নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটক বিদায় ইউছুফ পাঠান, বিনয় কুমাৰৰ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ক্রিকেটৰ পথাৰত পুনৰ দেখিবলৈ পোৱা নাযাব ইউছুফ পাঠান আৰু বিনয় কুমাৰক৷ ভাৰতীয় দলৰ একালৰ নির্ভৰযোগ্য অলৰাউণ্ডাৰ ইউছুফ পাঠান আৰু বেগী বলাৰ বিনয় কুমাৰে আজি সকলো প্রকাৰৰ ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰে৷ ভাৰতৰ হৈ ৫৭খন এদিনীয়া আৰু ২২খন টি–২০ মেচ খেলা বৰোদাৰ অলৰাউণ্ডাৰ ইউছুফে ২০১১ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰো অন্যতম সদস্য আছিল৷ ২০১২ত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে তেওঁ অন্তিমবাৰৰ বাবে ভাৰতীয় দলৰ হৈ টি–২০ খেলিছিল৷

ইফালে, কর্ণাটকৰ ৩৭ বছৰীয়া বেগী বলাৰ বিনয় কুমাৰে দেশৰ হৈ এখন টেষ্ট, ৩১খন এদিনীয়া আৰু ৯খন টি–২০ মেচ খেলাৰ সৌভাগ্য অর্জন কৰিছিল৷ ২০১৩–১৪ আৰু ২০১৪–১৫ বর্ষত বিনয় কুমাৰৰ নেতৃত্বত কর্ণাটকে একেৰাহে দুবাৰ ৰঞ্জি ট্রফীৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷ ক্রিকেটক বিদায় জনোৱা এই দুয়োগৰাকী জ্যেষ্ঠ ক্রিকেটাৰক অনাগত জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছে শচীন তেণ্ডুলকাৰ, ৰাহুল দ্রাবিড়, অনিল কুম্বলে, বীৰেন্দ্র সেৱাগ, বিৰাট কোহলি, ৰোহিত শর্মা আদিৰ দৰে প্রাক্তন তথা বর্তমানৰ ক্রিকেটাৰসকলে৷

You might also like