নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ত ৬০০ উইকেট লৈ বিশ্বাভিলেখ ডুৱেইন ব্রেভ’ৰ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: কিছুদিন পূর্বে টি–২০ ক্রিকেটত অভিলেখ গঢ়িছিল কিৰন প’লার্ডে৷ এইবাৰ আৰু এগৰাকী কেৰিবিয়ান ক্রিকেটাৰ ডুৱেইন ব্রেভ’ৱে টি–২০ ক্রিকেটত অভিলেখ প্রতিষ্ঠা কৰিছে৷ বিশ্বৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে টি–২০ত তেওঁ ৬০০ উইকেট দখল কৰিছে৷ ইংলেণ্ডত দ্য হাণ্ড্রেড প্রতিযোগিতাত নর্দার্ন ছুপাৰ চার্জার্ছৰ হৈ খেলাৰ সময়ত এই অভিলেখ স্থাপন কৰে ব্রেভ’ৱে৷ অ’ভেল ইনভিনছিবলছৰ বিৰুদ্ধে মেচখনত খেলিবলৈ নমাৰ আগতে টি–২০ ক্রিকেটত তেওঁৰ চিকাৰ আছিল ৫৯৮টা উইকেট৷ ৰিলী ৰছোউক আউট কৰি ৫৯৯সংখ্যক উইকেট দখল কৰে ব্রেভ’ৱে৷ ইয়াৰ পিছত ছাম কাৰেনক আউট কৰি ৬০০ উইকেটৰ মাইলৰ খুঁটি স্পর্শ কৰে তেওঁ৷ ৫৪৫সংখ্যক টি–২০ মেচত বিশ্বৰ প্রথম ক্রিকেটাৰ হিচাপে ৬০০ উইকেট দখল কৰাৰ গৌৰৱ অর্জন কৰে ব্রেভ’ৱে৷

You might also like