প্ৰাণৰ শিল্পীলৈ শ্রদ্ধার্ঘ্য : জুবিন গার্গৰ ৩২টা স্ব–ৰচিত কবিতা
প্ৰাণৰ শিল্পীলৈ শ্রদ্ধার্ঘ্য
জুবিন গার্গৰ
৩২টা স্ব–ৰচিত কবিতা
কৃতজ্ঞতাঃ ৰূপক শর্মা, বিধায়ক, নগাঁও
অনুভৱ
মোৰ,
মোৰ নিজৰ
মোৰ মাজৰ
নিথৰ
এক অৱশেষ
তুমি…
মোৰ অশ্লীল
ৰাতিবোৰে
নির্লজ্জ দিনবোৰে
বাগৰ সলায়
কাণ পাতি শুনে
তোমাৰ
পদধ্বনি৷৷
শব্দ–অনুভূতি
অশ্রু এক সাঁথৰ
অন্তহীন বুৰঞ্জী
কথাৰ আকৰ
হাঁহিত উশাহ প্রাণৰ
প্রাপ্তিৰ আদিম অমল পোহৰ৷৷
নৈশবিলাপ
তিৰ্বিৰাই জ্বলে মোৰ অশ্রুবোৰ
ৰাতি সিহঁত ৰঙা হৈ পৰে
মই তাত মদিৰা ঢ়ালি দিওঁ৷
তিৰ্বিৰাই জ্বলে মোৰ চকুযুৰি
ৰাতি সিহঁত ঘোলা হৈ পৰে
মই তাত দুখ সানি দিওঁ৷৷
স্বাভিমান
জানা, নাজানা তোমাৰ কথা
বুজা, নুবুজা তোমাৰ কথা
অসাধাৰণ মই
মোৰ স্বাধীনতা
মোৰ কথা, গান, কবিতা
মাজে মাজে মোৰ নীৰৱতা
শেষ হ’ল আজিৰ কবিতা৷৷
ৰোমন্থন
এঠাইত হ’লেও আমি
স্থবিৰ,
খন্তেক সময়ৰ বাবে
ঘূৰি চাব লাগিব এৰি অহা পথ
মানুহ, সময় আৰু সকলো
ঘোৰ নিদ্রাৰ মাজতো কেতিয়াবা উচাপ খাই
উঠিব লাগিব
কিবা যেন ক’ৰবাত থাকি গ’ল
কৰা নহ’ল, কোৱা নহ’ল
শুনা নহ’ল, দিয়া নহ’ল, লোৱা নহ’ল৷
জীৱন আৰু মৃত্যু, দুয়োটাৰেPhiloshophy
বেলেগ…
জীয়াই থকা মানুহেও
মৃত্যু বিচাৰে…
মৰণমুখী মানুহেও
জীয়াই থাকিবলৈ বিচাৰে…
বিচৰাৰ সীমা নাই৷
দেশ, আদর্শ, কর্ম, পথ আজি
একconfusion মাত্র…
আমি পথিক, এক অদৃষ্ট মায়াৰ ভাৰ
কান্ধত বান্ধি লৈ…
পোৱা–নোপোৱা, দেখা–নেদেখা
বিশ্বাস–বিশ্বাসৰ
মুকুতামালাৰে গুণ্ঠিত
আমাৰ অস্তিত্বৰ মণিহাৰ
মস্তিষ্কত সপোনৰ অভিসাৰ
জীৱনৰ নির্মম অবাধ অত্যাচাৰ
আচলতে গোটেই জীৱনটো এক
নিষ্ঠুৰ নষ্টালজিয়া…
কেতিয়াবা জীৱিত, কেতিয়াবা বিচলিত
কেতিয়াবা মৃত…
জীৱন এক অবৈধ অশৰীৰী প্রেম…৷৷
সুখানুভৱ
অধৰ নিথৰ পৰশ জঠৰ
দুচকু পাথৰ
এয়াই চাগে’ তুমি…
মই সুখী৷৷
উত্তৰ নাই
যন্ত্রণাৰ কোনো ভাষা নাই
নাই কোনো ব্যাকৰণ৷
অস্তিত্বৰ অবাধ ব্যাপ্তিৰ
সিঁচৰিত এটা শব্দ– যন্ত্রণা
কালপুৰুষৰ নীলাভ ছবি
খোদিত কৰি নিজ নিজ কপালত
