নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেনিছ এৰাৰ ইংগিত ছেৰেনাৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ  টেনিছৰ পৰা অৱসৰৰ ইংগিত দিলে ছেৰেনা উইলিয়ামছে৷ এক সাক্ষাৎকাৰত টেনিছ তাৰকাগৰাকীয়ে ইউ এছ অ’পেনৰ পূর্বেই অৱসৰৰ সিদ্ধান্ত গ্রহণ কৰিব পাৰে বুলি জানিবলৈ দিছে৷ ছেৰেনাই এই প্রসংগত উল্লেখ কৰিছে ‘মোৰ বাবে এইটো আটাইতকৈ কঠিন সিদ্ধান্ত৷ মই খেলা এৰিব নিবিচাৰোঁ৷ কিন্তু ইয়াৰ লগতে এই কথাও কওঁ যে মই ভৱিষ্যতৰ বাবে সাজু৷’ ছেৰেনাৰ এই মন্তব্যৰ পিছতেই ধাৰণা হৈছে যে ২৩ বাৰৰ গ্রেণ্ডশ্লাম বিজয়ী তাৰকাগৰাকীয়ে টেনিছ জগতৰ পৰা অৱসৰ গ্রহণ কৰিব৷

উল্লেখ্য যে চলিত বর্ষৰ উইম্বলডনত খেলিব পৰা নাছিল ছেৰেনাই৷ এই মাহৰ শেষত অনুষ্ঠিত হ’ব লগা ইউ এছ অ’পেনত তেওঁ খেলাক লৈও নিশ্চিত নহয়৷ অৱশ্যে প্রতিযোগিতাখনত খেলিবলৈ চেষ্টা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ ছেৰেনাই কয় ‘মই উইম্বলডনৰ বাবে সাজু নাছিলোঁ৷ ইউ এছ অ’পেনত খেলিব পাৰিম নে নোৱাৰিম সেয়াও নিশ্চিত নহয়৷ তথাপি ইয়াৰ বাবে চেষ্টা চলাম৷’ উল্লেখ্য যে তেওঁ চলিত টৰণ্টো অ’পেনৰ দ্বিতীয় ৰাউণ্ডত প্রৱেশ কৰিছে৷

You might also like