নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম ভাৰতীয়: এটা ছিজনত ৮০০ৰো অধিক ৰান পৃথ্বিৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ বিজয় হাজাৰে ট্রফী এদিনীয়া ক্রিকেট প্রতিযোগিতাত আন এক বিৰল কৃতিত্ব অর্জন কৰিছে মুম্বাইৰ উদীয়মান তাৰকা পৃথ্বি শ্বই৷ আজি সামৰণি পৰা ঘৰুৱা প্রতিযোগিতাখনত এটা দ্বিশতকসহ চাৰিটাকৈ শতক অর্জন কৰি ৰানৰ জোৱাৰ তোলা প্রতিভাৱান অ’পেনাৰগৰাকীয়ে দেওবাৰে বিজয় হাজাৰে ট্রফীৰ এটা ছিজনত ৮০০ৰো অধিক ৰান সংগ্রহ কৰা প্রথমগৰাকী বেটছমেন হিচাপে অভিলেখ ৰচিছে৷

দেওবাৰে অনুষ্ঠিত ফাইনেলত তেওঁ উত্তৰ প্রদেশৰ বিৰুদ্ধে দুর্দান্ত বেটিঙেৰে মাত্র ৩৯ বলত ৭৩ ৰানৰ আকর্ষণীয় ইনিংছ খেলিবলৈ সক্ষম হয়৷ প্রতিযোগিতাখনত ২১ বছৰীয়া পৃথ্বি শ্বই মুঠ ৮২৭ ৰান সংগ্রহ কৰে৷ ইয়াৰ পূর্বে তেওঁ কিছুদিন পূর্বে মায়ংক আগৰৱালৰ অভিলেখ ভংগ কৰি এটা ছিজনত সর্বাধিক ৰান সংগ্রহকাৰী খেলুৱৈ হিচাপে চিহ্ণিত হৈছিল৷

You might also like