আমি সদায় এক দুর্লভ মানৱ৷
সিৰাই সিৰাই বগায়
শিপায় যন্ত্রণা,
দিয়ে অনুভৱ বুকুৱে বুকুৱে৷
অনুভূতি গছৰ পাতত, ডালত
আৰু আমাৰ অন্তহীন মনত৷৷
দেৱালী
অন্তৰীক্ষৰ ৰাতি…
এজোলোকা তেজ
এটা বাটি
সীমাহীন আক্ষেপ
সীমাহীন ভ্রূকুটি
সমুখত দুচকু তোমাৰ
হূদয় মোৰ
এসাগৰ মমবাতি৷৷
প্রতিটো প্রহৰ
প্রতিটো প্রহৰ প্রতিটো সময়
প্রতিটো পলে চিঞৰে আজি
প্রতিটো দুখৰ প্রতিটো সুখৰ
প্রতিটো ক্ষোভৰ মূল্য সুঁৱৰি
প্রতিটো প্রভাত প্রতিটো আঘাত
প্রতিটো বুকু ভেদি যায় আজি
প্রতিটো মনৰ প্রতিটো কোণৰ
প্রতিটো ভয়ৰ ছবি জিলিকি
প্রতিটো চকুৰ প্রতিটো লোতক
প্রতিটো দিনৰ ইতিহাস আজি
প্রতিটো ফাগুন প্রতিটো ব’হাগ
প্রতিটো আশাৰ সমাধি আজি৷৷
প্রতিটো তেজৰ প্রতিটো টোপাল
প্রতিটো যুগৰ অৱশেষ আজি
প্রতিটো প্রাণৰ প্রতিটো খবৰ
প্রতিটো ঘৃণাৰ সীমাহীন ছবি
প্রতিটো খোজত প্রতিটো দিনৰ
প্রতিটো ৰাতিৰ ভাগৰ বিয়পি
প্রতিটো মনৰ প্রতিটো কোঠাত
প্রতিটো প্রেমৰ সেমেকা চাকি
প্রতিটো ভাঙোন প্রতিটো কান্দোন
প্রতিটো দিশক আজি যায় জোকাৰি৷৷
শুনিবলৈ সকলো
অস্ফুট শব্দ, উশাহ–নিশাহ
হুমুনিয়াহ, হতাশা আৰু সময়ৰ
পদধ্বনি…
দিলোঁহেঁতেন এটা সুন্দৰ নিপোটল নাক
যাৰ কাম কেৱল উশাহ লোৱাই নহয়,
যি শুঙিব পাৰে সকলো দুর্গন্ধ
মানুহৰ গাৰ, মনৰ, দেশৰ
পৰিৱেশৰ…
দিলোঁহেঁতেন এখন মুখ আৰু এটা
ডিঙি, যাৰ শব্দই
নমাব পাৰে ব্রহ্ম, ভেদিব পাৰে
সকলো মিথ্যা আৰু অমানৱীয়তা,
দিলোঁহেঁতেন এযোৰ বাহু
এহেজাৰ ভীমৰ শকতিৰে ভৰপূৰ
যি আঁজুৰিব পাৰে সকলো ভুল,
সকলো দুষৃকতি৷
দিলোঁহেঁতেন এখনি বুকু, আকাশৰ দৰে উদাৰ
সাগৰৰ দৰে বিশাল, য’ত নাথাকে
কপটতা, যিখন বুকুত
আশ্রয় পাব হেজাৰ মানুহৰ
দুখ, সুখ আৰু সপোনে৷
দিলোঁহেঁতেন এটা পেট, যি কেৱল
খাবলৈ নিশিকি এৰিবলৈও শিকিব
আনৰ বাবে৷
দিলোঁহেঁতেন এটা যৌনাংগ য’ত
কিলবিলাই ফুৰিব সহস্র বুদ্ধৰ
বীর্য৷
দিলোঁহেঁতেন দুখন ভৰি দৌৰিবলৈ,
ভৱিষ্যতৰ বাবে, সুন্দৰ বসন্তলৈ
যাৰ স’তে ধাৱমান হ’ব
অলেখ অযুত সপোন, উদিত সূর্যৰ
ৰঙীন আভাৰ স’তে বিলীন হ’বলৈ৷
