নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসন্তুষ্ট ফিফাঃ ভাৰতৰ পৰা স্থানান্তৰিত হ’ব ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: ফুটবল ফেডাৰেচনত তৃতীয় পক্ষৰ হস্তক্ষেপ বিষয়টোক লৈ ফিফাৰ শাস্তিৰ আশংকা ক্রমান্বয়ে বৃদ্ধি পাইছে৷ ভাৰতৰ বিপক্ষে শাস্তিৰ ব্যৱস্থা কৰিলে এই দেশৰ পৰা স্থানান্তৰিত কৰা হ’ব ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ৷ এনে পৰিস্থিতিত এই বিষয়ক লৈ বৈঠকত বহিব কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ৰ প্রতিনিধি৷ এই বৈঠকত থাকিব ফেডাৰেচনৰ দায়িত্বত থকা প্রশাসকসকলৰ কমিটী বা চি’এৰ প্রতিনিধিসকল৷ অৱশ্যে চি’এৰ প্রতিনিধিৰ সৈতে ফিফাই কথা পাতিবনে নাপাতে, সেয়া স্পষ্ট নহয়৷

উল্লেখ্য যে নির্বাচন বিষয়ক লৈ ফেডাৰেচনত ধুমুহাৰ সৃষ্টি হৈছে৷ উচ্চতম ন্যায়ালয়ে তিনি সদস্যৰ প্রশাসনিক সমিতি গঠন কৰি তেওঁলোকৰ ওপৰত নির্বাচন বিধি তৈয়াৰ কৰাৰ দায়িত্ব দিছিল৷ কমিটীয়ে তৈয়াৰ কৰা নির্বাচন বিধিক লৈ আপত্তি দর্শাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাজ্য সংস্থাসমূহ৷ এই পৰিস্থিতিত দ্রুত নির্বাচিত গৱর্নিং বডীৰ হাতত ফেডাৰেচনৰ দায়িত্ব অর্পণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ ফিফা আৰু এএফচিৰ তৰফৰ পৰা নির্দেশ দিয়া হৈছে৷ আনকি নির্দেশ অমান্য কৰা হ’লে ভাৰতক নির্বাসিত কৰা হ’ব বুলিও জনোৱা হৈছে৷ নির্বাসনৰ সন্মুখীন হ’লে অক্টোবৰত অনুষ্ঠিত হ’ব লগা ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ভাৰতৰ পৰা স্থানান্তৰ কৰা হ’ব৷ অৱশ্যে বিশ্বকাপ যাতে ভাৰততে অনুষ্ঠিত হয়, তাক নিশ্চিত কৰিবলৈ ক্রীড়া মন্ত্রালয় বদ্ধপৰিকৰ৷ সেইবাবে তেওঁলোকে চি’এক সংগী কৰি ফিফাৰ সৈতে বৈঠকত বহিব৷

You might also like