নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সলনি হ’ব কাটাৰ বিশ্বকাপ ফুটবলৰ সূচী

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ  হঠাৎ সলনি হ’ল কাটাৰ বিশ্বকাপ ফুটবলৰ আৰম্ভণিৰ দিন৷ নির্ধাৰিত সূচীৰ এদিন পূর্বে আৰম্ভ হ’ব ফিফাৰ সন্মানীয় প্রতিযোগিতাখন৷ এই সিদ্ধান্ত গ্রহণ কৰিছে বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থাটোৱে৷ ২১ নৱেম্বৰ সোমবাৰৰ পৰিৱর্তে ২০ নৱেম্বৰ দেওবাৰে আৰম্ভ হ’ব কাটাৰ বিশ্বকাপ ফুটবল৷ পূর্বৰ সূচী অনুযায়ী ২১ নৱেম্বৰত ছেনেগাল আৰু নেদাৰলেণ্ডছৰ মাজত হ’বলগীয়া মেচখনৰ জৰিয়তে কাটাৰ বিশ্বকাপ ফুটবল আৰম্ভ হোৱাৰ কথা আছিল৷ কিন্তু বিশ্ব ফুটবলৰ নিয়ামক সংস্থাই সদৰী কৰিছে যে ২০ নৱেম্বৰত আয়োজক কাটাৰৰ মুখামুখি হ’ব ইকুৱেড’ৰ৷

বিশ্বকাপৰ উদ্বোধনী মেচত আয়োজক দেশখনক খেলাৰ সুযোগ দিয়াৰ বাবেই এই সিদ্ধান্ত লৈছে ফিফাই৷ বিশ্বকাপখন এদিন আগুৱাই অনাৰ সিদ্ধান্ত অৱশ্যে এতিয়াও চূড়ান্ত হোৱা নাই৷ ফিফা কাউঞ্চিলৰ অনুমোদন পোৱাৰ পিছতেই কাটাৰ বিশ্বকাপ এদিন আগুৱাই অনাৰ সিদ্ধান্ত চূড়ান্ত হ’ব৷ কাউঞ্চিলৰ অনুমোদন লাভ কৰাত কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহ’ব বুলি আশা ব্যক্ত কৰিছে ফিফাৰ সভাপতি জিয়ামি ইনফাণ্টিনো৷ কাউঞ্চিলৰ অনুমোদন লাভ কৰাৰ পিছতেই কাটাৰ বিশ্বকাপৰ আৰম্ভণিৰ নতুন দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ফিফাই৷ বিশ্বকাপখন এদিন আগুৱালেও ফাইনেল মেচৰ দিনৰ কোনো সালসলনি নঘটে৷ ১৮ ডিচেম্বৰতেই অনুষ্ঠিত হ’ব খিতাপ যুঁজৰ মেচখন৷

বিগত চাৰিখন বিশ্বকাপৰ উদ্বোধনী মেচত আয়োজক দেশে ভাগ লৈছে৷ আগন্তুক কাটাৰ বিশ্বকাপৰ সূচীৰ প্রথম দিন ২১ নৱেম্বৰত কাটাৰ–ইকুৱেডৰৰ মেচ অনুষ্ঠিত হ’ব৷ অৱশ্যে এই মেচখন প্রতিযোগিতাখনৰ তৃতীয়খন মেচ হ’ব৷ সেয়ে এই মেচখন এদিন আগুৱাই অনাৰ সিদ্ধান্ত লয় ফিফাই৷ অৱশ্যে বিশ্বকাপৰ বাকী খেলসমূহৰ কোনোধৰণৰ সালসলনি নহয় বুলি মন্তব্য কৰিছে ফিফাই৷ সূচীৰ সালসলনিৰ ফলত ২১ নৱেম্বৰৰ ছেনেগাল–নেদাৰলেণ্ড মেচখন হ’ব প্রতিযোগিতাখনৰ দ্বিতীয়খন মেচ৷ ২১ নৱেম্বৰৰ ইংলেণ্ড–ইৰানৰ মেচৰ সময়ো পৰিৱর্তন নহয়৷

You might also like