কিন্তু মই ঈশ্বৰ হ’ব নোৱাৰোঁ,
মোৰ সময় নাই, মই সীমাবদ্ধ
নিজৰ মাজত, জীৱনৰ দীনতাৰ মাজত
মোক বেয়া নাপাবা৷
বান্দৰ হোৱাৰ পথত আমি
(বেলতলা কাণ্ডৰ স্মৃতিত)
আজি দেখিলোঁ প্রকৃতিৰ নতুন ৰূপ
দেখিলোঁ মানুহৰ নগ্ন স্বৰূপ
বিচাৰি পালোঁ নিজৰ মাজত
আত্মাৰ অশৰীৰী খোজ৷
মানুহে মানুহক জন্ম দিয়ে
মানুহে মানুহক নাশে চিৰকাল
ই অৱধাৰিত, কিন্তু মনৰ পৰা মনলৈ
প্রাণৰ পৰা প্রাণলৈ
মগজুৰ পৰা মগজুলৈ
মাজত এডাল সূতা আছে
যিয়ে বান্ধি ৰাখে পৃথিৱীৰ ভৱিষ্যৎ
সূতাডাল চুব পাৰিলে
আমি ভগৱান, চুব নোৱাৰিলে চয়তান
হয়তো আকৌ বান্দৰ হোৱাৰ পথত আমি…৷৷
কবি
কবি মই চিৰন্তন
অবাক অৱধাৰিত গুঞ্জন
অন্তহীন স্ফুৰণ,
অস্থিৰ, উন্মাদ
পাৰ কৰি চেতন, অৱচেতন…
Eucalyptus গছৰ দৰে
ওখ হ’ব খোজোঁ মই
চিৰদিন চিৰন্তন
আকাশ চুব খোজোঁ
কিন্তু কিছুমান ভয়ানক শব্দই
মোৰ অস্তিত্বক বিলীন কৰি
মোক শেষ কৰি
জন্ম দিব খোজে কিছুমানক
যাৰ কোনো জন্ম লোৱাৰ অধিকাৰ নাই৷
তথাপি যুঁজাৰু মই জন্মগত
আমৰণ মোৰ সংকল্প৷
অস্তিত্ব অপৰাজিত৷
যদিও পৃথিৱী নিঃশব্দ
মই মুক্ত সশব্দ৷৷
শৰৎ তোমাৰ বাবে
শৰৎ মোৰ অনিদ্রা
কেতিয়াবা জড়তা
কেতিয়াবা নিঃস্বতা
কিন্তু তাৰ মাজতো
যেতিয়া শৰৎ আহে
মই কথা কওঁ…
গান গাওঁ, কবিতা হওঁ…
কেৱল তোমাৰ দুচকুৰ বাবে…৷৷
শীত
শীত হেনো দুখৰ ঋতু৷
কোনে কয়
বিশ্বাস নকৰোঁ মই
বিশ্বাস কৰিম
যদিহে ই মোক কন্দুৱাই যায়
বুকুৱেদি সৰকি যোৱা
নিবিড় দুখ নিচুকাই…৷৷
শৰৎ তোমাৰ বাবে
শৰৎ মোৰ অনিদ্রা
কেতিয়াবা জড়তা
কেতিয়াবা নিঃস্বতা
কিন্তু তাৰ মাজতো
যেতিয়া শৰৎ আহে
মই কথা কওঁ…
গান গাওঁ, কবিতা হওঁ…
কেৱল তোমাৰ দুচকুৰ বাবে…৷৷
হুংকাৰ
(গুৱাহাটীৰ নৃশংস বোমা বিস্ফোৰণক সুঁৱৰি)
মোৰ ৰক্ত, মোৰ বীজ, মোৰ দেহ
নহয় কোনো প্রতাৰণা
ই মোৰ বিপ্লৱ, মোৰ সাধনা
তই মোক যিমানে নাশিবি
মই তোক সিমানে বধিম
তই মোক যিমানে হানিবি
মই তোক সিমানে হানিম
সঁচা মন, সঁচা জ্ঞান, সঁচা জীৱন
তোৰ মাজত নাই…
আজি ঘণ্টাৰ পাছত ঘণ্টা
একেই স্তব্ধতা….
