নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭৭ : আইপিএলত সর্বাধিক ৰানৰ অভিলেখ ছানৰাইজার্ছৰ

বিশেষ বাৰ্তা, ২৮ মার্চ : আইপিএলৰ ইতিহাসত সর্বাধিক ৰান কৰাৰ অভিলেখ অর্জন কৰিলে ছানৰাইজার্ছ হায়দৰাবাদে৷ চলিত আইপিএলৰ কালি হায়দৰাবাদত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে অনুষ্ঠিত মেচখনত ছানৰাইজার্ছ হায়দৰাবাদে ২৭৭ ৰান কৰি আইপিএলৰ ইতিহাসত সর্বাধিক ৰান কৰাৰ অভিলেখ গঢ়ে৷ ছানৰাইজার্ছে ১১ বছৰ পূর্বে আৰচিবিয়ে কৰা সর্বাধিক ২৬৩ ৰানৰ অভিলেখটো ভংগ কৰে৷ মন কৰিবলগীয়া যে ২০১৩ চনৰ ২৩ এপ্রিলত আৰচিবিয়ে পুনে ৱাৰিয়র্ছৰ বিপক্ষে ২৬৩ ৰান কৰিছিল৷ কালিৰ মেচখনত ছানৰাইজার্ছ হায়দৰাবাদৰ এই বৃহৎ স্ক’ৰৰ মূলতেই আছিল অভিষেক শর্মা, ট্রেফিছ হেড আৰু হেনৰিখ ক্লাছেনৰ বিস্ফোৰক বেটিং৷ ক্লাছেনে ৩৩টা বলত ৪টা চাৰি আৰু ৭টা ছয়েৰে ৮০ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে অভিষেক শর্মাই ২৩টা বলত ৩টা চাৰি আৰু ৭টা ছয়েৰে ৬৩, ট্রেফিছে ২৪টা বলত ৯টা চাৰি আৰু তিনিটা ছয়েৰে ৬২ ৰান কৰে৷ মার্কৰামে ২৮টা বলত ৪২ ৰান কৰি অপৰাজিত হৈ থাকে৷ ছানৰাইজার্ছে ৩ উইকেটত ২৭৭ ৰান কৰে৷

You might also like