নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটো মোৰ বাবে স্মৰণীয়ঃ লাভলীনা

আজি আনুষ্ঠানিকভাৱে অসম আৰক্ষীত নিযুক্তি লাভ কৰিলে অলিম্পিকত পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহায়ে। অসম আৰক্ষীত উপ-আৰক্ষী অধীক্ষকৰূপে নিযুক্তি দিয়া হ’ল লাভলীনাক। আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰিলে লাভলীনাক। প্ৰথমে গামোচা আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতে নিযুক্তি পত্ৰ আগবঢ়াই দিয়ে।

লাভলীনাই নিজৰ ভাষণত কয় যে আজিৰ দিনটো তেওঁৰ বাবে স্মৰণীয়, তেওঁ অত্যন্ত সুখী। নিজৰ লক্ষ্যত উপনীত হ’বলৈ আৰু অসমৰ নাম উজলাবলৈ তেওঁ সদায়ে চেষ্টা কৰি যাব। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল লাভলীনাই। আজিৰ অনুষ্ঠানত উপস্থিত থাকে ডিজিপি ভাস্কৰজ্যোতি মহন্ত, মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি অসম আৰক্ষীৰ বহু বিশিষ্ট ব্যক্তি।

You might also like