পাৰ যদি প্রেম কৰ
জাগৰিত কৰ হূদয়ক
মুখৰিত কৰ আকাশ–বতাহ
সুন্দৰৰ জয়গানেৰে…
আৰু যদি নোৱাৰ
তেন্তে তই নপুংসক…
শব্দ
মা…
এইটোৱেই আৰম্ভণি
প্রথম আমি শিকিছিলোঁ
বুজি পাইছিলোঁ নিজক
নিজৰ অস্তিত্বক
ই প্রথম শব্দ৷
কথা ক’লোঁ
শৈশৱ শিকিলোঁ
দেখিলোঁ জানিলোঁ
আমি শব্দৰ আশ্রিত
আমি শব্দেৰে পৰিচালিত
শব্দতে সমাহিত
হঠাৎ শব্দ ভুল হয়
তেতিয়া আমি কি কওঁ
নিজেই নাজানো
কিমান কওঁ
কিমান ৰাখিব পাৰোঁ
আমি নির্লজ্জ৷
শব্দ যদি প্রেৰণা হয়
শব্দ যদি শকতি হয়
শব্দ আজি কিয় শংকিত
শব্দ যদি ব্রহ্মবৃক্ষ
শব্দ যদি চিৰশুদ্ধ
শব্দ আজি কিয় অশুদ্ধ
শব্দ আজি বাক্ৰুদ্ধ
শব্দ আজি কাৰাৰুদ্ধ
শব্দ আজি নিজেই নিজত আবদ্ধ৷
শব্দ মানে আজি যুদ্ধ
শব্দই আজি নানে কোনো আদর্শ
শব্দ আহে যাতনা হৈ
শব্দ লৈ মৰণৰ নৈ
শব্দ আজি মৃত অপশিল্প
শব্দ এটি ঘিণ লগা শব্দ
শব্দ জন্তু হৈ লিপ্ত
শব্দ মোৰ সৃষ্টিৰ বিলুপ্তিত মুগ্ধ
বিপ্লৱ
আজি অভিশাপ
এই অস্থিৰতা, এই নীৰৱতা
কাক কওঁ কাক বুজাওঁ
এই অদ্ভুত মস্তিষ্কৰ আর্তনাদ
হুমুনিয়া, অভিশাপ, অন্তহীন নৃশংসতা
তুমি নহয় ভগৱান
তুমি নহয় জীৱন
মাথোঁ মাৰণ উচ্চাৰণ
এবাৰ হ’লেও ভাবি চোৱা
তোমাৰ বিপ্লৱৰ মাদকতাত
শত শত প্রেতাত্মাৰ অভিশাপ বিৰাজমান…
দেৱী
এতিয়া জুই জ্বলে
গছে–পাতে
মানুহৰ হিয়াই হিয়াই
উন্মুক্ত চকুবোৰত
কিহবাৰ প্রতীক্ষা
বতাহত কাতৰ গুঞ্জন
অগ্ণি–ধোঁৱা–পানীৰ মাজেদি
দেৱীৰ অবাধ চলাচল
বুকুৱে বুকুৱে
আকৌ ভক্তিৰ আশাৰ ধল৷৷
তুমি
(কবি হীৰুদালৈ)
তুমি শাশ্বত
তুমি ভাস্বত
পৃথিৱীৰ য’ত শেষ
তাতেই তোমাৰ আৰম্ভণি৷৷
স্বপ্ন–মিছিল
এবাৰ মূৰ তুলি চোৱা
মোৰ প্রস্ফুটিত
নিদাগ বসন্ত থমকি ৰ’ব৷
এবাৰ কথা কোৱা
মোৰ ৰোমাঞ্চিত শৰীৰৰ
কোঁহে কোঁহে বৈ যাব
স্বপ্ণ–মিছিল,
এবাৰ চুই দিয়া
মোৰ শব্দহীন জীৱনত
নামিব
কবিতাৰ কলকলনি
বন্য ল’ৰালি
সৰা শেৱালি দেখিলেই মোৰ মনত পৰে
সেই চোতালখনলৈ
আৰু সেই পদূলিটোলৈ
য’ত এতিয়াও উশাহ লওঁ মই
প্রতিডাল দূৱৰিত মোৰ বন্য ল’ৰালি
প্রতিজোপা গছত বিলীন হোৱা
মোৰ অম্লান চেতনা…
প্রতিটো শিলত খোদিত হোৱা
মোৰ অস্থিৰ বেদনা…
সেউজ পথাৰ, বাউলি বা, সমাহিত সোণালী ধৰিত্রী
