকংগ্রেছী বিধায়ক হ’লগৈ ১৯জন৷ ১৯৮৫–৯০ কালছোৱাত কংগ্রেছী আৰু অকংগ্রেছী মুছলমান বিধায়কৰ সংখ্যা আছিল যথাক্রমে ৫ আৰু ২০গৰাকী৷ ১৯৯৬ চনৰ পৰা বর্তমানলৈকে কোনো এটা নির্বাচনতে অকংগ্রেছী মুছলমান বিধায়কৰ সংখ্যা ১৩গৰাকীৰ তললৈ যোৱা নাই৷ চলিত সদনতো অকংগ্রেছী মুছলমান বিধায়কৰ সংখ্যা ১৪গৰাকী৷ এইবোৰ তথ্যই স্পষ্টভাৱে প্রমাণ কৰিছে যে মুছলমানসকলৰ এক বৃহৎসংখ্যক লোকে ১৯৫২ চনৰ পৰাই কংগ্রেছৰ বিৰুদ্ধাচাৰণ কৰি আহিছে৷ উপৰিউক্ত পৰিসংখ্যাৰ পৰা এটা কথা স্পষ্ট যে মুছলমানসকলে কোনো এটা নির্বাচনতে নির্দিষ্ট এটা দলৰ সপক্ষে মতদান কৰা নাছিল৷ অসম আন্দোলনৰ পৰিপ্রেক্ষিতত জন্মলাভ কৰা ভাষিক আৰু ধর্মীয় সংখ্যালঘুসকলৰ দল ইউএমএফৰ পৰা মৌলবী বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এআইইউডিএফলৈকে সংখ্যালঘুক প্রতিনিধিত্ব কৰা সকলোবোৰ দলেই কংগ্রেছবিৰোধী ভূমিকা এটা পালন কৰি আহিছিল৷ ফলত অসমৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ মুছলমান হোৱা সত্ত্বেও একমাত্র ১৯৮৩ চনৰ ৰক্তাক্ত নির্বাচনৰ বাহিৰে আন কোনো নির্বাচনতে মুছলমান বিধায়কৰ সংখ্যাই ৩০ৰ ঘৰ স্পর্শ কৰিব পৰা নাই৷ পৰিৱর্তিত পৰিস্থিতিত কংগ্রেছ–এআইইউডিএফৰ্ মাজত আসন বুজাবুজি হ’লে হয়তো মুঠ মুছলমান বিধায়কৰ সংখ্যাই ৩০ৰ ডেওনা পাৰ হ’ব পাৰে৷
সেয়ে সংখ্যালঘু মুছলমানৰ মাজত সোমাবলৈ প্রতিটো ক্ষমতাপ্রত্যাশী দল কঁকালত টঙালি বান্ধি আগবাঢ়িছে৷ কিন্তু প্রতিটো দলৰে সীমাবদ্ধতা আছে৷ বিজেপিৰ গাত আছে হিন্দু সাম্প্রদায়িকতাৰ মোহৰ৷ অসম জাতীয় পৰিষদৰ ৰাষ্ট্রীয় দলৰ প্রতি দৃষ্টিভংগীত উগ্র জাতীয়তাবাদৰ গোন্ধ পাইছে সংখ্যালঘুসকলে৷ কিন্তু অসমৰ নির্বাচনী ৰাজনীতিত মুছলমান ভোটাৰৰ গুৰুত্ব হ্রাসতো পোৱাই নাই, বৃদ্ধিহে হৈছে৷

You might also like