মুখৰিত আকাশ, এজাক বগলীৰ জিলমিলনি
কাউৰীৰ কা আৰু পাৰৰ ৰুণ–ৰণনি
থুনুক–থানাক কাৰোবাৰ মাত
খিৰিকীৰে ভাহি অহা গুঞ্জন, অস্ফুট কথোপকথন
স্মৃতিৰে ৰাঙলী মোৰ বন্য ল’ৰালি…৷৷
অস্থিৰ কাব্য
তুমি দুহাত মেলি দিলেইতো
মোৰ ৰাতি নুপুৱায়
তুমি চুই দিলেইতো শেষ নহয়
মোৰ বিষণ্ণতা
বৰঞ্চ মই অন্ধ হৈ পৰোঁ…
লুপ্ত হওঁ তোমাৰ কথাৰ বসন্তত
যদি পাৰা…
লিখি দিয়া মোৰ অভিধানত পোহৰ,
সীমাহীন পোহৰ
যাতে মই সঁচাকৈয়ে অন্ধ হ’ব পাৰোঁ৷৷
অহিৰ ভৈৰৱ
অস্তগামী সূর্যৰ হেঙুলী কিৰণে
আৱৰিছে মাতৃক
সৃষ্টি–স্থিতি–প্রলয়ৰ্ নাবিক আমি
মাতৃৰ তেজ, শৰীৰ পাৰ হৈ–
পৃথিৱী ভেদি সাবটিছোঁ জীৱনক
জীৱন এক নিমিত্ত
জন্ম দিম এক চিৰ নতুন ভ্রূণ–
যাৰ মাজত খিলখিলাই হাঁহিব–
সুন্দৰৰ ভাস্বত পোহৰ৷
অন্য এক আৱেগ
আকণ্ঠ পান কৰিব দিয়া মোক
তোমাৰ প্রেমৰ সৰোবৰ
বহু যুগ মই পিয়াহত আছোঁ
পুৰি ছাই হ’ব দিয়া মোক
তোমাৰ ৰৌদ্রৰ প্রখৰতাত
ভস্মীভূত হ’ব দিয়া
মোৰ জর্জৰিত দেহা…
মোৰ ছালৰ কোঁহে কোঁহে
কিলবিলাই ফুৰিছে তোমাৰ
স্পর্শৰ নিৰৱচ্ছিন্ন সুখ
তুমি সপোন নে দিঠক
মই আজিও নাজানিলোঁ৷৷
ভংগুৰ কাব্য
প্রতিপল আমি এক ভংগুৰ কাব্যৰ
অৱক্ষয়িত ৰূপ…
প্রতিপল আমি এক
অনির্দিষ্ট যাত্রাৰ অক্লান্ত পথিক
আমাৰ সিৰে সিৰে শিপাই আহে
অদৃষ্টৰ ক’লা হাতোৰা
আমাৰ ৰন্ধ্রে–ৰন্ধ্রে ধোঁৱা
ধূলিৰ দূষিত বাষ্প
তথাপিতো আমি আগুৱাই যাওঁ
কিজানিবা ক’ৰবাত পাওঁ
সপোনৰ সুন্দৰ পৰশ
স্বপ্ণাতুৰ আমি জন্মগত
সৌন্দর্য আমাৰ লগৰী…
নির্বিকাৰ প্রহৰী
আগুৱাই যোৱা
বিন্দুৰ পৰা সিন্ধুলৈ৷৷
মই (প্রথম খণ্ড)
কাব্য মই, গান মই,
শব্দ মই, ছন্দ মই…
সুৰ মই, তাল মই,
নৃত্য মই, লয় মই…
– –
নাট মই, বাদ্য মই,
ৰং মই, মঞ্চ মই…
যন্ত্র মই, তন্ত্র মই,
মন্ত্র মই, ব্রহ্ম মই…
– –
শক্তি মই, মুক্তি মই,
যুক্তি মই, তর্ক মই…
উচ্চ মই, নিম্ন মই,
মধ্য মই, তুচ্ছ মই…
– –
দুষ্ট মই, ভ্রষ্ট মই,
নষ্ট মই, কষ্ট মই…
দেহ মই, আত্মা মই,
জীউ মই, মৃত্যু মই…
অগ্ণি মই, ঘাঁহ মই,
বজ্র মই, বৃষ্টি মই…
পানী মই, বায়ু মই
শস্য মই, ফুল মই
– –
পাহাৰ মই, ভৈয়াম মই,
নদী মই, সাগৰ মই…
হিংসা মই, শান্তি মই,
সৃষ্টি মই, ধ্বংস মই…
– –
তেজ মই, মাংস মই,
পোহৰ মই, এন্ধাৰ মই…
মাটি মই, আকাশ মই,
অসীম মই, সীমা মই…
– –
হাঁহি মই, অশ্রু মই,
সুখ মই, দুখ মই…
নিজৰ মই, লোকৰ মই,
মোৰ মই, তই মই…
মেটামৰফ’ছিছ
মই যদি ঈশ্বৰ হ’লোহেঁতেন
আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন
নতুনকৈ সৃষ্টি কৰিলোঁহেঁতেন
আৰু এবিধ মানুহৰ দৰে
জন্তু, যি… মাৰি কাটি
খাই বৈ শুই জীয়াই নাথাকি
আৰু বহুত কিবাকিবি
কৰিলেহেঁতেন…৷৷
দিলোঁহেঁতেন এটা মস্তিষ্ক,
যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে
যি মস্তিষ্কত দৌৰিব অনুভূতি, আৱেগ
উচ্চাকাংক্ষা আৰু দূৰদর্শনৰ অনির্বাণ
অশ্বমেধ ঘোঁৰা৷
যি মস্তিষ্কত আস্ফালিত
হ’ব পৰিৱর্তন, আৱর্তন আৰু নিয়ন্ত্রণৰ
ন ন সূত্র৷
দিলোঁহেঁতেন আৰু এযুৰিHi-Power চকু
যাৰ মাজেদি সকলো
সঁচা বস্তু দৃশ্যমান
দিলোঁহেঁতেন দুখনExtra কাণ
পদধ্বনি
এন্ধাৰে যেতিয়া খোজ পেলায়
তেতিয়া কোনেও নুশুনে–
কাৰণ– পোহৰ সকলোৰে বৰ প্রিয়
ৰাতিটো পাৰ হ’লেই হ’ল
সকলোৱে জানে–
পোহৰ থাকে ৰৈ…
চিৰদিন চিৰকাল…
কিন্তু কোনেও নাভাবে
এন্ধাৰ আৰু পোহৰৰ মাজত
আছে এক নিবিড় ক্ষণ
যেতিয়া এন্ধাৰে সাবটে পোহৰক…
আৰু পোহৰে এন্ধাৰক…
এতিয়া আমাক এযুৰি চকুৰ প্রয়োজন
যি নেদেখে এন্ধাৰ, নেদেখে পোহৰ
দেখে মাথোঁ সেই ক্ষণ…
যেতিয়া এন্ধাৰ আৰু পোহৰ
দুয়ো দুয়োতে বিলীন…
সমুখত সু–সময়ৰ উশাহ অন্তহীন৷৷
এবুকু শব্দ
চকুৰ পানীৰ উষ্ণতাই আজিকালি মোক
আনন্দ দিয়ে
সিহঁত যেতিয়া টপ টপকৈ সৰে
মোৰ মনত পৰে, তোমাৰ দুভৰিৰ
জুনুকা, যেন…
তুমি এইমাত্র পাৰ হৈ গ’লা কাষেদি
তোমাক ধৰিও ৰাখিব নোৱাৰোঁ…
হয়তো তুমি বতাহৰ দৰে
পাৰ হৈ যোৱা আঙুলিৰ ফাঁকেৰে,
অন্ধকাৰ আজিকালি ৰৈ থাকে
মোৰ বাবে বৰ আগ্রহেৰে
কেতিয়াবা পোহৰ নাইকিয়া
নহওঁতেই ওলাইহি ভুটুংকৈ, শক্তি দিয়ে
জীয়াই থাকিবলৈ, কান্দিবলৈ…
… আৰু…
আৰু… তোমাক ভাবিবলৈ…
…হেঁপাহ কঢ়িয়াবলৈ…
মই তোমাৰ মাজত
নক’বা, মোক নক’বা তুমি
নক’বা মই স্বার্থপৰ
এহেজাৰ বছৰ জীয়াই আছোঁ মই
এহেজাৰ বছৰ থাকিমো মই
মই/মই/মই/মই
মই/মই/মই
মই তোমাৰ মাজত
তেজত, ৰঙত, ৰ’দত, বৰষুণত জহি, খহি, হাঁহি, কান্দি
অশ্রুৰ বর্ণহীন ইতিহাসত৷৷